কমাৰবন্ধা আলি হৈছে গোলাঘাট জিলাৰ অন্তৰ্গত এক ঐতিহ্যমণ্ডিত অঞ্চল। ইতিহাস প্ৰসিদ্ধ ধোদৰ আলিক যোৰহাট নগৰৰে স্ংযোগ কৰা কমাৰবন্ধা আলিয়ে চুই যোৱা বৃহৎ অঞ্চলটিয়ে সামৰি লয়, প্ৰখ্যাত দক্ষিণহেঙেৰা বজাৰ, দোলাষৰীয়া বজাৰ, বৰজান চাহ বাগিচা, শালিকীহাট আৰু কমাৰবন্ধা তিনি আলি ।

ইতিহাস সম্পাদনা কৰক

কমাৰবন্ধা এখন বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল। পূৰ্ব কালত এই অঞ্চল কছাৰী ৰাজ্যৰ অন্তৰ্ভূক্ত আছিল। এদিন যেতিয়া আহোম ৰজাৰ হাতত কছাৰী ৰাজ্যৰ পতন ঘটিল, তেতিয়াৰ পৰাই এই অঞ্চলৰ পৰিচয়ৰো আমূল পৰিবৰ্তন ঘটিল।কছাৰী ৰাজ্যৰ পতনৰ পাছত এই অঞ্চল আহোম ৰাজ্যৰ অন্তৰ্ভূক্ত কৰা হয়, আৰু ইয়াৰ তদাৰক কৰিব কাৰণে এঘৰ গোহাঁই মানুহ আনি এই অঞ্চলত বহুৱালে।আহোম ৰজাই চুতীয়া সম্প্ৰায়ৰ বলবীৰ্য্যৰ কথা ভাল দৰে উপলদ্ধি কৰিছিল। যেতিয়া আহোম ৰজাৰ হাতত চুতীয়া ৰাজ্যৰ পতন ঘটিল তেতিয়াই সেই চুতীয়া সম্প্ৰদায়ৰ লোক সকলক অসমৰ বিভিন্ন অঞ্চলত ভাগ ভাগ কৰি বহুৱাই দিয়ালে। পুনৰ যাতে চুতীয়া সকলে সংগঠিত হৈ আহোম ৰজাৰ বিৰুদ্ধে থিয় দিব নোৱাৰে। আন হাতেদি চুতীয়া সকল আছিল কৃষিজীবি লোক। চুতীয়া সকলে আহোম ৰজাৰ অন্তৰৰ কৌশলৰ কথা চিন্তা নকৰি উৰ্বৰা ভূমিত কেঁচাগোন্ধত আকৰ্ষিত হৈ আহোম ৰজাই দেখুৱাই দিয়া বিভিন্ন অঞ্চলত বসবাস কৰিবলৈ ললে।কমাৰবন্ধা অঞ্চলৰ ভূখণ্ড কৃষিৰ উপযোগী হোৱাৰ লগতে ইয়াৰ আবাদী অঞ্চলত খেৰ, বেত, বাঁহ, মাছ-পহু আদিয়ে মানুহক বৰকৈ আকৰ্ষণ কৰিছিল। যাৰ ফলত আহোম ৰজাই বহুওৱা চুতীয়া মানুহৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ জাতি-উপজাতি লোকো আহি এই অঞ্চলত থিতাপি ললেহি। কমাৰবন্ধা অঞ্চলৰ গাওঁ বিলাকৰ নামকৰণ-: গোহাঁয়ে খোৱা খাটৰ মাটিত বহা লোক গোহাঁই গাওঁৰ বাসিন্দা। খাটৰ মাটিৰ পৰা বাহিৰত বহা চুতীয়া সকল চুতীয়া গাঁওৰ বাসিন্দা। ৰজা ঘৰৰ নাবৰ কাম কৰা সকল নাওশলীয়া । ৰজাৰ দোলাৰ কাষত যোৱা সকল বহা ঠাই দোলাকাষৰীয়া।শদিয়া পাহাৰৰ নামনিৰ পৰা অহা সকল বহা ঠাই নামচনীয়া। ৰজাৰ ঘৰৰ বিচাৰত বহাসকল ঠাই "ৰাইদানৰ"ৰ পৰা ৰাইদঙীয়া। বৰাহী চুতীয়াসকল বহা ঠাই বৰাহী গাওঁ। পূৰ্বতে কছাৰী মানুহ বাস কৰা ঠাই কছাৰী গাওঁ। আৰু ৰজাঘৰীয়া খাটৰ মাটিত বহা ঠাই হ'ল ৰজনা খাট। কমাৰবন্ধা অঞ্চলৰ আশে পাশে থকা গাওঁ বিলাকৰ নাম এনেদৰেই সৃষ্টি হোৱা। অন্য ঠাইৰ পৰা উঠি অহা আহোম সম্প্ৰদায়ৰ লোক বহা ঠাই হ'ল মাউত গাওঁ। এনেকৈয়ে বিভিন্ন নামেৰে পৰিচিত গাওঁক লৈ কছাৰীহাট আৰু (দক্ষিণহেঙেৰা) খুমটাই নামেৰে দুটা মৌজাৰ কেন্দ্ৰভূমি এই কমাৰবন্ধা অঞ্চল।[1]

