কলীয়াভোমোৰা সেতু
কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায় ১৯৭৮ চনত স্থাপন কৰে৷ ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে৷ ৩.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল দলংখনত প্ৰায় ৪৪ কোটি টকাৰ লগতে সৰ্বমুঠ ব্যয় হৈছিল ৮৯ কোটি টকা৷[1]
কলীয়াভোমোৰা সেতু | |
---|---|
ৰাতিৰ আলোক সজ্জাৰ সৈতে কলীয়াভোমোৰা সেতু | |
প্ৰকৃত নাম | কলীয়াভোমোৰা সেতু |
স্থানীয় | তেজপুৰৰ ওচৰত, অসম, ভাৰতবৰ্ষ |
তদাৰক সংস্থা | অসম চৰকাৰ |
পদাৰ্থ | pre-stressed concrete |
মুঠ দৈৰ্ঘ্য | ৩০১৫ মিটাৰ |
নিৰ্মাণ আৰম্ভ হয় | ১৯৮১ |
নিৰ্মাণ শেষ হয় | ১৯৮৭ |
মুকলি | ১৯৮৭ |
নামকৰণ (Etymology)
সম্পাদনা কৰক১৭৯৫ চনত কামৰূপৰ হৰদত্ত-বীৰদত্ত নামৰ ভাতৃদ্বয়ে আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ কিন্তু এই বিদ্ৰোহক আহোম সেনাপতি বৰফুকন কলীয়াভোমোৰাই দমন কৰিবলৈ সক্ষম হৈছিল৷ এইজনা আহোম সেনাপতিয়ে পোনতে কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সংযোগী সেতু নিৰ্মাণ কৰিবলৈ শিলৰ খুঁটা আদি পেলাইছিল।[2] এখেতৰ নামেৰেই দলংখনৰ নামকৰণ কৰা হৈছে৷
চিত্ৰ
সম্পাদনা কৰক-
কলীয়াভোমোৰা সেতু
-
কলীয়াভোমোৰা সেতুৰ সন্ধিয়া সময়ৰ এক দৃশ্য
-
কলিয়াবৰৰ পৰা তেজপুৰ অভিমুখে কলীয়াভোমোৰা সেতুৰ দৃশ্য।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ কলীয়াভোমোৰা সেতু Archived 2014-03-16 at the Wayback Machine, মেৰু মিঠু কটকী, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
বৰ্হি সংযোগ
সম্পাদনা কৰক- Kaliabhumura Hetu r Ratipuwa Manumuha Dreshya
- Kaliabhomora Rosd Bridge on the river; by Akash Protim Barua