কপালকুণ্ডলা ১৮৬৬ চনত প্ৰকাশিত এটি বঙালী ভাষাৰ উপন্যাস।[1] সাহিত্য সম্ৰাট বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ইয়াৰ ৰচিয়তা। কপালকুণ্ডলাক বঙালী সাহিত্যত সাৰ্থক প্ৰেমৰ প্ৰথম উপন্যাস হিচাপে ইয়াক আখ্যা দিয়া হৈছে। কপালকুণ্ডলা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়দেৱ ৰচিত দ্বিতীয়খন উপন্যাস

কপালকুণ্ডলা  
কপালকুণ্ডলা বঙ্কিমচন্দ্র চট্টোপাধ্যায়.djvu
লেখক বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়
দেশ ব্ৰিটিছ ভাৰত
ভাষা বঙালী ভাষা
প্ৰকাৰ উপন্যাস
প্ৰকাশ ১৮৬৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ

সংক্ষিপ্ত কাহিনীসম্পাদনা কৰক

সপ্তগ্ৰামৰ বাসিন্দা সমুদ্ৰ পথৰে যাত্ৰা কৰাৰ সময়ত কুঁৱলীৰ ফলত জাহাজ চালকৰ দিকভ্ৰম হয়। নাবিকৰ বহুপ্ৰেচেষ্টাৰ ফলত জাহাজ এটি অপৰিচিত সমুদ্ৰ তীৰত উপনীত হয়। খাদ্য আহৰণৰ বাবে নৱকুমাৰ অকলেই দুৰ্গম অৰণ্যত প্ৰবেশ কৰে, কিন্তু হঠাৎ হোৱা জোৱাৰ-ভাটাৰ ফলত তেঁও গভীৰ অৰণ্যৰে পৰিপূৰ্ণ জনশূণ্য দ্বীপত আশ্ৰয় লবলৈ বাধ্য হয়।জাহাজ পুনৰায় সমুদ্ৰ তীৰত আহি তেঁওক নিৰ্জন দ্বীপৰ পৰা উদ্ধাৰ কৰিব এই আশাত নবকুমাৰ অপেক্ষা কৰে ক্ৰমে নিশা হয় কিন্তু জাহাজ নাহে। হঠাৎ তেঁও শকুন্তলাৰ ন্যায় পৰম ৰূপবতী কন্যাৰ দৰ্শন পায় কিন্তু ক্ষণকালত কন্যা অদৃশ্য হয়। কিছু সময় পাছত নবকুমাৰ দূৰৰ পৰা পোহৰ অহা দেখিবলৈ পায়। পোহৰৰ নিকট উপস্থিতহৈ তেঁও এজন কাপালিক অৰ্থাৎ তান্ত্ৰিকক হোম কৰা দেখা পায়।কাপালিকৰ হোম সমাপ্ত হোৱালৈকে নৱকুমাৰ তাত বহি অপেক্ষা কৰে। তেঁও নৱকুমাৰৰ ভোজনৰ বাবে ফল, পানী আৰু বিশ্ৰামৰ বাবে নিজৰ আশ্ৰম দিছিল। নৱকুমাৰক বলিৰূপে কালীদেবীক অৰ্পন কৰাই আছিল কাপালিকৰ উদ্দেশ্য। বিশ্ৰামৰ সময়ত তেঁও পুনৰায় শকুন্তলাৰ ন্যায় সেই কন্যাক দৰ্শন পায়। প্ৰকৃতপক্ষে তেঁও কাপালিকৰ পালিত কন্যা যাৰ নাম কপালকুণ্ডলা। সূৰ্যাস্তৰ সময়ত হোম সমাপন কৰি নৱকুমাৰক বলিৰ বাবে প্ৰস্তুত কৰা হয়। যজ্ঞস্থানৰ কাষত এটি গছত নৱকুমাৰক বান্ধি কাপালিক খড়্গ ৰ্আথাৎ দা অনাৰ বাবে নিজ আশ্ৰমত যায়। এই সুযোগত কপালকুণ্ডলা নৱকুমাৰৰ বন্ধন মুক্ত কৰি এজন সৎ পূজাৰীৰ তত্বাবধানত কালী মন্দিৰত আত্মগোপন কৰে।

অবশেষত পূজাৰীৰ পৰামৰ্শত নৱকুমাৰ কপালকুণ্ডলাৰ লগত বিবাহপাশত আবদ্ধ হয়। সেই সৎ পূজাৰীৰ সহায়তাত নৱকুমাৰ কপালকুণ্ডাৰ সৈতে নিজ বাসস্থান সপ্তগ্ৰামত উপস্থিত হয়। নৱকুমাৰৰ ভগিনী কপালকুণ্ডলাৰ নাম মৃন্ময়ী নামত নামকৰণ কৰে। নগৰৰ উন্নত জীবনযাত্ৰাৰ লগত কপালকুণ্ডলা নিজক মানি চলিবলৈ অক্ষম হৈছিল, নিশাচৰৰ ন্যায় ৰাতি বনে জঙ্গলে ঘুৰি-ফুৰি তেঁও ভাল পাইছিল কাৰণ এসময়ত তেঁও বনবাসী আছিল। এদিন নিশা সপ্তগ্ৰামৰ জঙ্গলত ভ্ৰমণ কৰা সময়ত এটা কুটিৰৰ ভিতৰত কাপালিকক পুনৰায় দৰ্শন পায়। কাপালিকৰ সহিত কপালকুণ্ডলাৰ কথোপকথন হয়। কাপালিক কয় যে, নৱকুমাৰক পৰিত্যাগ কৰি কপাকুণ্ডলাক বলিৰূপে অৰ্পন কৰিবলৈ কালীদেবী সপোনৰ মাধ্যমত তেঁওক আদেশ দিছে। কালীদেবীৰ প্ৰতি কপালকুণ্ডলাৰ আস্থা আৰু ভক্তি আছিল লগতে কাপালিক তেঁওৰ পালক পিতা সেয়েহে দেবীৰ পূজাত নিজক সমৰ্পন কৰিবলৈ প্ৰস্তুত হয়। কাপালিক তেঁওক নদীৰ তীৰত আনে। ইফালে নৱকুমাৰ তেঁওলোকৰ পিছে পিছে উক্ত স্থানত আহি উপস্থিত হয়। নবকুমাৰ কপালকুণ্ডলাক নিষেধ কৰে যদিও তেঁও নৱকুমাৰক প্ৰত্যাখান কৰে। অৱশেষত নৱকুমাৰ কপালকুণ্ডলাৰ সৈতে নদীত জাপমাৰি নিৰুদ্দেশ হয়।

উপন্যাসৰ কাহিনী ইয়াতেই সমাপ্ত হয়।

চলচ্চিত্ৰসম্পাদনা কৰক

১৯৩৩ চনত প্ৰেমাঙ্কুৰ আতৰ্থীৰ পৰিচালনায় কপালকুণ্ডলা চলচ্চিত্ৰ নিৰ্মিত হয়। ইয়াত অভিনয় কৰা শিল্পীসকলৰ নাম- উমাশশী, দুৰ্গাদাস বন্দ্যোপাধ্যায়, মনোৰঞ্জন ভট্টাচাৰ্য, মলিনা দেবী, নিভাননা দেবী, অমৰ মল্লিক আৰু অমূল্য মিত্ৰ।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. Bandyopadhyay, Asit Kumar (2007) [1998] (Bengali ভাষাত). Bangla Sahityer Itibritta. VIII (3rd সম্পাদনা). প্ৰকাশক Kolkata: Modern Book Agency Pvt Ltd. পৃষ্ঠা. 502–520.