কাৰাকাট্টম (তামিল: கரகாட்டம் “কাৰকাম (கரகம் ‘পানীৰ কলহ’) নৃত্য”), বা কেৰিবিয়ানত কাৰাগাম পূজা, হৈছে বৰষুণ দেৱী মৰিআম্মাৰ বন্দনাৰ বাবে পৰিবেশন কৰা তামিলনাডুৰ এটা প্ৰাচীন লোক-নৃত্য। ভাৰথম আৰু ভৰতনাট্যমৰ দৰে একাধিক তামিল নৃত্যৰ ভংগীমা আৰু মুদ্ৰাৰ সংমিশ্ৰণৰ পৰা এই নৃত্যৰ উদ্ভৱ হৈছিল বুলি প্ৰাচীন তামিল মহাকাব্যত কোৱা হৈছে। এই নৃত্যৰ দ্বাৰা বৰষুণৰ আশীৰ্বাদ পাবলৈ দেৱীক প্ৰসাদ আগবঢ়োৱা হয়। কৰ্ণাটকী (অমৃতবৰ্ষিনী) লোক সংগীতৰ সৈতে এই নৃত্য পৰিৱেশন কৰা হয়।[1]

কাৰাকাট্টম নৃত্য পৰিৱেশন

এই নৃত্য পৰিৱেশন কৰা সময়ত শিল্পীসকলে মূৰত এটা কলহৰ ভাৰসাম্য ৰক্ষা কৰে। পৰম্পৰাগতভাৱে এই নৃত্যক দুটা ভাগত ভাগ কৰা হয়:

আট্টা কাৰাকাম আনন্দ আৰু সুখৰ প্ৰতীক। ইয়াক প্ৰধানকৈ মনোৰঞ্জনৰ বাবে পৰিবেশন কৰা হয়।

শক্তি কাৰাকাম কেৱল মন্দিৰত আধ্যাত্মিক অনুষ্ঠানৰ অংশ হিচাপেহে পৰিবেশন কৰা হয়।[2]

শাস্ত্ৰীয় তামিল নৃত্যৰ জৰিয়তে কাৰাকাট্টমে বৰষুণৰ আহ্বান জনায়। সাধাৰণতে গীতসমূহত অমৃতবৰ্ষিনী ৰাগ (ৰাগামালিকা) ব্যৱহাৰ কৰা হয়। মাতৃ প্ৰকৃতিয়ে প্ৰচুৰ বৰষুণ দিয়ে আৰু শস্যসমূহ ৰক্ষা কৰে বুলি তামিলসকলে বিশ্বাস কৰে।

পৰম্পৰাগতভাৱে কাৰাকাট্টমত শাৰি পৰিধান কৰা হয়। কিন্তু কেতিয়াবা অন্য সাজ-পোছাকো পৰিধান কৰিব পাৰে কাৰণ নৃত্যশিল্পীয়ে মূৰত এটা কাৰাকাম (কলহ) লোৱাটোহে কাৰাকাট্টমৰ মূল বৈশিষ্ট। কাৰাকাট্টমৰ সাধাৰণ সাজ-পোছাকৰ ভিতৰত আছে শাৰি বা কুৰ্টা, ৰঙীন গামোচা আৰু এটা পাত্ৰ।

সম্ভৱতঃ অল্প বস্ত্ৰ পিন্ধা যুৱতীয়ে মদ্যপায়ী দৰ্শকৰ সন্মুখত অধিকতৰ নৈশ অনুষ্ঠানত প্ৰদৰ্শন কৰা বাবে ভাৰতনাট্যমৰ বিশুদ্ধতাবাদীসকলে এই শিল্পক অগতানুগতিক আৰু নিম্ন শ্ৰেণীৰ বুলি উলাই কৰি সমৰ্থন নকৰাৰ বাবে বৰ্তমানৰ কাৰাকাট্টম নৃত্য শৈলী দুৰ্নীতিগ্ৰস্ত হোৱা যেন লাগে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কাৰাকাট্টম প্ৰদৰ্শনত অংশগ্ৰহণ কৰাৰ সময়ত মদ্যপানৰ অনুমতি নিদিবলৈ আৰু “নগ্নতা আৰু অশ্লীলতা” পৰিবেশন নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।[3]

