কংসাৰি কায়স্থ (১৬ শতিকা) যশৱন্ত খাঁ নামৰ কায়স্থ শ্ৰেষ্ঠৰ বংশধৰ। মাধৱদেৱৰ থানত বাস কৰিছিল। আন এটা নাম আছিল পীতাম্বৰ। মহাভাৰতৰ কিৰাট অনুপৰ্বৰ আৰু বিৰাট পৰ্বৰ দক্ষিণ গোগ্ৰাহৰ কিছু অংশ আৰু উত্তৰ গোগ্ৰাহৰ ভাঙনি কৰিছিল। গাভৰু খাঁ এখেতৰ পৃষ্ঠপোষক আছিল বুলি অনুমান কৰা হয়।[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী