কুকমিন বেংক
কুকমিন বেংক (কোৰিয়ান:주식회사 국민은행) হৈছে দক্ষিণ কোৰিয়াৰ এটা বেংক যিয়ে মূলতঃ দক্ষিণ কোৰিয়াত কাম কৰে, ইয়াৰ কেইটামান আন্তঃৰাষ্ট্ৰীয় শাখা চীন, হংকং, ভিয়েটনাম আদি দেশত আছে।[1] ভাৰতৰ গুৰুগ্ৰামত ইয়াৰ শাখা কাৰ্যালয় আছে।[2]
ধৰণ | সহযোগী কোম্পানী |
---|---|
স্থাপিত | ১ নৱেম্বৰ ১৯৬৩ |
মুখ্য কাৰ্যালয় | ছিউল, দক্ষিণ কোৰিয়া |
নেতৃস্থানীয় ব্যক্তিত্ব | হুৰ য়িন, (চিইঅ') |
পণ্য | বিত্তীয় সেৱা |
কৰ্মচাৰীৰ সংখ্যা | ২৬,০০০ |
মূল প্ৰতিষ্ঠান | কে বি ফাইনেন্সিয়েল গ্ৰুপ |
ৱেবছাইট | omoney.kbstar.com |
দক্ষিণ কোৰিয়াৰ সম্পত্তিৰ মূল্যৰ ভিত্তিত স্থান লাভ কৰা চাৰিটা বৃহৎ বেংকৰ ভিতৰত এই বেংকটো অন্যতম আৰু বিশ্বৰ ৬০তম বৃহত্তম বেংকৰ এটা।
ভাৰতীয় শাখাটোৱে ইয়াৰ কৌশলগত অংশীদাৰ বেংক অৱ বৰোদাৰ সৈতে কাম কৰি ইতিমধ্যে অঞ্চলটোত কাম কৰি থকা আৰু প্ৰৱেশ কৰিব বিচৰা কোৰিয়ান কোম্পানীসমূহক বিভিন্ন বিত্তীয় সেৱা আগবঢ়ায়।[2]
ইতিহাস
সম্পাদনা কৰক২০০০ চনৰ ডিচেম্বৰ মাহত পুৰণি কুকমিন বেংক আৰু হাউছিং এণ্ড কমাৰ্চিয়েল বেংকৰ একত্ৰীকৰণত বৰ্তমানৰ কে বি কুকমিন বেংক গঠন কৰা হৈছিল। ষাঠিৰ দশকত কোৰিয়া চৰকাৰে বিশেষ উদ্দেশ্যত এই দুয়োখন প্ৰতিষ্ঠা কৰিছিল। মধ্যম আৰু কম আয়ৰ গ্ৰাহকৰ বাবে বিত্তীয় সেৱা প্ৰদানৰ দিশত সহায় কৰা কুকমিন বেংকক ১৯৯৫ চনত ব্যক্তিগতকৰণ কৰা হয়।
এছিয়াৰ বিত্তীয় সংকটৰ সময়ত দুয়োটা বেংকে অন্যান্য আৰ্থিকভাৱে অসুবিধাগ্ৰস্ত বেংকসমূহ অধিগ্ৰহণ কৰিছিল। বেংক দুটাৰ একত্ৰীকৰণৰ আংশিক কাৰণ আছিল বেংকসমূহক ডাঙৰ আৰু সুস্থিৰ কৰাৰ চৰকাৰী নীতি। একত্ৰীকৰণৰ পিছত কেবিয়ে ক্ৰেডিট কাৰ্ড, বীমা আৰু দালাল প্ৰতিষ্ঠানকে ধৰি বিভিন্ন কোম্পানী অধিগ্ৰহণ কৰে, ২০০৮ চনত বৰ্তমানৰ বিত্তীয় গোটলৈ ৰূপান্তৰিত হয়।