কুমলী দেৱী (ইংৰাজী: Kumali Devi) আছিল ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ ৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলিত ভাৰতৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ যাওঁঁতে পুলিচৰ গুলিত প্ৰাণ আহুতি দি শ্বহীদ হয়।[1][2] তেওঁৰ স্বামীৰ নাম আছিল গোবৰ নেওগ, মৌজা নাহৰবাৰী, জিলা দৰং৷[3] তেওঁৰ পুত্ৰৰ নাম গোলাপ চন্দ্ৰ নেওগ, যি স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল৷ ১৮৭৪ চনৰ নৱেম্বৰ মাহত জন্মা কুমলী নাথৰ পিতৃৰ নাম তুলীৰাম নাথ আৰু মাতৃৰ নাম আমোলী নাথ৷[4]

কুমলী দেৱী
জন্ম কুমলী দেৱী
১৮৭৪ চন
ঢেকিয়াজুলি
মৃত্যু ২১ ছেপ্তেম্বৰ, ১৯৪২
ঢেকিয়াজুলি থানা
পেচা স্বাধীনতা সংগ্ৰামী
সংস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ
জনা যায় শ্বহীদ
পিতৃ-মাতৃ তুলিৰাম নাথ/আমোলী নাথ

বিয়াল্লিছৰ গণ আন্দোলনত জ্যোতিপ্ৰসাদ আগৰৱালা, গহনচন্দ্ৰ গোস্বামী আদি কংগ্ৰেছৰ আত্মগোপন কৰি থকা নেতাসকলে আন্দোলন তীব্ৰতৰ কৰি তুলিবলৈ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা দৰং জিলাৰ সকলো পুলিচ থানাত ভাৰতৰ পতাকা উত্তোলনৰ সিদ্ধান্ত লয়৷ সেইমৰ্মে ২১ ছেপ্তেম্বৰৰ দিনটো থানাই থানাই পতাকা উত্তোলন কৰিবলৈ মৃত্যু বাহিনী আৰু ৰক্ষী বাহিনী প্ৰস্তুত কৰা হৈছিল৷ সিদ্ধান্তমতে, ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ মনবৰ নাথ, কমলাকান্ত দাস, গোলোক চন্দ্ৰ নেওগ আগবাঢ়িল৷ কমলাকান্ত দাসক বয়নেটেৰে পিঠিত আঘাত কৰাত ৰক্ষী বহিনীয়ে তেওঁক ততাতৈয়াকৈ তাৰপৰা আঁতৰাই লৈ যায়৷ ইফালে মনবৰ নাথ আৰু গোলাপ চন্দ্ৰ নেওগে পৃথকে পৃথকে দুডাল বাঁহৰ বান্ধি অনা দুখন পতাকা থানা ঘৰৰ মূধচত উত্তোলন কৰাৰ লগে লগে পুলিচৰ গুলীত মনবৰ নাথ ঢলি পৰে৷ তাৰপিছত গোলোক চন্দ্ৰ নেওগলৈ বন্দুক টোঁওৱা দেখি ওচৰতে থকা মাক কুমলী দেৱীয়ে পুত্ৰৰ আগত থিয় দি পুলিচৰ গুলী বুকু পাতি লৈ থিতাতে নিহত হয়৷[3]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. "দেশৰ স্বাধীনতাৰ হকে প্ৰাণ ত্যাগ কৰা অসমৰ কেইগৰাকীমান মহিলা". https://blog.mygov.in/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%95%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 19 August 2023. 
  2. "অসম মাতৃৰ তিনি বীৰাংগনা". https://assam.nenow.in/today-people-of-assam-remembered-the-martyrs-kanaklata-bhogeswari-phukanani-and-kumali-devi/। আহৰণ কৰা হৈছে: 19 August 2023. 
  3. 3.0 3.1 কলিতা, ৰমেশচন্দ্ৰ (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৭৮. 
  4. ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা জন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ৪১০.