কুন্দাৰ ভকত (১৮-১৯ শতিকা) মোৱামৰীয়া সম্প্ৰদায়ৰ কৈৱৰ্তকুলীয়া ভকত আছিল। প্ৰকৃত নাম আছিল লাইমন। কিন্তু কাঠ কুন্দত দিয়া কামত পাকৈত আছিল বাবে কুন্দাৰ ভকত বুলি জনাজাত হৈছিল। মোৱামৰীয়া দমনৰ সময়ত পলাই গৈ ডিব্ৰুগড়ৰ গিনিচুক নামে ঠাইত থাকিবলৈ লয়। তাতে নিজকুলৰ মানুহক শৰণ-ভজন দিয়াৰ অধিকাৰ পায়।[1]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৫