ক'লীবুঢ়ী নাচ
ক’লীবুঢ়ী নাচ বা ক'লী বুঢ়ীৰ নাচ মাঘ বিহুৰ সৈতে জড়িত আৰু কলিয়াবৰৰ ঠাইবিশেষে অনুষ্ঠিত এক লোকানুষ্ঠান। ই কেৱল মহিলাৰ মাজত প্ৰচলিত। ক্ৰমে লুপ্ত হৈ যাব ধৰা এই নাচৰ অনুষ্ঠানে আদিম কৃষিজীৱি অসমীয়া সমাজৰ সৃষ্টিশীল মনক প্ৰকাশ কৰে। ক’লী বুঢ়ী নাচত পুৰুষৰ অংশগ্ৰহণ বা প্ৰৱেশ নিষেধ যদিও লুপ্তপ্ৰায় অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টাত এই নাচৰ অনুষ্ঠানক বৰ্তমান পুৰুষৰ উপস্থিতিত সাংস্কৃতিক কাৰ্যসূচী হিচাপে অনুষ্ঠিত কৰা দেখা যায়।[1]
ক'লীবুঢ়ী নাচ | |
---|---|
তাৰিখ | মাঘ বিহুৰ হাৰলি ঘৰ পোৰাৰ দিনা |
অন্তৰ | বাৰ্ষিক |
ঠাই | কলিয়াবৰ, অসম |
অংশগ্ৰহণকাৰী | বয়সিয়াল মহিলা |
আয়োজনৰ সময়
সম্পাদনা কৰকমাঘ মাহৰ হাৰলি ঘৰ পোৰাৰ দিনা কলিয়াবৰৰ সোণাৰী গাওঁ অঞ্চলত এই নাচ অনুষ্ঠিত কৰা হয়। ক’লীবুঢ়ীৰ নাচ উজনি অসমৰ ঠায়ে ঠায়ে প্ৰচলিত ক’লাবুঢ়ীৰ নাচৰ পৰাই আহিছে বুলি অনুমান কৰা হয়। মাঘ বিহুত ডেকা বুঢ়া সকলোৱে বিভিন্ন খেল-ধেমালি কৰি ৰং ৰহইচ কৰে। বিহুৰ সামৰণিত হাৰলি ঘৰ পোৰা হয়। হাৰলি ঘৰ পোৰা ছাই বতাহত উৰি যেনি তেনি যায় আৰু ভক্তপ্ৰাণ ৰাইজে সেই ছাই আঁজলি পাতি লৈ কপালত লয়। সেই পৱিত্ৰ ছাই আঁজলি পাতি মহিলাসকলেও লৈ মুখত সানি নিৰলে ৰং ৰহইচ কৰে, কাৰণ, মহিলাসকলে মুকলি ঠাইত হোৱা খেল-ধেমালিবোৰত অংশ গ্ৰহণ কৰিব নোৱাৰে।[1]
পৰিৱেশন
সম্পাদনা কৰকমাঘ বিহুৰ কৰ্মব্যস্ততাৰ পৰা আজৰি হৈ মহিলাসকলে আওহতীয়া ঠাইত লগ হৈ ৰং ৰহইচ কৰে। মহিলাৰ দলটোত এগৰাকীয়ে নাচৰ গুৰি ধৰে। তেওঁ মুখত হাৰলি ঘৰ পোৰা ছাই সানি ক’লা কৰি মূৰত পাগুৰি মাৰি লয় আৰু ওজাপালিৰ আৰ্হিত গীত লগাই দিয়ে আৰু বাকী মহিলাসকলে গীতৰ তালে তালে ঘূৰি ঘূৰি নৃত্য কৰে। মূল ভাৱৰীয়াগৰাকীয়ে ৰিহা মেখেলা পৰিধান কৰি ভাও দি দি গীতৰ কথা আগবঢ়াই নিয়ে। কম বয়সীয়া বোৱাৰী বা ছোৱালীয়ে এই নাচত অংশ গ্ৰহণ কৰা দেখা নাযায়। ’পুৰুষসকলেও এই নাচ চোৱাত বাধা। আজিৰে পৰা ৫০-৬০ বছৰৰ আগলৈকে কোনো লোকে গোপনে ক’লীবুঢ়ী নাচ চাবলৈ যোৱা গম পালে সমাজত বা গাঁৱৰ ৰাইজৰ আগত ন্যূনতম জৰিমণা আদায় দিব লাগিছিল। ’[2] নাৰীসকলে কাঁহৰ বাদ্য আৰু হাত চাপৰিৰে তাল মিলাই বিহুগীতো পৰিৱেশন কৰে।[1]
"আটী দৈয়া পাটী দৈয়া
তামোল কটা কটাৰী
দয়ালনিৰ তুলাপাতৰ
নাহৰৰ তলত চকু চাম
তোমাৰ তালৈ গধূলি যাম।"
ক’লীবুঢ়ী নাচত হাস্যৰসৰ সৃষ্টি কৰিবলৈ তেনে খুহুতীয়া গীতো গোৱা হয়।
"কঁকালটো হেকেৰা
মুখখন পকা থেকেৰা
চুলি যদিও মোৰ পকা
মোৰ লগত ভাঙি দিলে
আগৰ দিনৰ ল’ৰাহঁতে পায় শ শ টকা।"
সাদৃশ্য
সম্পাদনা কৰকক’লী বুঢ়ীৰ নাচৰ সৈতে ৰাতি বিহু বা জেং বিহুৰ সাদৃশ্য দেখিবলৈ পোৱা যায়। আনহাতে, উজনিত প্ৰচলিত ক’লাবুঢ়ীৰ নাচৰ সৈতেও ক’লী বুঢ়ী নাচৰ সাদৃশ্য দেখা যায়। অৱশ্যে উজনিৰ ক’লাবুঢ়ীৰ নাচ বিয়াৰ লগতহে জড়িত। উজনিত বিয়াৰ দিনা গাঠিয়ন খুন্দি কইনাক নোৱাবলৈ বেইৰ তলত বহুৱাই কইনাৰ মূৰৰ ওপৰত এখন চাদৰ তৰি দিয়া হয়। সেই চাদৰত ছাই, ধান, খোলাকটি আদি দি পিছত সেইবোৰ বুঢ়ী মানুহ এগৰাকীয়ে কুলা এখনত লৈ ধেমেলীয়া গীত গাই নাচে। উজনিৰ এই নাচ মাঘৰ বিহুৰ লগত সম্পৰ্কিত নহয় যদিও উজনিৰ নাচৰ সময়তো বুঢ়ীগৰাকীয়ে মুখত ছাই সানি ক’লা কৰি লয় আৰু কলিয়াবৰৰ সোণাৰী গাঁৱতো নাচৰ মূল নাচনীয়ে মুখত ছাই সানে।[1]