কলকাতা ডাৰ্বি

(কলিকতা ডাৰ্বিৰ পৰা পুনঃনিৰ্দেশিত)


কলকাতা ডাৰ্বি (ইংৰাজী: Kolkata derby) বুলিলে ভাৰতৰ দুটা আগশাৰীৰ তথা চিৰবৈৰী ফুটবল ক্লাব মোহন বাগান আৰু ইষ্ট বেংগলৰ মাজত হোৱা ফুটবল খেল সমূহক বুজোৱা হয়। বঙালী ভাষাত এই খেল সমূহক বড় মেটচ বোলা হয়। বৰ্তমান এটা বছৰত অতি কমেও এই দুটা ক্লাব ৪ বাৰ ফুটবল খেলপথাৰত মুখামুখি হয়। ইয়াৰে দুবাৰ ৰাজ্যিক লীগ সমূহত আৰু দুবাৰ ৰাষ্ট্ৰীয় ফুটবল লীগ সমূহত। তদুপৰি এই দুয়োটা ক্লাবে অন্য বিভিন্ন প্ৰতিযোগিতা, যেনে ৰ'ভাৰ্ছ কাপ, ফেডাৰেচন কাপ, আই. এফ. এ'. শ্বিল্ড আদিত মুখামুখি হয়। এই দুয়োটা ক্লাবৰ বৈৰী মনোভাৱ যোৱা ৮৬ বছৰ ধৰি চলি আহিছে। ফিফাই তৈয়াৰ কৰি উলিওৱা পৃথিৱীৰ অন্যতম ফুটবল ডাৰ্বি খেল বিলাকৰ তালিকাতো কলকাতা ডাৰ্বিয়ে ঠাই পাইছে।[1]

কলকাতা ডাৰ্বি
নগৰ বা অঞ্চল কলকাতা, পশ্চিম বংগ, ভাৰত
ভাগলোৱা দলসমূহ মোহন বাগান
ইষ্ট বেংগল
মুঠ মুখামুখি Official:
Friendlies:
মুঠ জয় ইষ্ট বেংগল(১১৪)
শেষতীয়া খেল ২০ নবেম্বৰ ২০১১
ইষ্ট বেংগল ০–১ মোহন বাগান
সৰ্বকালৰ শৃংখলাসমূহ অগ্ৰগতি ৮৬-৪৩-৮২
সৰ্ববৃহৎ জয় >ইষ্ট বেংগল ৫–০ মোহন বাগান

এই দুয়োটা ফুটবল ক্লাবৰে বৃহৎ সংখ্যক সমৰ্থক আছে। দুয়োটা ক্লাবে দুটা পৃথক বঙালী সামাজিক শ্ৰেণীক প্ৰতিনিধিত্ব কৰে। মোহন বাগানক সমৰ্থন কৰে বংগ দেশৰ পশ্চিমাঞ্চলৰ বঙালীসকলে। ইয়াৰ বিপৰীতে ইষ্ট বেংগলৰ সমৰ্থকসকল হৈছে ঘাইকৈ পূব বংগদেশৰ (এতিয়াৰ বাংলাদেশকো সামৰি)।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক