কন্ধ এবিধ অপশক্তি বা ভূতৰ এক প্ৰকাৰ৷ কন্ধ শব্দটো ‘কবন্ধ’ শব্দৰ পৰা অহা৷ ই মূৰ নথকা ভূত৷ এহেজাৰ মানুহ য’ত বধ কৰা হয়, তাতে এটা কন্ধ হয় বুলি বিশ্বাস কৰা হয়৷[1] পৃথিৱীৰ সকলো ঠাইতে কম-বেছি পৰিমাণে অপশক্তি বা ভূত আছে বুলি বিশ্বাস কৰা হয়৷ অসমৰ জনবিশ্বাসত ’কন্ধ’ এক ভয়াল অপকাৰী ভূত৷

কন্ধৰ দৰে সাদৃশ্য থকা দৈত্য কবন্ধ

শাৰীৰিক বৰ্ণনা সম্পাদনা কৰক

যদিও অপশক্তিবোৰৰ শাৰীৰিক অৱস্থিতি বিজ্ঞানসন্মত নহয়, তথাপি জনবিশ্বাসমতে, প্ৰায়বোৰ ভূতৰে কিছুমান অৱয়ব আছে বুলি জনসমাজত এক ধাৰণা প্ৰচলিত হৈ আছে৷ কন্ধ নামৰ ভূতটো দেখাত অতি ভয়লগা৷ ইয়াৰ মূৰ নাই৷ ডিঙিৰ পৰা শৰীৰৰ তলৰ অংশ আছে৷ ইয়াৰ চকু মুখ বুকুতে থাকে৷[2] চকু দুটা ডাঙৰ ডাঙৰ আৰু ট টকৈ জ্বলি থাকে৷ কন্ধই বৰ বিকট চিঞৰ মাৰে৷ শুনিলে মানুহৰ কাণ ফাটি যায়৷[3]

কন্ধ থকা ঠাই সম্পাদনা কৰক

সাধাৰণতে অশৰীৰীবোৰ জয়াল ঠাইত থাকে৷ কন্ধ কমেও এশ মৰিশালি থকা জয়াল ঠাইত নাইবা কোনো নিৰ্জন জলাশয়ৰ পাৰত থাকে বুলি বিশ্বাস কৰা হয়৷[4] এনে জয়াল ঠাইৰ ওখ আঁহত গছ, ঔ গছ, হিদল গছ, সৌৰা গছ, বাঁহগছ আদিত থাকে৷ সাধাৰণতে অপশক্তিবোৰ অদৃশ্য হৈ থাকে আৰু এনে অৱস্থাতে ইহঁতে মানুহৰ ক্ষতি কৰে৷[5]

অপকাৰ সম্পাদনা কৰক

অসমৰ জনবিশ্বাসমতে, শনিবাৰ, মঙলবাৰ, কালসন্ধিয়া বা ভৰদুপৰীয়া অশৰীৰীবোৰ পিয়াপি দি ফুৰে আৰু তেতিয়াই মানুহ কাষেদি গ’লে বা অশৰীৰী থকা গছৰ গুৰিত শৌচ-প্ৰস্ৰাব কৰিলে আৰু অশৰীৰীৰ ছাঁ গছকিলে অপশক্তি মানুহজনৰ গাত লম্ভে৷ ভৰদুপৰীয়া, কালসন্ধিয়া বা শনি-মঙলবাৰে অশৰীৰীয়ে নিজৰূপ লৈ বিচৰণ কৰোঁতে কেতিয়াবা মানুহে ইয়াৰ ৰূপ দেখা পায় আৰু ভয়ত কাতৰ হৈ পৰে৷

প্ৰতিকাৰ সম্পাদনা কৰক

অপশক্তিবোৰে মানুহৰ গাত লম্ভিলে বেজে মঙল চাই কোন অপশক্তিৰ কবলত মানুহজন পৰিছে, পোনতে তাক নিৰ্ণয় কৰে৷ সেইমতে বিভিন্ন অপশক্তিৰ বেলেগ বেলেগ বিধান দিয়া হয়৷ কন্ধৰ বাবে বিশেষ বিধান নাই৷ ইয়াক আঁতৰাবলৈ অন্যান্য অপশক্তিক খেদাৰ দৰেই বিহলঙণি, সৌৰা গছৰ ঠাৰিৰে ভূত লম্ভা মানুহজনক কোবোৱা হয়৷ “যাবিনে নাযাৱ ক'” বুলি বেজে ক্ৰমান্বয়ে জোৰেৰে কোবোৱা আৰম্ভ কৰে আৰু শুকান জলকীয়া পুৰি ধোঁৱা দিয়া হয়৷ তাৰপাছত এটা সময়ত অপশক্তিয়ে মানহজনক এৰি আঁতৰি যায় আৰু তাৰ চিনস্বৰূপে ঘৰৰ কাষৰ কলগছ বা আন গছৰ ডাল ভাঙি থৈ যায়৷ অপশক্তিয়ে ক্ষতি নকৰিবলৈ মিঠাতেল আৰু সৰিয়হ খাবলৈ দিয়ে আৰু হাতত ৰঙা-ক’লা সূতাৰ ডোল বান্ধি দিয়ে৷[6] কন্ধকে আদি কৰি ভূত=প্ৰেতে নধৰিবলৈ অতীজৰে পৰা গ্ৰাম্য জনজীৱনত লোকসকলে ৰাতি=বিয়লি বাহিৰলে গ’লে হাতত কটাৰী, সৰিয়হ আৰু জুই লৈ বাহিৰ হোৱাৰ বিশ্বাস চলি আহিছে৷

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. হেমকোষ, অভিধান, পৃ: নং, ২৭২
  2. Chandan Lal Dhody (1995). "Redemption of Kabandha". The Adhyātma Rāmāyaṇa: concise English version. M.D. Publications Pvt. Ltd.. পৃষ্ঠা. 99–101. 
  3. অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ
  4. অসমীয়া মানুহৰ ইতিহাস, নগেন শইকীয়া
  5. অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ
  6. অসমৰ লোকসংস্কৃতি, নিৰ্মলপ্ৰভা বৰদলৈ