কনক চন্দ্ৰ ডেকা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা ৰামায়ণী সাহিত্যৰ প্ৰসিদ্ধ পণ্ডিত৷[1]

জীৱন সম্পাদনা কৰক

কনক চন্দ্ৰ ডেকাৰ জন্ম হয় নলবাৰী জিলাৰ বেলশৰত। তেওঁ গুৱাহাটীৰ বাণীকান্ত কাকতি চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত অধ্যপনা কৰে৷ তাৰোপৰি তেওঁ গহপুৰ বি টি কলেজৰ অধ্যক্ষ হিচাপেই কাৰ্যনিৰ্বাহ কৰিছিল৷ [1]

সাহিত্যচৰ্চা সম্পাদনা কৰক

কনক চন্দ্ৰ ডেকাই ৬০ খনৰো অধিক তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰিছে৷ তেওঁৰ দুখন গ্ৰন্থ প্ৰাক্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই উন্মোচন কৰিছিল৷ তেওঁ উল্লেখযোগ্য সাহিত্যিক অৱদানৰ স্বীকৃতি ৰূপে সাহিত্যিক পেন্সনো লাভ কৰিছিল৷

২০১৪ চনৰ ১৪ জানুৱাৰী তাৰিখে কনক চন্দ্ৰ ডেকাৰ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়৷[1]

তথ্যসূত্ৰ সম্পাদনা কৰক