এলডোজ পল (ইংৰাজী: Eldhose Paul; জন্ম: ৭ নৱেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় খেলুৱৈ। তেওঁ এথলেটিকছ বিভাগৰ ট্ৰিপল জাম্পত প্ৰতিদ্বন্দ্বিতা কৰে। ২০২২ চনত তেওঁ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ট্ৰিপল জাম্পৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।[3] ২০২২ চনৰ কমনৱেলথ গেমছত তেওঁ পুৰুষৰ ট্ৰিপল জাম্পত সোণৰ পদক লাভ কৰে। ইয়াৰ লগেলগে তেওঁ কমনৱেলথ গেমছৰ এই প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।[4]

এলডোজ পল

আগষ্ট ২০২২ত পল
ব্যক্তিগত তথ্যাৱলী
জন্ম ৭ নৱেম্বৰ, ১৯৯৬ (২৭ বছৰ)
এৰ্নাকুলাম, কেৰালা, ভাৰত
শিক্ষানুষ্ঠান মাৰ এথানাচিয়াছ কলেজ, কোঠামংগলাম[1]
ক্ৰীড়া
শিতান ট্ৰিপল জাম্প
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
ব্যক্তিগত শ্ৰেষ্ঠ ১৭.০৩ মি[2]

তথ্যসূত্ৰ সম্পাদনা কৰক