নামকৰণ সম্পাদনা কৰক

চুতীয়া সম্প্ৰদায়ৰ লোক কমাৰ শিল্প অতি পৈণত আছিল। দৈনন্দিন ব্যৱহাৰ্য্য লৌহ সামগ্ৰীৰ ভিতৰত যুদ্ধত ব্যৱহাৰ কৰা ঢাল-তৰোৱাল, হিলৈ আদি প্ৰস্তুত কৰিব পাৰিছিল। এনেকুৱা কমাৰ শিল্পত পৈণত লোকো আহি এই অঞ্চলত বসবাস কৰিবলৈ লৈছিলহি। আহোম ৰজাই এইসকল কমাৰ শিল্পীৰ খবৰ পাই ৰাজঘৰীয়া লৌহ সামগ্ৰী প্ৰস্তুত কৰি ৰজাঘৰত যোগান ধৰাৰ দায়িত্ব দিলে। এই শিল্পীসকলে সামগ্ৰী সমূহ নিৰ্মাণ কৰি ৰংপুৰত ৰাজঘৰত দিবগৈ লাগে । যেতিয়া আহোম ৰজাই যোৰহাটত ৰাজধানী পাতিলে তেতিয়া যোৰহাটত দিবগৈ লাগে। এই অঞ্চলৰ পৰা যোৰহাটলৈ অহা যোৱা কৰিবৰ কাৰণে হাবিৰ মাজেৰে কমাৰসকলে যিটো পথ নিৰ্মাণ কৰি লৈছিল কালক্ৰমত সেই সৰু পথটোৱেই ৰাজঘৰীয়া পথলৈ উন্নিত হৈ কমাৰবন্ধা পথৰ পৰা কমাৰবন্ধা আলিলৈ ৰূপান্তৰিত হয়। ১৮৮৪ খ্ৰীষ্টাব্দত যেতিয়া এই অঞ্চলৰ মাজেদিয়েই উত্তৰ পূৱ সীমান্ত ৰেলৰ প্ৰচলন হল তেতিয়া ইয়াৰ কেন্দ্ৰ স্থলতে কমাৰবন্ধা আলি ৰেল ষ্টেচন নামেৰে এটা ষ্টেচন বহিল। এনেকৈয়ে এই অঞ্চলৰ সকলোবিলাক অনুষ্ঠান প্ৰতিস্থানৰ ঠিকনাও কমাৰবন্ধা আলি নামেৰেই পৰিচিত।

ভৌগোলিক অৱস্থিতি সম্পাদনা কৰক

কমাৰবন্ধা আলি গোলাঘাট চহৰ উত্তৰ-পুব প্ৰান্তত অৱস্থিত। অঞ্চলটিৰ প্ৰাণকেন্দ্ৰস্বৰূপ কমাৰবন্ধা তিনিআলিলৈ গোলাঘাট চহৰৰ দূৰত্ব ৮ কি:মি:।আনহাতে কমাৰবন্ধা তিনিআলিৰ পৰা তিতাবৰ চহৰলৈ ১২ কি:মি: আৰু যোৰহাট নগৰলৈ ৩০ কি:মি:।

উল্লেখযোগ্য স্থান সম্পাদনা কৰক

  • কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়: ১৯৪৭ চনতে প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়ৰ মুখপত্ৰৰ নাম- পৰাগ।
  • কমাৰবন্ধা মহাবিদ্যালয়: কমাৰবন্ধা তিনিআলিৰ পৰা উত্তৰ দিশত ২ কি: মি: দূৰত অৱস্থিত এখন UGC (2f and 12B) স্বীকৃতিপ্ৰাপ্ত ৰাজহুৱা উচ্চ-শিক্ষানুষ্ঠান। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত কলা শাখাৰ বিভিন্ন বিষয়ত উচ্চমানৰ সৈতে স্নাতক পাঠ্যক্ৰমৰ সুবিধা থকা মহবিদ্যালয়খনৰ পৰা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনতো দুৰস্থ শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰি।
  • জয়হিন্দ পুথিভঁৰাল আৰু ক্লাৱ: এই অনুষ্ঠানটিয়ে ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।
  • আঠখেলীয়া বৰনামঘৰ: কমাৰবন্ধা তিনিআলিৰ পৰা দক্ষিণ দিশত প্ৰায় ৭ কি: মি: দূৰত (শালিকীহাটৰ পৰা নাটিদূৰত) অৱস্থিত মহাপুৰূষীয়া নামঘৰ। বৰ্তমান অসমৰ ভিন্ন প্ৰান্তৰ ভক্তিপ্ৰাণ ৰাইজৰ আগমন ঘটে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "স্মৃতিগ্ৰন্থ::মহাৰজত জয়ন্তী::সদৌ চুতীয়া জাতি সন্মিলন,অসম, কমাৰবন্ধাৰ ইতিবৃত্ত:-পুণি হাজৰিকা"