কাৰা বাঁহী ৰাভাসকলৰ তত বাদ্যৰ ভিতৰত অন্যতম।[1] নল বাঁহেৰে সজা এই বাঁহীৰ দৈৰ্ঘ্য প্ৰায় দুই-আঢ়ৈ মিটাৰ। এই বাঁহীটোৰ বৈশিষ্ট্য এইখিনিতে যে ইয়াত সুৰ তুলিবলৈ এটাও ফুটা নাই। ৰাভা সংস্কৃতিৰ বিশেষজ্ঞ ৰাজেন ৰাভাৰ ভাষাত, 'মাথোঁন বাঁহডালৰ আগমূৰত ফুঁ দিব পৰা এটা বিন্ধা থাকে আৰু আন মূৰত সুৰৰ গভীৰতা ৰক্ষাৰ বাবে খাপ খোৱাকৈ এটা দাঙৰ চুঙা লগোৱা থাকে।' ৰাভাসকলৰ ই এটা বিশেষ বাদ্য যন্ত্ৰ।[1] ভাৰতবৰ্ষৰ কোনো জনজাতিৰ মাজতে অনুৰূপ বাঁহীৰ প্ৰচলন নাই। এই বাদ্য-যন্ত্ৰৰ সুৰ, তাল আৰু বাদ্য কৌশল যথেষ্ট জটিল। দীৰ্ঘ দিনীয়া অনুশীলনী অবিহনে কাৰা বাঁহীৰ মন মোহনীয় ধ্বনি তোলাটো অসম্ভৱ।[1]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 ড° নাৰায়ন দাস, ড° পৰমানন্দ ৰাজবংশী (১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশক গুৱাহাটী: প্ৰকাশন গোট, স্নাতকোত্তৰ অসমীয়া অধ্যয়ন কেন্দ্ৰ, অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্য়ালয়.