কীৰ্তন ঘোষা সংকলন
শংকৰদেৱ ৰচিত কীৰ্তন ঘোষা পুথিখন এখন সংকলন পুথি আৰু ই শংকৰদেৱৰ মৃত্যুৰ পিছত সংকলয়িত হৈছিল৷ শংকৰদেৱে ভাগৱত পুৰাণৰ কাহিনীৰ আলমতে তেওঁ সৰহভাগ কীৰ্তন লিখিছিল যদিও ব্ৰহ্মপুৰাণ, পদ্মপুৰাণ আৰু বৃহন্নাৰদীয় পুৰাণৰ পৰাও তেওঁ তিনিটা খণ্ডৰ কীৰ্তন লিখিছিল৷ কীৰ্তনৰ প্ৰতিটো খণ্ডত বেলেগ বেলেগ কাহিনীৰ অৱতাৰণা কৰা হৈছে আৰু সেই খণ্ডসমূহ তেওঁ অসমৰ বিভিন্ন ঠাইত বসতি কৰোঁতে ৰচনা কৰা বাবে সিবোৰ য’তে ত’তে সিঁচৰতি হৈ পৰি ৰৈছিল৷[1] গুৰুজনাই শিষ্য মাধবদেৱক কীৰ্তনসমূহ একত্ৰিত কৰাৰ কথা কৈছিল যদিও বিভিন্ন কাৰণত সেই কাম হৈ উঠা নাছিল আৰু জীৱনৰ বিয়লি বেলাত মাধবদেৱৰ আজ্ঞামতে তেওঁৰ শিষ্য আৰু ভাগিনীয়েক ৰামচৰণ ঠাকুৰে কীৰ্তন ঘোষা পুথিখন সংকলন কৰে৷
কীৰ্তন ঘোষা সংকলন | |
---|---|
লেখক | শংকৰদেৱ |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | ভক্তিমূলক |
গুৰুৰ আজ্ঞা
সম্পাদনা কৰকশংকৰদেৱে বিভিন্ন কাৰণত বিভিন্ন সময়ত বিভিন্ন ঠাইত থাকিবলগীয়া হৈছিল আৰু য’তে আছিল ত’তে গীত পদ ঘোষা কীৰ্তন আদি ৰচনা কৰিছিল৷ শংকৰদেৱে তেওঁৰ জীৱন কালত এই লেখাসমূহ আৰু কীৰ্তনসমূহ একত্ৰিত কৰি সংকলন কৰিব পৰা নাছিল৷ সেয়ে এই কামৰ ভাৰ দিছিল মাধবদেৱক৷ [2]
মাধবদেৱৰ জীৱনৰ বিয়লিবেলাত কোচবিহাৰত থকা সময়ত তেওঁৰ ভগ্নী উৰ্বশীয়ে পুত্ৰ ৰামচৰণক ক’লে,
“বোলে ৰামচন্ন তোক দদা সৰুৰেপৰা তুলি পঢ়া সুনাই লিখাই পণ্ডিত কৈলে : এতিয়া দদা কেনে সুখে দুখে আছে বিচাৰো নলৱ’’৷[3]
সেই কথাত হৰিচৰণৰ সৈতে ৰামচৰণ গ’ল মোমায়েক মাধবদেৱক সাক্ষাৎ কৰিবলৈ৷ কলয়া পথাৰত গুৰুজনা ধৰ্মকথা আলোচনা কৰি থাকোঁতে দুয়ো গৈ দেখা কৰে৷ মাধবদেৱৰ বাৰ্দ্ধক্য অৱস্থালৈ চাই আৰু মাধবদেৱৰ অনুৰোধত তেওঁৰ আলধৰা হিচাপে তাতেই ৰামচৰণ থাকি যায়৷ পিছত ৰামচৰণকে চাউল ভোজনী দি ৰান্ধনিৰ দায়িত্ব দিয়া হয়৷ [4]
কথাপ্ৰসঙ্গত এদিন মাধবদেৱে ভাগিন ৰামচৰণক ক’লে, যে গুৰু শংকৰদেৱে মোক তেওঁৰ কীৰ্তনসমূহ একত্ৰিত কৰিবলৈ কৈছিল যদিও সেই কাম কৰাটো সম্ভৱ হোৱা নাই৷ এতেকে, তুমিয়েই মোৰ হৈ এই কাম কৰা৷ কথা গুৰুচৰিতত আছে,
“আৰু ৰামচৰ্ন্নক বোলে মোৰ গুৰুজনে কীৰ্ত্তনঘোষাখানি গোটাব দিচিল : নুৱাইলো গুৰুবাক্য ৰাখিব : তই গোটাই নিবি৷’’[5]
মাধবদেৱৰ আজ্ঞা পাই ৰামচৰণ ঠাকুৰে কীৰ্তনৰ খণ্ডসমূহ একত্ৰিত কৰাৰ কামত লাগি গ’ল৷
ৰামচৰণৰ প্ৰচেষ্টা
সম্পাদনা কৰকদৈত্যাৰী ঠাকুৰ ৰচিত চৰিত পুথিত আছে,
ক’তো আছে হাজো দক্ষিণ কূলত
কতো বৰনগৰত
কতো বৰপেটা আসাম ৰাজ্যত
কতোহো কালজাৰত৷ [6]
