এল্পছ (Alps) ইউৰোপ মহাদেশৰ সৰ্ব্বোচ্চ আৰু বহুলভাৱে বিস্তৃত হৈ থকা পৰ্বতমালা[1]। প্ৰায় ১২০০ কিমি জুৰি থকা এই পৰ্বতমালা আঠখন দেশ ফ্ৰান্স, ম’নাক’,ছুইজাৰলেণ্ড, জাৰ্মানী, ইটালী, অষ্ট্ৰিয়া, লিকটেন্সটেইন (Liechtenstein) আৰু শ্ল’ভেনিয়া পৰ্যন্ত বিস্তৃত হৈ আছে[2]। এল্পছ পৰ্বতমালাতকৈ অধিক উচ্চতাৰ ক’কেছাছ পৰ্বতমালা (Caucasus Mountains) আৰু অধিক বিস্তৃত হৈ থকা উৰেলছ (Urals) পৰ্বতমালাৰ কিছু অংশ এছিয়াত অৱস্থিত।

Alps

Mont Blanc, the highest mountain in the Alps, view from the Savoy side
উচ্চতম শিখৰ
শৃংগ Mont Blanc
উচ্চতা 4,810 মিটাৰ (15,780 ফুট)
স্থানাংকসমূহ 45°50′01″N 06°51′54″E / 45.83361°N 6.865°E / 45.83361; 6.865
ভূগোল
Alpenrelief 01.jpg
Relief of the Alps. See also map with international borders marked
দেশসমূহ
List
  • Slovenia
  • France
  • Germany
  • Switzerland
  • Italy
  • Austria
  • Liechtenstein
  • Monaco
স্থানাংক প্ৰসাৰ 46°30′20″N 9°19′49″E / 46.5056°N 9.3303°E / 46.5056; 9.3303স্থানাংক: 46°30′20″N 9°19′49″E / 46.5056°N 9.3303°E / 46.5056; 9.3303
Geology
Orogeny Alpine orogeny
সময় Tertiary
Type of rock Bündner schist, flysch and molasse

ভৌগোলিক বিৱৰণসম্পাদনা কৰক

এল্পছ পৰ্বতমালা আফ্ৰিকান আৰু ইউৰেছিয়ান টেক্ট’নিক প্লেট (tectonic plate) ৰ সংঘৰ্ষৰ ফলত বহুবছৰ জোৰা এক প্ৰক্ৰিয়াৰে উদ্ভৱ হৈছে। এই পৰ্বতমালাৰ আকাৰ আৰু উচ্চতাই ইউৰোপ মহাদেশৰ জলবায়ুত যথেষ্ট প্ৰভাৱ পেলায়।

ইতিহাসসম্পাদনা কৰক

এল্পছত পেলিঅ’লিথিক যুগৰ পৰাই মানুহৰ বসতি আছিল বুলি ধাৰণা কৰা হয়। ১৯৯১ চনত অষ্ট্ৰিয়া-ইটালীৰ সীমাৰ এক বৰফাবৃত শিখৰত ৫০০০ বছৰ পূৰ্বৰ বুলি ধাৰণা কৰা এক মামী পোৱা গৈছিল। তথ্য অনুসৰি হানিবাল (Hannibal) সকলে পোহনীয়া হাতীৰ জাক এটা লৈ এল্পছ পৰ্বতমালা অতিক্ৰম কৰা বুলি জনা যায়। এই পৰ্বতমালাত ৰোমানসকলেও বসতি স্থাপন কৰিছিল। ১৮০০ চনত নেপোলিয়ন বোনাপাৰ্টে ৪০,০০০ সৈন্য লৈ এল্পছৰ এটা বাটেৰে পাৰ হৈ যোৱাৰো তথ্য পোৱা যায়। ওঠৰ আৰু উনৈশ শতিকাত এই পৰ্বতমালাৰ বিভিন্ন অংশলৈ জীৱবিজ্ঞানী, সাহিত্যিক, চিত্ৰকৰ আদিৰ আগমণ ঘটে। ইয়াৰ পৰৱৰ্ত্তী সময়ত বহুতো পৰ্বতাৰোহণকাৰীৰ পয়োভৰ ঘটে। দ্বিতীয় বিশ্বযুদ্ধৰ সমগ্ৰ সময়ছোৱাত হিটলাৰে বেভেৰিয়ান এল্পছত এটা কেম্প (base of operation ) স্থাপন কৰি ৰাখিছিল।

জৈৱবৈচিত্ৰ্যসম্পাদনা কৰক

এল্পছ পৰ্বতমালাৰ সৰ্বোচ্চ শিখৰত অৰ্থাৎ 3,400 মিটাৰ (11,155 ফুট) ৰ ওপৰলৈ আইবেক্স নামৰ জন্তুবিধে বাস কৰে। শিলাময় অঞ্চলসমূহত 'Edelweiss' নামৰ উদ্ভিদবিধ সাধাৰণতে অধিক দেখিবলৈ পোৱা যায়।

অন্যান্যসম্পাদনা কৰক

এল্পছৰ বহুতো অঞ্চলত এতিয়াও পৰম্পৰাগতভাৱে খেতি, চীজ তৈয়াৰ কৰা আৰু কাঠৰ বেহা চলি আহিছে। বিংশ শতিকাৰ আৰম্ভণিতে পৰ্য্যটন উদ্যোগৰ যথেষ্ট বিকাশ হয়। শীতকালীন অলিম্পিক প্ৰতিযোগিতা এল্পছৰ বিভিন্ন অঞ্চল (Swiss, French, Italian, Austrian আৰু German Alps) ত অনুষ্ঠিত হৈ আহিছে। বৰ্তমান এই পৰ্বতমালাত ১৪ মিলিয়ন লোকে বসবাস কৰি আছে আৰু প্ৰতিবছৰে ইয়ালৈ ১২০ মিলিয়ন পৰ্য্যটকৰ আগমণ হয়[3]

A view from the Männlichen of the Eiger, Mönch and Jungfrau (left to right)

তথ্যসূত্ৰসম্পাদনা কৰক

  1. "Alps". The Hutchinson unabridged encyclopedia with atlas and weather guide. প্ৰকাশক Abington, United Kingdom: Helicon. 2014. http://search.credoreference.com/content/entry/heliconhe/alps/0. 
  2. "Alpine Convention". Alpine Conferences. Retrieved August 3, 2012
  3. Chatré, Baptiste, et al. (2010), 8

লগতে চাওকসম্পাদনা কৰক