মূল মেনু খোলক

এলক'হল (ইংৰাজীAlcohol) হৈছে একপ্ৰকাৰৰ জৈৱ যৌগ। ইহঁতৰ হাইড্ৰ'ক্সিল কাৰ্যকৰী গোটটো এটা এলকাইল বা এৰাইল গোটৰ কাৰ্বনৰ সৈতে এটা বন্ধনত আবদ্ধ হৈ থাকে। সাধাৰণভাৱে এলক'হলক CnH2n+1OH এই সাধাৰণ সূত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়।

বান্ধনি কোণৰ সৈতে হাইড্ৰ'ক্সিল কাৰ্যকৰী গোট (-OH)

এলক'হল শব্দটো আৰবি শব্দ "আল-কুহ"ৰ পৰা আহিছে যাৰ অৰ্থ সাধাৰণভাৱে ইথানল। ইথানল এবিধ বৰণহীন উদ্বায়ী তৰল যাক কিন্বনৰ মাধ্যমত শৰ্কৰাৰ পৰা তৈয়াৰ কৰা হয়।

সূচী

শ্ৰেণীকৰণসম্পাদনা কৰক

এলক'হলক সাধাৰণতে প্ৰাথমিক (১ ডিগ্ৰী), গৌণ (২ ডিগ্ৰী) আৰু টাৰছিয়াৰি তৃতীয় পৰ্যায়ৰ, ৩ ডিগ্ৰী) এই তিনভাগত ভাগ কৰা হয়। ইথানল, আইচ'প্ৰপাইল এলক'হল, টাৰছিয়াৰি বিউটাইল এলক'হল যথাক্ৰমে প্ৰাথমিক, গৌণ আৰু টাৰছিয়াৰি এলক'হলৰ সৰল উদাহৰণ। একমাত্ৰ ব্যতিক্ৰম হৈছে ফিনল (কাৰ্বলিক এচিড)। ফিনলৰ হাইড্ৰ'ক্সিল কাৰ্যকৰী গোট ফিনাইল (এৰাইল) গোটৰ লগত সাধাৰণ এলক'হলৰ দৰেই এটা বন্ধনেৰে যুক্ত, কিন্তু ইয়াৰ ৰাসায়নিক ধৰ্ম সাধাৰণ এলক'হলতকৈ সম্পূৰ্ণৰূপে পৃথক। সেয়ে ফিনলক এলক'হলৰ সমগোত্ৰীয় বুলি ধৰা নহয়।

সাধাৰণ এলক'হলসম্পাদনা কৰক

সকলোতকৈ সৰল আৰু বহুল ব্যৱহৃত এলক'হলৰ ভিতৰত মিথানল আৰু ইথানল উল্লেখযোগ্য।

নামকৰণসম্পাদনা কৰক

IUPAC নিময় অনুসৰি এলকেনৰ নামৰ শেষৰ "e"ৰ পৰিৱৰ্তে "ol" বহুৱাই এলক'হলৰ নামকৰণ কৰা হয়। যেনে মিথেন আৰু ইথেনৰ (Methane, Ethane) শেষৰ "e"ৰ পৰিৱৰ্তে "ol" বহুৱাই যথাক্ৰমে মিথানল আৰু ইথানল (Methanol, Ethanol) নামকৰণ কৰা হয়। হাইড্ৰ'ক্সিল কাৰ্যকৰী গোটৰ অৱস্থান বুজাবলৈ "e"ৰ পৰিৱৰ্তে "ol" বহুৱাৰ আগেয়ে সংখ্যা ব্যবহাৰ কৰা হয়। যেনে CH3+CH2+CH2+OH ক প্ৰ'পান-ৱান-অল (propan-1-ol), CH3+CH+OH+CH3ক প্ৰ'পান-টু-অল (propan-2-ol) বুলি কোৱা হয় (দুয়োটাকে প্ৰ'পানল আৰু প্ৰ'পাইল এলক'হল বুলিও কোৱা হয়)। আন প্ৰকাৰে এলকাইল গোট বা অন্য কোনো কাৰ্বন শৃংখলৰ নামৰ শেষত "এলক'হল" বহুৱাইও নামকৰণ কৰা হয়। যেনে মিথেন আৰু ইথেনৰ পৰা যথাক্ৰমে মিথাইল আৰু ইথাইল গোট আহে আৰু ইহঁতৰ সংশ্লিষ্ট এলক'হলক যথাক্ৰমে মিথাইল এলক'হল আৰু ইথাইল এলক'হল বুলি নামকৰণ কৰা হয়।

তথ্য সংগ্ৰহসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক