কলীয়াভোমোৰা সেতু

(কলিয়াভোমোৰা সেতুৰ পৰা পুনঃনিৰ্দেশিত)

কলীয়াভোমোৰা সেতু অসমশোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায় ১৯৭৮ চনত স্থাপন কৰে৷ ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে৷ ৩.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল দলংখনত প্ৰায় ৪৪ কোটি টকাৰ লগতে সৰ্বমুঠ ব্যয় হৈছিল ৮৯ কোটি টকা৷[1]

কলীয়াভোমোৰা সেতু

ৰাতিৰ আলোক সজ্জাৰ সৈতে কলীয়াভোমোৰা সেতু
প্ৰকৃত নাম কলীয়াভোমোৰা সেতু
স্থানীয় তেজপুৰৰ ওচৰত, অসম, ভাৰতবৰ্ষ
তদাৰক সংস্থা অসম চৰকাৰ
পদাৰ্থ pre-stressed concrete
মুঠ দৈৰ্ঘ্য ৩০১৫ মিটাৰ
নিৰ্মাণ আৰম্ভ হয় ১৯৮১
নিৰ্মাণ শেষ হয় ১৯৮৭
মুকলি ১৯৮৭

নামকৰণ (Etymology) সম্পাদনা কৰক

১৭৯৫ চনত কামৰূপৰ হৰদত্ত-বীৰদত্ত নামৰ ভাতৃদ্বয়ে আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ কিন্তু এই বিদ্ৰোহক আহোম সেনাপতি বৰফুকন কলীয়াভোমোৰাই দমন কৰিবলৈ সক্ষম হৈছিল৷ এইজনা আহোম সেনাপতিয়ে পোনতে কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সংযোগী সেতু নিৰ্মাণ কৰিবলৈ শিলৰ খুঁটা আদি পেলাইছিল।[2] এখেতৰ নামেৰেই দলংখনৰ নামকৰণ কৰা হৈছে৷

চিত্ৰ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. কলীয়াভোমোৰা সেতু Archived 2014-03-16 at the Wayback Machine, মেৰু মিঠু কটকী, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২
  2. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী

বৰ্হি সংযোগ সম্পাদনা কৰক