কামাখ্যাধামৰ চ'ৰাব্ৰত
আঘোনৰ পূৰ্নিমাৰ তিথিৰ ৰাতিবেলা কামৰূপৰ কোনো কোনো ঠাইৰ দৰে কামাখ্যা ধামতো চ'ৰা-ব্ৰত পালন কৰা হয়। চৰা শব্দৰ অৰ্থ হ'ল - সভক্তিৰে দেৱ দেৱীলৈ আগবঢ়োৱা উপাচাৰ। এই ব্ৰত উপলক্ষে বিৱাহিতা আৰু বিৱাহযোগ্য গাভৰুহঁতে ওৰে দিন উপবাসে থাকি ৰাতি দেৱী কাত্যায়ণীক পূজা কৰে। মাহ প্ৰসাদ, ধূপ- দীপ আৰু অন্যান্য উপাচাৰৰ উপৰি শোভেৰী নামৰ এটি পাত্ৰ, মাটিৰে নিৰ্মিত বহুসংখ্যক চৰাই মূৰ্তি, নানা বৰণৰ ফুল, ৰবাব টেঙা প্ৰভৃতি এই ব্ৰতত প্ৰয়োজনীয় সামগ্ৰী। এই ব্ৰতত এজন পুৰোহিত লাগে। তেওঁৰ নিৰ্দেশত ব্ৰত কাৰিণীসকলে শোভেৰিত পুষ্প পত্ৰ আগ কৰি কাত্যায়ণী দেৱীলৈ পূজাভাগ আগবঢ়ায়। পূজাৰ ক্ষেত্ৰত তেওঁলোকে চৰা- ব্ৰতৰগীত পৰিৱেশন কৰে। দেৱী- কাত্যায়ণীৰ গুন গৰিমা বৰ্ণনাই গীতৰ কেন্দ্ৰবিন্দু। ৰাতিপুৱাৰ লগে লগে ব্ৰতৰ সামৰণি পৰে আৰু শোভেৰীৰ লগতে ফম- মূল প্ৰভৃতি বিসৰ্জন দিয়ে। স্বামীৰ মংগল কামনা আৰু উপযুক্ত জীৱনৰ লগৰী পোৱাই এই ব্ৰত পালনৰ মূল উদ্দেশ্য।
[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ দাস নাৰায়ন, ৰাজবংশী পৰমানন্দ. অসমীয়া সংস্কৃতিৰ কণিকা. পৃষ্ঠা. ৭৫.