মোমায়েকৰ আজ্ঞামতে ৰামচৰণ ঠাকুৰে কীৰ্তন ঘোষাৰ খণ্ডসমূহ সংগ্ৰহৰ কামত উঠিপৰি লাগিল৷ প্ৰায় এবছৰ কাল বিভিন্ন ঠাইত ঘূৰি ঘূৰি তেওঁ কীৰ্তনৰ খণ্ডসমূহ একত্ৰিত কৰিলে আৰু কোচবিহাৰলৈ উভতি আহিল৷ মোমায়েকক সাক্ষাৎ কৰি সেৱা কৰাৰ পিছত মাধবদেৱে কুশল বাতৰি লৈ কীৰ্তনৰ কথা সুধিলে৷ কথা গুৰুচৰিতত আছে,
“ৰামচৰ্ন্ন কীৰ্ত্তনঘোষা পুথিখান আনিচানে গোটাই : বোলে আনা হৈছে : হৈচেহে : বিজয়পুৰতে বলে নুৱাৰি থৈ আহিচো : বোলে যদুমণি দুজন দিয়া চাউল লোণ দি বিহানে জাব : দিনটে গৈ পোৱাকৈ : দিলে : গল বেগাই লৈ সন্ধ্যা পালেহি : দেখি গুৰুজনে আগবাঢ়ি গৈ মাথাৎকৈ আনি থৈ : পাছদিনা হৰিগৃহত মেলি চাই দেখে জি চোৱা জৎ দিব হব লাগে সেইক্ৰমে হৈচে দিচে৷’’ [7]
পুথিখন গোটাই থৈ অকলে আনিব নোৱাৰি চাৰিজন ভকতসহিতে গৈ চাৰিদিন পাছত পুনৰ মাধবদেৱৰ ওচৰত পুথিখন নিবেদন কৰিলে৷ মাধবদেৱে পুথিখন পাই আনন্দত উত্ৰাৱল হ’ল৷
দেখি পুথিখান আনন্দিত মন
তাৱক্ষণে উঠিলন্ত
শিৰৰ উপৰে পুথিখান ধৰি
আনন্দতে নাচিলন্ত৷[8]
গুৰুবাক্য ৰাখিব পৰাৰ আনন্দিত হৈ মাধবদেৱে পুথিখন মেলি চাই, “য’ত যি থ’ব লাগিছিল সেইমতে থোৱা দেখি’’ পুথিখন চাৰিজন ভকতক চাৰিভাগ কৰি লিখি উলিয়াবলৈ উপদেশ দিলে৷ সেইমতে চাৰিজন ভকতে আঠদিনত কীৰ্তন পুথিখনৰ সংকলন কৰি উলিয়ালে৷ উল্লেখযোগ্য যে সাঁচিপতীয়া পুথিমতে চতুৰ্বিংশতি অৱতাৰৰ পৰা উৰেষা বৰ্ণনলৈ কীৰ্তন ঘোষা পুথিৰ মূল পাঠ৷ সহস্ৰ নাম বৃত্তান্ত আৰু ঘুনুচা কীৰ্তন পিছতহে সংযোগ কৰা হয়৷ সহস্ৰ নাম বৃত্তান্ত ৰত্নাকৰ কন্দলিৰ ৰচিত আৰু ঘুনুচা কীৰ্তন শ্ৰীধৰ কন্দলিৰ ৰচনা৷[9]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা, মহেশ্বৰ নেওগ, পৃ:নং; ৮৬, চন্দ্ৰ প্ৰকাশ, ১৯৯৫ (অষ্টম প্ৰকাশ)
- ↑ ৰামচৰণ ঠাকুৰ:জীৱন আৰু কৰ্ম, চিত্তৰঞ্জন চৌধুৰী, পৃ:নং; ২৬, প্ৰকাশক: প্ৰাণজিৎ দাস, পদক্ষেপ প্ৰকাশন, ২০০৬
- ↑ কথা গুৰুচৰিত, ৫৬৫
- ↑ কথা গুৰু চৰিত, ৮২৪, সম্পা: মহেশ্বৰ নেওগ, পৃ: নং; ৫৬৭
- ↑ কথা গুৰু চৰিত, ৮২৪, সম্পা: মহেশ্বৰ নেওগ, পৃ: নং; ৩৬৯
- ↑ মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ চৰিত্ৰ, দৈত্যাৰী ঠাকুৰ, ১৫৭৫, পৃ:নং; ৩১৭, সম্পা: হৰিনাৰায়ণ দত্তবৰুৱা, দত্তবৰুৱা পা: কো: প্ৰা: লি:, ২০০৪
- ↑ কথা গুৰুচৰিত, ৯৩১, সম্পা: মহেশ্বৰ নেওগ, পৃ:নং;৪১৫
- ↑ মহাপুৰুষ শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ চৰিত্ৰ, দৈত্যাৰী ঠাকুৰ, ১৫৮৩, পৃ:নং; ৩১৭, সম্পা: হৰিনাৰায়ণ দত্তবৰুৱা, দত্তবৰুৱা পা: কো: প্ৰা: লি:, ২০০৪
- ↑ ৰামচৰণ ঠাকুৰ:জীৱন আৰু কৰ্ম, চিত্তৰঞ্জন চৌধুৰী, পৃ:নং; ২৮, প্ৰকাশক: প্ৰাণজিৎ দাস, পদক্ষেপ প্ৰকাশন, ২০০৬