এলিজাবেথ ক'লবাৰ্ট ( ইংৰাজী: Elizabeth Kolbert; জন্ম: ৬ জুলাই, ১৯৬১) এগৰাকী আমেৰিকান সাংবাদিক, লেখিকা আৰু উইলিয়ামছ কলেজৰ অতিথি সভ্য।

তেওঁৰ পুলিৎজাৰ বঁটা বিজয়ী গ্ৰন্থ দ্য ছিক্সথ এক্সটিংকচন: এণ আননেচাৰেল হিষ্ট্ৰী,[1] আৰু দ্য নিউয়ৰ্কাৰ আলোচনীত আগবঢ়াই থকা পৰিৱেশ-সম্পৰ্কীয় পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ বাবে অধিক পৰিচিত।[2]

নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ দ্য ছিক্সথ এক্সটিংকচনে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে লছ এঞ্জেলছ টাইমছৰ কিতাপৰ বঁটা লাভ কৰিছিল। তেওঁৰ কিতাপ আণ্ডাৰ এ হোৱাইট স্কাই ২০২১ চনৰ দ্য ৱাশ্বিংটন পোষ্টৰ দহখন শ্ৰেষ্ঠ গ্ৰন্থৰ ভিতৰত অন্যতম আছিল।কলবাৰ্ট দুবাৰৰ নেচনেল মেগাজিন বঁটা বিজয়ী, আৰু ২০২২ চনত পৰিৱেশ যোগাযোগৰ বাবে বিবিভিএ বায়’ফিলিয়া বঁটা লাভ কৰে।

তেওঁৰ এই ৰচনাসমূহ দ্য বেষ্ট আমেৰিকান চাইন্স এণ্ড নেচাৰ ৰাইটিং আৰু দ্য বেষ্ট আমেৰিকান এছেছত প্ৰকাশ পাইছে।

২০১৭ চনৰ পৰা ২০২০ চনলৈকে কলবাৰ্টে এটমিক চাইন্টিষ্টছ ছায়েন্স এণ্ড ছিকিউৰিটি ব’ৰ্ডৰ বুলেটিনৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।