কাকৈ হৈছে সাধাৰণতে বিহু নৃত্যশিল্পীসকলে পিন্ধা মহৰ শিং, কাঠ, বাঁহ আদিৰে তৈয়াৰী পৰম্পৰাগত চুলিৰ বেন পিন বা চুলি ফণিয়াবলৈ ব্যৱহাৰ কৰা একপ্ৰকাৰৰ বাঁ‌হৰে নিৰ্মিত ফণি।[1] ইয়াৰ এটা মূৰত সাধাৰণ ফণিৰ দৰে দীঘল শলা সদৃশ দাঁ‌ত থাকে যাৰ ফলত চুলিত ইয়াক পিন্ধিব পৰা যায় বা চুলি ফণিয়াব পৰা যায়। চুলি পৰিষ্কাৰ, বা ষ্টাইল কৰিবলৈ চুলিৰ মাজেৰে টানিব পৰাকৈ দাঁতৰ শাৰী থকা এটা খাদৰে গঠিত সঁজুলি বিধকে ফণি বোলে। প্ৰাগঐতিহাসিক যুগৰ পৰাই ফণি ব্যৱহাৰ কৰা হৈছে, পাৰস্যত ৫,০০০ বছৰ আগৰ বসতিস্থলৰ পৰা অতি পৰিশোধিত ৰূপত এনে ফণি আৱিষ্কাৰ কৰা হৈছে।[2]

গগনা আৰু সুতুলিৰ মাজত কাকৈ

কাকৈ নিৰ্মাণ সম্পাদনা কৰক

সহজে উপলব্ধ হোৱা সামগ্ৰী হিচাপে সাধাৰণতে ভলুকা বাঁ‌হ নামেৰে জনাজাত অসমত স্থানীয়ভাৱে উপলব্ধ বাঁহৰ পৰা কাকৈ ফণি তৈয়াৰ কৰা হয়। ইয়াৰোপৰি মহৰ শিং, হাতীৰ দাঁত আৰু কাঠৰেও কাকৈ বনোৱা হৈছিল। এটা বাঁহৰ পৰা প্ৰায় ২০০খন কাকৈ ফণি তৈয়াৰ কৰিব পাৰি। একোখন কাকৈৰ দৈঘ্য সাধাৰণতে ১৫-২০ চেণ্টিমিটাৰ আৰু বহলে ৪-৫ চেণ্টিমিটাৰৰ ভিতৰত থাকে। ইয়াৰ ওপৰৰ অংশটো ধুনীয়াকৈ ম'ৰা চৰাই সদৃশকৈ বনোৱা হয় আৰু তলৰ ফালে শলা সদৃশ দীঘল দাঁ‌তবোৰ থাকে। বৰ্তমানৰ প্ৰেক্ষাপটত ডিচেম্বৰৰ পৰা মে’ মাহলৈকে বিহুৰ সময়চোৱাত চাহিদা অধিক হোৱা ই এবিধ ঋতুভিত্তিক সামগ্ৰী।[3]

ব্যৱহাৰ সম্পাদনা কৰক

কাকৈ পুৰণি অসমীয়া সমাজৰ এবিধ দৈনন্দিন প্ৰয়োজনীয় আহিলা। প্ৰধানকৈ মূৰ আঁচুৰিবলৈ কাকৈ ব্যৱহাৰ কৰা হৈছিল। ইয়াৰোপৰি মূৰৰ খোপাত অসমীয়া মহিলাসকলে ৰূপৰ ফুল আৰু বনকৰা কাকৈ ফণি পিন্ধিছিল। বৰ্তমান বিহুৰ বতৰত নাচনীয়ে খোপাত কপৌফুল, তগৰ ফুল বা গগনাৰ দৰে কাকৈ ফণিখনো গুজি লয়। এই ফণিখনৰ সজ্জাই নাচনীৰ খোপা শুৱনি কৰে। আগৰ দিনৰ অসমীয়া নাৰীয়ে হাতীদাঁত, ম'হৰ শিঙৰ বা কাঠ বাহঁৰ কাকৈৰে কেশবিন্যাস কৰিছিল। হাতীদাঁত বা ম'হৰ শিঙৰ ফণি মূল্যবান হোৱাৰ লগতে এনে সামগ্ৰীৰে নিৰ্মিত কাকৈৰ যথেষ্ট গুণ আছিল বুলি বিশ্বাস কৰা হয়। জনবিশ্বাস আছে যে ম'হৰ শিঙৰে নিৰ্মিত কাকৈৰে মূৰ আঁচুৰিলে মূৰৰ বিষ বা মূৰঘূৰণি নহয় আৰু সোনকালে চুলি নপকে বা নসৰে। কথিত আছে বহাগ বিহুত বৰদৈচিলা হিল দল ভাঙি, আউলী বাউলী চুলিৰে মাকৰ ঘৰলৈ আহে। অসমীয়া মানুহে বৰদৈচিলা আহিলে চোতালত বৰপীৰা পাৰি তাতে কাকৈ ফণি এখন দিয়াৰ নিয়ম।[4] এনে কৰিলে বৰদৈচিলা কিছু শাম কাটে বুলি বিশ্বাস আছে।

কাকৈৰে সদৃশ সঁ‌জুলি সম্পাদনা কৰক

 
বাঁ‌হৰে নিৰ্মিত এপাত কুচি

কাকৈ ফণিৰ সৈতে সাদৃশ্য থকা অসমীয়া সমাজ-জীৱনত ব্যৱহাৰ হোৱা এবিধ তাঁ‌তৰ সঁ‌জুলি হৈছে কুচি। কাকৈৰ দৰে কুচিৰ ব্যৱহাৰো ফণিয়াবলৈ ব্যৱহাৰ কৰা হয়। সাধাৰণতে শিপিনীসকলে তাঁ‌ত-বাতি কৰোঁতে আৰু তাঁ‌ত বোৱাৰ সময়ত টোলোঠাৰ সূতা খোলোতে এই সূতাৰ কেঁ‌ৰ ভাঙিবলৈ কুচিৰে সূতাবোৰ ফণিয়াই দিয়ে।

তথ্যসূত্ৰ সম্পাদনা কৰক