এয়াৰটেল পেমেণ্টছ বেংক

পেমেন্টছ বেংক

এয়াৰটেল পেমেন্টছ বেংক হৈছে ভাৰতৰ এখন অগ্ৰণী পেমেন্টছ বেংক। ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত।[1] এই কোম্পানীটো ভাৰতী এয়াৰটেল লিমিটেড (চমুকৈ এয়াৰটেল)ৰ সহযোগী প্ৰতিষ্ঠান।[2] ২০২২ চনৰ ৫ জানুৱাৰীত ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰ.বি.আই আইন, ১৯৩৪ৰ দ্বিতীয় সূচী অনুসৰি ইয়াক অনুসূচিত বেংকৰ মৰ্যাদা প্ৰদান কৰে।[3]

ইতিহাস সম্পাদনা কৰক

২০১৫ চনত মুঠ এঘাৰটা কোম্পানীয়ে লাইচেন্সিং অৱ পেমেণ্টছ বেংক নিৰ্দেশনাৰ অধীনত পেমেণ্টছ বেংক স্থাপনৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা অনুমতি লাভ কৰিছিল।[4]

২০১৬ চনৰ ১১ এপ্ৰিলত এয়াৰটেল পেমেণ্টছ বেংকে বেংকিং ৰেগুলেচন এক্ট, ১৯৪৯ৰ ধাৰা ২২(১)ৰ অধীনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা পেমেণ্টছ বেংকৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হয়।[5] এয়াৰটেল পেমেণ্টছ বেংক ভাৰতী এয়াৰটেল লিমিটেড আৰু কোটক মহিন্দ্ৰা বেংকৰ মাজত ৮০:২০ৰ অংশীদাৰিত্বৰে আৰম্ভ কৰা হৈছিল।[6]

সেৱাসমূহ সম্পাদনা কৰক

এয়াৰটেল পেমেণ্টছ বেংকৰ মুঠ ৬.২ কোটি ব্যৱহাৰকাৰী আছে আৰু ইয়াৰ ডিজিটেল প্লেটফৰ্ম আৰু খুচুৰা ভিত্তিক বিতৰণ নেটৱৰ্কৰ জৰিয়তে তেওঁলোকে সেৱা আগবঢ়ায়। বেংকে ৫ লাখৰো অধিক বেংকিং পইণ্টৰ নেটৱৰ্ক গঢ়ি তুলিছে।

ডিজিটেল পেমেণ্ট সম্পাদনা কৰক

২০১৭ চনৰ ছেপ্টেম্বৰ মাহত এয়াৰটেল পেমেণ্টছ বেংকে নিৰাপদ ডিজিটেল পেমেণ্টৰ সুবিধাৰ বাবে ইউ.পি.আই সেৱা আৰম্ভ কৰে। গ্ৰাহকে ইউ.পি.আই পেমেণ্ট কৰাৰ আগতে নিজৰ হিচাপ খাতা যোগ কৰিব লাগে। ইউ.পি.আই ভিত্তিক পেমেণ্ট আৰু ট্ৰেন্সফাৰ সুবিধাজনক আৰু সুৰক্ষিত।

এয়াৰটেল মানি হৈছে এয়াৰটেল পেমেণ্ট বেংকৰ ডিজিটেল ৱালেট যিয়ে ব্যৱহাৰকাৰীক মাই এয়াৰটেল এপ নতুবা ইউ.এছ.এছ.ডি (*৪০০#) ব্যৱহাৰ কৰি পেমেণ্ট কৰিবলৈ অনুমতি দিয়ে।

ইয়াৰ উপৰিও ই এটা চেভিংছ একাউণ্টৰ সুবিধা প্ৰদান কৰে, য’ত গ্ৰাহকক ভিডিঅ’ কে.ৱাই.চিৰ জৰিয়তে ডিজিটেলভাৱে অনব’ৰ্ড কৰিব পাৰি।

