কাল্টাৰাম ৰাভা (? - আন. ১৯৬০) এগৰাকী কৃষক নেতা আছিল। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ওচৰৰ ছোটমাটিয়া গাঁৱত জন্ম। ভাৰতৰ স্বাধীনতাৰ আগৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সভ্য আছিল। স্বাধীনতাৰ পাছত এখেতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগ দিয়ে। কৃষক নেতা ৰূপে জনজাতীয় সকলক শোষণৰ বিৰুদ্ধে সংঘবদ্ধ কৰিছিল।[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৩