কামাখ্যা দেৱালয়ৰ দেৱলীয়াৰ লেখ
এই প্ৰবন্ধটো কামাখ্যা মন্দিৰ নামৰ প্ৰবন্ধৰ লগত একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
কামাখ্যা মন্দিৰৰ নিত্য-নৈমিত্তিক পূজা সেৱা প্ৰভৃতি সুকলমে চাবলৈ বৰফুকনে ভিন্ন স্তৰৰ লোক নিয়োগ কৰাৰ বহল তালিকা নাও বৈচা ফুকনৰ অসম বুৰঞ্জীত পোৱা যায়। তালিকাখন এনেধৰণৰ- বৰ দেউৰী( দেৱালয়ত পূজা কৰা ব্ৰাহ্মণ), সৰু দেউৰী (বৰ দেউৰী অনুপস্থিতিত পূজা কৰা বাপু) পৰিচালক (নৈবেদ্য সজাই দিয়া লোক), আঠপৰীয়া (দিনে ৰাতিয়ে আঠপৰ পহৰা দিয়া লোক), তেলী (তেল যোগনীয়াৰ), মালী (ফুল আৰু মালা যোগান ধৰোঁতা, ধোৱা (দেৱলায়ৰ কাপোৰ- কানি ধোৱা লোক), নাপিত (পুৰোহিত আৰু আন সকলৰ দাড়ি চুলি কটা লোক), কমাৰ (লোৰ যতন নিৰ্মাণ কৰা লোক), কুমাৰ (মাটিৰ সাজ বাচন যোগনীয়া), চমাৰ (চূন যোগনীয়া), কালীয়া (কালী বাদক), ঢুলীয়া (ঢোল বাদক), বলীকটীয়া (বলি কটা লোক), গায়ন (গায়ক), পাখৌ জিয়া গায়ন,নাচনিয়াৰ (নৃত্যত পাৰদৰ্শী জন), নেগেৰিয়া (নাগাৰা বজোৱা লোক), খাতোৱাল (দেৱালয়ৰ খাতত থাকি শস্য যগোৱা), বাৰি চোৱা (দেৱালয়ৰ বাৰীত উপহাৰ দ্ৰব্যৰ খেতি কৰা লোক), বেলি চোৱা (বেলি চাই পূজাৰ কাল নিৰ্ধাৰণ কৰা লোক), চাউল কৰা (চাউল বচা লোক), মলখু বচা (পূজাৰ মলখু চাউল বাছি দিয়া লোক), আৰু পানী তোলা (দেৱালয়ৰ বাবে পানী পুখুৰীৰ পৰা তুলি অনা লোক)।[1]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ দাস নাৰায়ণ, ৰাজবংশী পৰমানন্দ. অসমীয়া সংস্কৃতিৰ কণিকা. পৃষ্ঠা. ৭৪.