ফাষ্টটেগ সম্পাদনা কৰক

এয়াৰটেল পেমেণ্টছ বেংকে ২০১৯ চনৰ নৱেম্বৰ মাহত অফলাইন আৰু অনলাইনত ফাষ্টটেগ জাৰি কৰাৰ কাম আৰম্ভ কৰিছিল।[7]

এয়াৰটেল ছেফ পে সম্পাদনা কৰক

২০২১ চনত এয়াৰটেল পেমেন্টছ বেংকে এয়াৰটেল ছেফ পে আৰম্ভ কৰিছিল যিয়ে পেমেণ্টৰ বৈধকৰণৰ অতিৰিক্ত স্তৰ প্ৰদান কৰে।[8]

ডিজিটাল গোল্ড সম্পাদনা কৰক

২০২১ চনৰ মে’ মাহত এয়াৰটেল পেমেণ্টছ বেংকে ডিজিগ’ল্ড নামৰ সোণত বিনিয়োগ কৰাৰ বাবে ডিজিটেল প্লেটফৰ্ম মুকলি কৰে। ডিজিটেল গোল্ডৰ সেৱা প্ৰদানকাৰী ছেফগল্ডৰ সৈতে অংশীদাৰিত্বৰে ডিজিগল্ড মুকলি কৰা হৈছে।[9]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. https://m.timesofindia.com/business/india-business/mittal-to-merge-airtel-payments-with-paytm/articleshow/98222474.cms
  2. Jain, Upasana (23 November 2016). "Airtel launches India's first payments bank". livemint.com. https://www.livemint.com/Industry/fcR6oefmVxL8A8rzVB4TJK/Airtel-launches-Indias-first-payments-bank.html. 
  3. "airtel: Airtel Payments Bank gets scheduled bank status from RBI - Times of India" (en ভাষাত). The Times of India. PTI. https://timesofindia.indiatimes.com/business/india-business/airtel-payments-bank-gets-scheduled-bank-status-from-rbi/articleshow/88698100.cms. 
  4. "Airtel Payments Bank goes live with pilot project in Rajasthan". Business Standard India. Press Trust of India. 2016-11-24. https://www.business-standard.com/article/companies/airtel-payments-bank-goes-live-with-pilot-project-in-rajasthan-116112300714_1.html#:~:text=Airtel%20Payments%20Bank,%20a%20subsidiary,go%20live%20in%20the%20country.. 
  5. "Airtel M-Commerce Services Ltd rechristened as Airtel Payments Bank Ltd Company unveils new brand identity". Bharti Airtel. 16 January 2017. Archived from the original on 16 January 2017. https://web.archive.org/web/20170116145005/http://www.bharti.com/wps/wcm/connect/bhartiportal/bharti/home/media_centre/press_releases/fy2015-2016/airtel%20m-commerce%20services%20ltd%20rechristened%20as%20airtel%20payments%20bank%20ltd%20company%20unveils%20new%20brand%20identity। আহৰণ কৰা হৈছে: 26 March 2023. 
  6. "Airtel Payments Bank launched, with vow to shake up old banking system" (en ভাষাত). mint. 12 January 2017. https://www.livemint.com/Industry/FxxxxsTZvCQuJt4I90upnK/Airtel-Payments-Bank-to-be-launched-today.html. 
  7. "Airtel Payments Bank, Park+ tie up to offer FASTag-based parking solutions". Business Standard India. 6 January 2022. https://www.business-standard.com/article/companies/airtel-payments-bank-park-tie-up-to-offer-fastag-based-parking-solutions-122010600941_1.html. 
  8. Guha, Ishita (20 January 2021). "Airtel Payments Banks launches ‘safe pay’ to curb online frauds" (en ভাষাত). mint. https://www.livemint.com/companies/news/airtel-payments-banks-launches-safe-pay-to-curb-online-frauds-11611135817629.html. 
  9. "Airtel Payments Bank launches 'DigiGold' platform for customers to invest in gold". The Economic Times. https://economictimes.indiatimes.com/tech/tech-bytes/airtel-payments-bank-launches-digigold-platform-for-customers-to-invest-in-gold/articleshow/82607299.cms.