আঞ্চলিক প্ৰকাৰভেদ

সম্পাদনা কৰক

কেৰিবিয়ান শক্তিবাদ

সম্পাদনা কৰক

তামিল মূলৰ ভাৰতীয়-কেৰিবিয়ানসকলৰ পৰম্পৰা কেৰিবিয়ান শক্তিবাদত কাৰাকাটমক কৰগাম পূজা বা কলস পূজা বুলি জনা যায়। ভাৰতীয় উপমহাদেশৰ চুক্তিবদ্ধ ভৃত্য গিৰমিটিয়াসকলৰ জৰিয়তে এই পৰম্পৰা কেৰিবিয়ান আৰু দক্ষিণ আমেৰিকালৈ প্ৰসাৰিত হৈছিল।

কীৰগাম পূজা একেৰাহে তিনিদিন ধৰি অনুষ্ঠিত হয় আৰু অনুষ্ঠানৰ পূৰ্বে ভক্তসকলে উপবাস কৰে। এই উৎসৱত কাঞ্চি কামাক্ষী (ত্ৰিপুৰা সুন্দৰী) আৰু মাদুৰাই মীনাক্ষী দেৱীক আৰাধনা কৰা হয়। এই উৎসৱত শোভাযাত্ৰাৰ আগত পূজাৰ যোগেদি কালী/ মৰিআম্মা দেৱীৰ বন্দনা কৰা হয়, গংগা আম্মান, আৰু কাটেৰী আম্মান শোভাযাত্ৰাৰ জৰিয়তে নদীলৈ আগবঢ়াই নিয়া হয় আৰু পূজাৰ প্ৰসাদ জলত অৰ্পণ কৰা হয় আৰু তাৰ পিছত মাৰ্লো পূজাৰীসকলে সমাধি আৰু সাংগীলি কাৰুপ্পুত প্ৰৱেশ কৰে আৰু চাবুকেৰে আঘাত কৰা, জিভাত জ্বলন্ত কৰ্পূৰ লগাই “শপত লোৱা”, জ্বলি থকা কয়লাৰ ওপৰেৰে গাখীৰ ভৰ্ত্তী পুখুৰী এটালৈ দৌৰি যোৱা আদি লোকাচাৰ প্ৰদৰ্শন কৰি মাদুৰাই বীৰাণক আৰাধনা কৰা হয়। এই অনুষ্ঠানত জিভা-গাল বিন্ধা কৰা, চোকা অস্ত্ৰৰ ওপৰত নৃত্য কৰা আদি বিভিন্ন দুঃসাহসিক কাৰ্য কৰাৰ ওপৰি পশু বলিও দিয়া হয়।

কলহবোৰ মন্দিৰত নিম পাত আৰু কৰবী ফুলৰ ওপৰত থৈ তাৰ ওপৰত নাৰিকল দি সজায় থোৱা হয়। তিনিজন অংশগ্ৰহণকাৰীয়ে ছামি আদুথাল মঞ্চত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ দুজনে কাৰাগাম কঢ়িয়াই আনে আৰু আনজনে নিম পাতেৰে সজ্জিত কৰবী ফুলৰ মালা পিন্ধি মাদুৰাই বীৰাণ দেৱতাক কঢ়িয়াই আনে।

জনপ্ৰিয় সংস্কৃতিত

সম্পাদনা কৰক

১৯৮৯ চনত মুক্তিপোৱা তামিল চলচ্চিত্ৰ “কাৰাগট্টাকাৰণ”ৰ মুখ্য অভিনেতা ৰামৰাজন, কনকা আৰু কোভাই সৰলাক কাৰাকাট্টম নৃত্যৰ পৰিবেশক হিচাপে চিত্ৰিত কৰা হৈছে। বিশেষকৈ ইলাইয়াৰাজাৰ সংগীত আৰু কাৰাকাট্টম নৃত্য পৰিচালনাৰে “মাংগুইলাই পুংগুইলে” গীতটোৰ বাবে ছবিখনে জনপ্ৰিয়তা লাভ কৰিছিল আৰু কাৰাকাট্টম নৃত্যৰ বিজ্ঞাপন হিচাপে পৰিগণিত হৈছিল।

ইয়াৰ উপৰিও ২০০১ চনত মুক্তি পোৱা ভক্তিমূলক ছবি “পড়াই ভিতু আম্মান”ত মুখ্য অভিনেত্ৰী মীনাই এটা উৎসৱৰ গীতত কাৰাকাট্টম নৃত্য প্ৰদৰ্শন কৰিছিল। লগতে ২০০২ চনৰ তামিল ছবি “শ্ৰী বান্নাৰি আম্মান”ৰ কেন্দ্ৰীয় মহিলা ভক্তগৰাকীক বংশগত কাৰাকাট্টম নৃত্যশিল্পী হিচাপে দেখুওৱা হৈছিল। ছবিখনৰ এটা গীতত কাৰাকাট্টম নৃত্য প্ৰদৰ্শনো কৰা হৈছিল।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক