কিলিয়ান এমবাপে লটিন (ইংৰাজী: Kylian Mbappé Lottin; জন্ম: ২০ ডিচেম্বৰ ১৯৯৮) এগৰাকী ফৰাচী পেছাদাৰী ফুটবলাৰ। তেওঁ লিগ ১ ক্লাব পেৰিছ চেণ্ট জাৰ্মেইন আৰু ফ্ৰান্স জাতীয় দলৰ বাবে ফৰৱাৰ্ড হিচাপে খেলে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ বুলি পৰিগণিত [2] এমবাপে ড্ৰিবলিং ক্ষমতা, ব্যতিক্ৰমী গতি আৰু ফিনিছিঙৰ বাবে বিখ্যাত।

কিলিয়ান এমবাপে

২০১৯ত এমবাপে
ব্যক্তিগত তথ্য
জন্ম২০ ডিচেম্বৰ, ১৯৯৮ (২৫ বছৰ)
জন্মস্থানপেৰিচ, ফ্ৰান্স
উচ্চতা১.৭৮ মি.[1]
খেলা স্থানফৰৱাৰ্ড
ক্লাবৰ তথ্য
বৰ্তমানৰ ক্লাবপেৰিছ চেণ্ট জাৰ্মেইন
সংখ্যা
যুৱ কেৰিয়াৰ
২০০৪–২০১৩এএচ বণ্ডি
২০১৩–২০১৫মোনাকো
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
২০১৫–২০১৬মোনাকো১২(৪)
২০১৫–২০১৮মোনাকো৪১(১৬)
২০১৭–২০১৮→ পেৰিছ চেণ্ট জাৰ্মেইন২৭(১৩)
২০১৮–পেৰিছ চেণ্ট জাৰ্মেইন১২৯(১১৮)
ৰাষ্ট্ৰীয় দল
২০১৪ফ্ৰান্স অনুৰ্দ্ধ-১৭(০)
২০১৬ফ্ৰান্স অনুৰ্দ্ধ-১৯১১(৭)
২০১৭–ফ্ৰান্স৬৬(৩৬)
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ 22:26, 10 December 2022 (UTC)।


‡ National team caps and goals correct as of 19:15, 18 December 2022 (UTC)

পেৰিছত জন্মগ্ৰহণ কৰা এমবাপে ২০১৫ চনত মনাকোৰ হৈ খেলি ছিনিয়ৰ ক্লাব কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পৰাই তেওঁ লিগ ১ খিতাপ দখল কৰে। ২০১৭ চনত ১৮ বছৰ বয়সত এমবাপে পেৰিছ চেণ্ট জাৰ্মেইনৰ হৈ অৱশেষত ১৮ কোটি ইউৰোৰ স্থায়ী ট্ৰেন্সফাৰৰ জৰিয়তে চুক্তিবদ্ধ হয় আৰু ইয়াৰ ফলত তেওঁ দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ আৰু আটাইতকৈ ব্যয়বহুল কিশোৰ খেলুৱৈ হিচাপে পৰিগণিত হয়।[3] তাত তেওঁ লিগ ১ৰ চাৰিটা খিতাপ আৰু তিনিটা ক’পে ডি ফ্ৰান্স জয় কৰিছে আৰু ক্লাবটোৰ সৰ্বকালৰ দ্বিতীয় সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হৈছে। ২০২০ চনত পি এছ জিক প্ৰথমবাৰৰ বাবে ইউএফএ চেম্পিয়নছ লীগৰ ফাইনেলত প্ৰৱেশ কৰোৱাত তেওঁ বিশেষ ভূমিকা গ্ৰহণ কৰিছিল।

২০১৭ চনত ১৮ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফ্ৰান্সৰ হৈ এমবাপেৰ ছিনিয়ৰ অভিষেক ঘটে। ২০১৮ চনৰ ফিফা বিশ্বকাপত এমবাপ বিশ্বকাপত গ’ল দিয়া আটাইতকৈ কম বয়সীয়া ফৰাচী খেলুৱৈ আৰু ফ্ৰান্সে প্ৰতিযোগিতাখনত জয়লাভ কৰাৰ লগে লগে তেওঁ যৌথভাৱে দ্বিতীয় সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হয়। তেওঁৰ প্ৰদৰ্শনৰ বাবে ফিফা বিশ্বকাপৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ আৰু ফ্ৰান্সৰ বছৰটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। ২০২২ চনৰ ফিফা বিশ্বকাপত ফ্ৰান্সে ৰানাৰ্ছ আপৰ সন্মান লাভ কৰে। ফাইনেলত এমবাপে হেট্ৰিক অৰ্জন কৰি প্ৰতিযোগিতাখনৰ গোল্ডেন বুট লাভ কৰাৰ লগতে বিশ্বকাপৰ ফাইনেলত সৰ্বকালৰ শীৰ্ষ গ’লদাতা হিচাপে পৰিগণিত হয়।

তেওঁ ২০১৮ আৰু ২০১৯ চনত ফিফা ফিফপ্ৰ’ ৱৰ্ল্ড১১, ২০১৮ চনত ইউএফএৰ বছৰৰ শ্ৰেষ্ঠ দল আৰু ২০১৬–১৭, ২০১৯–২০, ২০২০–২১ আৰু ২০২১–২২ চনত ইউএফএ চেম্পিয়নছ লীগৰ ছিজনৰ শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হয়। ২০২১ চনত গ্ল’ব ছকাৰৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা এমবাপে ২০১৭ চনত গোল্ডেন বয়, লিগ ১ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু চাৰিটা ছিজনত লিগ ১ৰ শীৰ্ষ স্ক’ৰাৰ হিচাপে সন্মান লাভ কৰিছে। এমবাপেক বিশ্বৰ সৰ্বাধিক দৰমহা পোৱা ফুটবলাৰ বুলি কোৱা হয়।[4]

তথ্যসূত্ৰ সম্পাদনা কৰক