কথা বৰেণ্য ১০০ এখন গ্ৰন্থ। গ্ৰন্থখনৰ সম্পাদক শোণিত বিজয় দাস আৰু মুনীন বায়নকথা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ঊনবিংশ আৰু বিংশ শতিকাৰ ১০০ গৰাকী অসমীয়া সাহিত্যিক-শিল্পীৰ জীৱনালেখ্যৰ সংকলন। গ্ৰন্থখন প্ৰথম প্ৰকাশ হৈছিল ২০০৬ চনত। গ্ৰন্থখনৰ আইএছবিএন হ’ল-৮১-৮৯১৪৮-১৪-১।

কথা বৰেণ্য ১০০  
লেখক শোণিত বিজয় দাস, মুনীন বায়ন (সম্পাদক)
দেশ ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ জীৱনালেখ্য সংকলন
প্ৰকাশক কথা পাব্লিকেশ্যনছ, গুৱাহাটী
প্ৰকাশ ২੦੦৬
পৃষ্ঠা সংখ্যা ৩৫২
আই.এচ.বি.এন. 81-89148-14-1

গ্ৰন্থ বিৱৰণ

সম্পাদনা কৰক

এই সংকলনত কোনো প্ৰথাগত প্ৰসংগ-কোষৰ অন্তৰ্ভুক্ত নোহোৱা অসমৰ বৌদ্ধিক সাংস্কৃতিক জীৱনৰ কাণ্ডাৰীস্বৰূপ ব্যক্তিসকলৰ জীৱন আৰু কৃতিৰ বিতং তথ্যৰ লগতে বিংশ শতিকাৰ অসমীয়া সাহিত্য-সংস্কৃতি তথা জাতীয় জীৱনক অনুধাৱন কৰিবৰ সমল তথ্য সন্নিৱিষ্ট কৰা হৈছে।[1]

গ্ৰন্থখনত বৰেণ্য ব্যক্তিসকলক দুটা থূলত সজোৱা হৈছে৷ প্ৰথম থূলত সন্নিৱিষ্ট হৈছে এনে পঁচিশগৰাকী ব্যক্তি, যাৰ জন্ম ঊনবিংশ শতিকাত আৰু কৰ্মজীৱন বিংশ শতিকালৈকো বিস্তাৰিত৷ এইটো থূলত অন্তৰ্ভুক্ত হোৱা সকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, ৰজনীকান্ত বৰদলৈ, অম্বিকাগিৰী ৰায়চৌধুৰী, বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, নলিনীবালা দেৱী অন্যতম৷ দ্বিতীয়টো থূলত বিংশ শতিকাত জন্ম লাভ কৰা পঁইসত্তৰগৰাকী বৰেণ্য অসমীয়াৰ জীৱন আলেখ্য সন্নিৱিষ্ট হৈছে৷ দ্বিতীয়টো থূলত দুটা খণ্ড ৰখা হৈছে৷ প্ৰথম খণ্ডত শতিকাটোৰ আটাইতকৈ প্ৰভাৱশালী বুলি গণ্য কৰা দহগৰাকী বৰেণ্য অসমীয়াক অন্তৰ্ভুক্ত কৰা হৈছে৷ তেওঁলোক হ’ল:

দ্বিতীয়টো থূলৰ দ্বিতীয় খণ্ডত অতুলচন্দ্ৰ হাজৰিকাৰপৰা আৰম্ভ কৰি জাহ্নু বৰুৱালৈ পঁইষষ্ঠিগৰাকী বৰেণ্য অসমীয়াৰ জীৱন আলেখ্য সন্নিৱিষ্ট হৈছে৷ ভিন ভিন লেখকে বৰেণ্য ব্যক্তিসকলৰ জীৱন আলেখ্য আকৰ্ষণীয় ভাষাত লিখিছে৷ গ্ৰন্থখনৰ শেষৰ ফালে প্ৰতিগৰাকী বৰেণ্য ব্যক্তিৰ তথ্যপূৰ্ণ জীৱনপঞ্জী সন্নিৱিষ্ট হৈছে৷[2] গ্ৰন্থখনত উক্ত এশগৰাকী বৰেণ্য ব্যক্তিৰ উপৰি অসমৰ সাহিত্য আৰু সংস্কৃতি জগতৰ অন্য দুই শতাধিক মান ব্যক্তিৰ চমু জীৱন পৰিচয়ো সন্নিৱিষ্ট হৈছে৷[2] গ্ৰন্থখনৰ পাতনিতে হীৰেন গোহাঁইৰ ‘আধুনিকতা: অসমত তাৰ গতিপথ’ শীৰ্ষক এটা লেখা সন্নিৱিষ্ট হৈছে৷[2]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. কথা বৰেণ্য ১০০, প্ৰথম প্ৰকাশ, ২০০৬, বেটুপাতৰ পৰা সংগ্ৰহীত
  2. 2.0 2.1 2.2 কথা বৰেণ্য ১੦੦, সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন, কথা পাব্লিকেশ্যনছ, গুৱাহাটী, ২੦੦৬, ISBN 81-89148-14-1.