কমৰধনি

কঁকালত পিন্ধা অলংকাৰ


কমৰধনি কঁকালত পিন্ধা অলংকাৰ। প্ৰাচীন অসমীয়াত আঢ়্যৱন্ত পৰিয়ালৰ পুৰুষ সকলে এই অলংকাৰ পিন্ধিছিল। ইয়াৰ প্ৰচলন এতিয়া নাই। সৰু সৰু ল'ৰা -ছোৱালীৰ কঁকালত কমৰধনি পিন্ধোৱা হয়। জনবিশ্বাস মতে,স্বাহ্য ভালে ৰাখিবলৈ প্ৰতিকাৰ হিচাপে কমৰধনি পিন্ধোৱা হয়। নামনি অসমত ইয়াক ডোৰা বুলি কোৱা হয়। অতীজত ৰোমৰ মানুহে কঁকালত টঙালিৰ দৰে মৰা চিংণ্ডলাম অলংকাৰ লগত কমৰধনি মিল আছে। ৰূপৰ কমৰধনি ব্যৱহাৰ কৰিলে কঁকালৰ বিষ নাশ হয় বুলি বিশ্বাস আছে। পেটৰ অনাৱশ্যক চৰ্বি ৰোধ কৰে আৰু কঁকাল সুস্থ আৰু নিৰোগী কৰি ৰাখে। [1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. দাস,ড°নাৰায়ণ আৰু ৰাজবংশী, ড°পৰমানন্দ (সম্পাদক) (২৭মে,১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ ,পাণবজাৰ ,গুৱাহাটী -১. পৃষ্ঠা. ৩২৬.