কম্পিউটাৰ মাউচ
কম্পিউটাৰ মাউচ এবিধ ইনপুট ডিভাইচ, অৰ্থাৎ মাউচৰ সহায়ত কম্পিউটাৰলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰি।[1]
উদ্ভাৱনসম্পাদনা কৰক
১৯৬০ৰ দশকত Douglas Englebart (ডৌগ্লাচ এংগ্লেবাৰ্ট) আৰু Bill English (বিল ইংলিচ)-এ কম্পিউটাৰক বাৰ্তা দিয়াৰ এটি উন্নত উপায় হিচাপে মাউচ উদ্ভাৱন কৰে। জি-ইউ-আই আৰু মাউচে কম্পিউটাৰত কাম কৰা অতিকৈ সহজ কৰি পেলালে। ই কম্পিউটাৰক অধিক জনপ্ৰিয় কৰাতো সহায় কৰিলে।[2]
অংগসম্পাদনা কৰক
এটি সাধাৰণ মাউচত ২ বাটন আৰু এটা স্ক্ৰল হুইল থাকে। এই কেইতাৰ সহায়ত 'ক্লিক' কৰা যায়।[3] মাইক্ৰচফ্ট ৱিণ্ড'জ ব্যৱহাৰ কৰিলে বাওঁফালৰ বাটানেৰে ফাইল চয়ন কৰিব বা খুলিব পাৰি। সোঁ ফালৰ বাটানটোৰ সহায়ত এখন তালিকা দৃশ্যমান কৰিব পাৰি, আৰু স্ক্ৰলৰ সহায়ত স্ক্ৰীন উপৰ তল কৰিব পাৰি।
মাউচটো ধৰাসম্পাদনা কৰক
মাউচটো যদিও সোঁ হাতেৰে ধৰিবলৈ নিৰ্মাণ কৰা হয়, বাঁও হাতেৰে ধৰা মাউচো উপলব্ধ। মাউচ হাতৰ তলুৱাৰ জোখৰ। তৰ্জনিৰে বাটান টিপা হয় আৰু মধ্যমাৰে স্ক্ৰলটো ঘূৰোৱা হয়। হাতৰ তলুৱাৰে যদিও মাউচটো লৰাব পাৰি, কান্ধ লৰাইহে মাউচটো আগ-পিছ কৰা হয়।[4]