কমলা মিৰি

(কমলা লুইংৰ পৰা পুনঃনিৰ্দেশিত)

কমলা মিৰি ওৰফে কমলা লুইং (? -২২ এপ্ৰিল ১৯৪৩) অসমমিচিং সম্প্ৰদায়ৰ এগৰাকী স্বাধীনতা যুঁজাৰু আছিল। কমলা মিৰিৰ ঘৰ আছিল গোলাঘাট জিলাৰ ৰঙামাটি মৌজাৰ ওপৰটেমেৰা গাঁৱত।[1]

গুৱাহাটীৰ ভৰলুমুখত অসমৰ আন শ্বহীদসকলৰ সৈতে কমলা মিৰি (বাওঁফালৰ পৰা পঞ্চমজন)-ৰ আবক্ষ মূৰ্তি

কৰ্মজীৱন সম্পাদনা কৰক

১৯৪০ চনৰ মাৰ্চত তেওঁ জিলা কংগ্ৰেছ কমিটিৰ সক্ৰিয় সদস্য হৈ পৰে। ৰাজেন্দ্ৰ নাথ বৰুৱা আৰু শংকৰ চন্দ্ৰ বৰুৱাৰ লগত মিলি তেওঁ পিছপৰা মিচিং সমাজৰ মাজত নিৰক্ষৰতা দূৰীকৰণৰ হকে কাম কৰিছিল। লগতে তেওঁ মিচিং অধ্যুষিত এলেকাত প্ৰাথমিক কংগ্ৰেছ কমিটি গঠনৰ বাবেও চেষ্টা কৰে। ১৯৪০ চনৰ ২৪ জুনত শংকৰ চন্দ্ৰ বৰুৱাই তেওঁক কংগ্ৰেছৰ প্ৰচাৰক আৰু গোলাঘাট জিলা কংগ্ৰেছৰ শান্তি বাহিনীৰ অধিনায়ক নিযুক্তি দিয়ে।[1]


২১ ছেপ্তেম্বৰ ১৯৪২ চন তাৰিখে গোলাঘাট জিলা কংগ্ৰে্ছৰ কাৰ্যালয়লৈ কমলা মিৰিৰ নেতৃত্বত শান্তি সেনাৰ এটা ১২ জনীয়া দল পঠিওৱাৰ সিদ্ধান্ত লোৱা হয়। তথাক্ৰমে দলটোৱে পদব্ৰজে যাত্ৰা কৰি ২২ ছেপ্তেম্বৰত গৈ অন্য শান্তি সেনাৰ দলসমূহৰ লগত যোগদান কৰে। ২৩ ছেপ্তেম্বৰ তাৰিখে ৰাতি পুলিছে কংগ্ৰেছৰ অফিচৰ পৰা মিৰি আৰু অন্যান্য কেইজনমানক আটক কৰে। ৮ অক্টোবৰত ন্যায়াধীশ আশু দত্তই তেওঁক ৮ মাহৰ কাৰাদণ্ড দিলে। তেওঁক যোৰহাট জেললৈ লৈ যোৱা হয়। তাতে তেওঁ গোপীনাথ বৰদলৈ প্ৰমুখ্যে অন্যান্য কংগ্ৰেছৰ নেতাসকলক লগ পায়। তেতিয়ালৈকে লিখা পঢ়া নজনা মিৰিক গোপীনাথ বৰদলৈয়ে কিতাপ-ফলি কিনি দি লিখা পঢ়া শিকায়। জেলতেই তেওঁ সূতা কাটিবলৈও শিকে।[1]

মৃত্যু সম্পাদনা কৰক

১৯৪৩ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে গান্ধীৰ অনশনৰ লগত সংগতি ৰাখি কমলা মিৰিয়েও অনশন আৰম্ভ কৰে। পিছে হৃদযন্ত্ৰৰ অসুখৰ বাবে তেওঁৰ স্বাস্থ্য বেয়ালৈ ঢাল লয়। কৰ্তৃপক্ষই তেওঁক আগলৈ আন্দোলনত যোগদান নকৰাৰ চুক্তিত জেলৰপৰা এৰি দিয়াৰ প্ৰস্তাব দিয়ে যদিও মিৰিয়ে সেই প্ৰস্তাব প্ৰত্যাখ্যান কৰে। জেলতে থকা সতীৰ্থ ডাক্টৰ হৰেকৃষ্ণ দাসৰ তত্বাৱধানত চিকিৎসা আৰম্ভ হয়। অৱশেষত তেওঁৰ অৱস্থাৰ কোনো উন্নতি নেদেখি জেল কৰ্তৃপক্ষই তেওঁক এৰি দিয়াৰ সিদ্ধান্ত লয় যদিও ২২ এপ্ৰিল ১৯৪৩ তাৰিখে মিৰিৰ মৃত্যু হয়।[2][1]

তথ্য সমল সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "Quit India Movement in Assam". http://books.google.co.in/books?id=gZmusO1pWjUC&pg=PA80&lpg=PA80&dq=kamala+miri&source=bl&ots=x0xfImDU-c&sig=xSSXg635YrCYTQBh2q532AkGzHo&hl=en&sa=X&ei=cjFTU-HdPI3k8AWNyoBw&sqi=2&ved=0CCoQ6AEwAA#v=onepage&q=kamala%20miri&f=false। আহৰণ কৰা হৈছে: 20 এপ্ৰিল 2014. 
  2. বৰ্মন, শিৱনাথ (২০০০) অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৫