'কপাৰনিকাচ বিপ্লৱ আছিল মহাবিশ্বক বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰত পৃথিৱী স্থবিৰ বুলি বৰ্ণনা কৰা আকাশৰ টলেমিক আৰ্হিৰ পৰা সৌৰজগতৰ কেন্দ্ৰত সূৰ্য্য থকা সূৰ্য্যকেন্দ্ৰিক আৰ্হিলৈ পৰিৱৰ্তন। এই বিপ্লৱ দুটা পৰ্যায়ৰে গঠিত আছিল; প্ৰথমটো অতি গাণিতিক প্ৰকৃতিৰ আৰু দ্বিতীয় পৰ্যায়টো ১৬১০ চনত গেলিলিওৰ এখন প্যাম্প্লেট প্ৰকাশৰ পৰা আৰম্ভ হৈছিল।[1]১৫৪৩ চনত নিকোলাছ কপাৰনিকাচৰ De revolutionibus orbium coelestium প্ৰকাশৰ পৰা আৰম্ভ কৰি “বিপ্লৱ”ৰ অৱদান অব্যাহত আছিল, অৱশেষত এশ বছৰৰো অধিক সময়ৰ পিছত আইজাক নিউটনৰ কামৰ সৈতে শেষ হোৱালৈকে।

সূৰ্য্য (হালধীয়া), পৃথিৱী (নীলা), আৰু মংগল (ৰঙা)ৰ গতি। বাওঁফালে কপাৰনিকাছৰ সূৰ্য্যকেন্দ্ৰিক গতি। সোঁফালে মংগল গ্ৰহৰ ৰেট্ৰ’গ্ৰেড গতিকে ধৰি পৰম্পৰাগত ভূকেন্দ্ৰিক গতি।
সৰলতাৰ বাবে মংগল গ্ৰহৰ বিপ্লৱৰ সময়ছোৱা ১.৮৮ৰ পৰিৱৰ্তে ২ বছৰ বুলি চিত্ৰিত কৰা হৈছে আৰু কক্ষপথক নিখুঁতভাৱে বৃত্তাকাৰ বা এপিট্ৰ'ক'ইড হিচাপে চিত্ৰিত কৰা হৈছে।

ইউৰোপৰ বিজ্ঞান চৰ্চাৰ দিশ পৰিবৰ্তন ঘটে, মাৰ্টিন লুথাৰৰ সমসাময়িক কপাৰনিকাচৰ (১৪৭৩-১৫৪৩) লিখনিৰ ফলত। খ্ৰীষ্টান সকলে বিশ্বাস কৰিছিল যে পৃথিবীখন পাপৰ থলি আৰু পাপৰ ভাবে ইয়াক স্থিতিশীল, লৰ-চৰ কৰিব নোৱৰা কৰি ৰাখে। বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰত পৃথিৱীখন, ইয়াৰ চাৰিওফালে গ্ৰহ-উপগ্ৰহবোৰ ঘূৰে। কপাৰনিকাচে এই কথাত গুৰুত্ব দিছিল যে পৃথিৱীকে ধৰি গ্ৰহবোৰ সূৰ্য্যৰ চাৰিওফালে ঘুৰে। এই মত প্ৰচলিত মতৰ সম্পূৰ্ণ বিপৰীত। এজন নিষ্ঠাবান খ্ৰীষ্টান কপাৰনিকাচে তেওঁৰ উক্ত সূত্ৰৰ বিৰোধিতা যে পৰম্পৰা ৰক্ষাকাৰী যাজক সম্প্ৰদায়ে কৰিব, সেই বিষয়ত নিশ্চিত আছিল আৰু সেয়ে শংকাবোধ কৰিছিল। এই কাৰণে তেওঁৰ কিতাপৰ পাণ্ডুলিপি De revolutionibus (The Rotation)খন প্ৰকাশ কৰিবলৈ কপাৰনিকাচ অনিচ্ছুক আছিল। তেওঁৰ মৃত্যুৰ শয্যাত কপাৰনিকাচে এই পাণ্ডুলিপি তেওঁৰ বিশ্বস্ত অনুগামী জোৱাচিম ৰেটিকাচৰ (Joachim Rheticus) হাতত অৰ্পণ, কৰিছিল। তেওঁৰ সূত্ৰ মানুহে সহজে গ্ৰহণ কৰিব পৰা নাছিল-সময় লাগিছিল। আধা শতিকাৰো অধিকঁকাল পিছত স্বৰ্গ আৰু পৃথিৱীৰ ব্যৱধান জ্যোতিৰ্বিজ্ঞানী জহানচ্ কেপলাৰ (Johannes Kepler-১৫৭১-১৬৩০) আক গেলিলিও গেলিলিয়ে (১৫৬৪-১৬৪২) তেওঁলোকৰ লেখাৰ যোগে কমাই আনিছিল। পৃথিবী যে সূৰ্য্যকেন্দ্ৰীক এটা ব্যৱস্থাৰ এক অংশহে; সেই সূত্ৰ কেপলাবে তেওঁৰ Cosmographical Mystery যোগে জনপ্ৰিয় কৰিছিল। এই সূত্ৰমতে গ্ৰহবোৰ সূৰ্য্যৰ চাৰিওফালে বৃত্তাকাবে নহয় উপবৃত্তাকাবে (Elliptical) ঘুৰে। গেলিলিওৱে তেওঁৰ 'The Motion' নামৰ কিতাপত এই মত সুদৃঢ় কৰে। বৈজ্ঞানিক বিপ্লবে আইজাক নিউটনৰ মাধ্যাকৰ্ষণ সূত্ৰ আবিষ্কাৰৰ লগে লগে শীৰ্ষবিন্দু পায়গৈ। [2]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Gillies, Donald (2019-04-10), Why did the Copernican revolution take place in Europe rather than China?, https://www.researchgate.net/publication/332320835, আহৰণ কৰা হৈছে: 2019-12-03 
  2. ৰাজনৈতিক তত্ত্ব. NCERT. ২০২০. পৃষ্ঠা. ১৪৩.