সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (All India United Democratic Front বা AIUDF) ভাৰতৰ এক ৰাজনৈতিক দল। উত্তৰ-পূৰ্বাঞ্চলৰ অসমত এই দলৰ উৎপত্তি হৈছিল[1]। মৌলানা বদৰুদ্দিন আজমল এই দলৰ মুখ্য নেতা। ২০০৫ চনৰ অক্টোবৰ মাহত তেওঁ এক আঞ্চলিক দল হিচাপে "অসম সংযুক্ত গণতান্ত্ৰীক মৰ্চা"(Assam United Democratic Front (AUDF)) গঠন কৰে। ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত ইয়াক সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নামাকৰণ কৰি এক জাতীয় দল হিচাপে ঘোষণা কৰা হয়। এই দলৰ প্ৰধান কাৰ্য্যালয় গুৱাহাটীৰ হাতীগাঁৱত অৱস্থিত।[2][3]
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা All India United Democratic Front अखिल भारतीय संयुक्त लोकतांत्रिक मोर्चा | |
---|---|
নেতা | বদৰুদ্দিন আজমল |
সংসদীয় সভাপতি | |
লোকসভাত নেতা | |
ৰাজ্যসভাত নেতা | |
প্ৰতিষ্ঠা | ২০০৪ |
মূখ্য কাৰ্যালয় | ৩ নং ফ্ৰেণ্ডচ্ পথ, হাতীগাঁও, গুৱাহাটী-৭৮১০৩৮ |
ৱেবছাইট | www |
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা অসমৰ প্ৰধান বিৰোধী দল। ২০১১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁলোকে ১২৬ খন আসনৰ ভিতৰত ১৮ খনত জয়ী হৈছিল।[4]
প্ৰতীক
সম্পাদনা কৰকতলা-চাবি সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নিৰ্বাচনী প্ৰতীক। দলৰ পতাকা তিনি বৰণীয়া। ওপৰত সেউজীয়া, মাজত বগা আৰু তলত ক'লা। দলৰ প্ৰতীক তলা-চাবি বগা ৰঙৰ মাজত বিদ্যমান।
নিৰ্বাচন ইতিহাস
সম্পাদনা কৰকচন | নিৰ্বাচন | বিজয়ী আসন | আসনৰ পৰিবৰ্তন | ভোটৰ শতাংশ | ভোটৰ শতাংশ পৰিৱৰ্তন |
---|---|---|---|---|---|
২০০৯ | ১৫তম লোকসভা | ১ | |||
২০১১ | ১৩তম অসম বিধানসভা | ১৮ | |||
২০১৪ | ১৫তম লোকসভা | ৩ | - | - | |
২০১৯ | ১৬তম লোকসভা | ১ | - | - |
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Identity politics in India’s north-east". The Economist. 7 May 2016. https://www.economist.com/news/asia/21698249-bjp-promises-sniff-out-intruders-exotic-assam-how-green-my-valley। আহৰণ কৰা হৈছে: 7 May 2016.
- ↑ "Third front likely in State for LS polls". Archived from the original on 2013-10-18. https://web.archive.org/web/20131018022159/http://www.assamtribune.com/scripts/details.asp?id=jan0509/at05। আহৰণ কৰা হৈছে: 2016-01-29.
- ↑ "Minority party trying to stitch up third front in Assam". Archived from the original on 2016-06-23. https://web.archive.org/web/20160623005540/http://www.thaindian.com/newsportal/politics/minority-party-trying-to-stitch-up-third-front-in-assam_100109242.html। আহৰণ কৰা হৈছে: 2016-01-29.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2014-05-19. https://web.archive.org/web/20140519040751/http://www.eciresults.ap.nic.in/PartyWiseResult.htm। আহৰণ কৰা হৈছে: 2016-01-29.