কুম্পো নৃত্য
কুম্পো নৃত্য(ইংৰাজী: Kumpo) আফ্ৰিকা মহাদেশৰ এক লোকনৃত্য৷ আফ্ৰিকা মহাদেশৰ ’চেনেগাল’ আৰু ’গাম্বিয়া’ প্ৰদেশৰ “কাচামেন্সা’’ নৈৰ উপত্যকা নিবাসী “জোলা জনগোষ্ঠী’’ৰ মানুহৰ পৰম্পৰাগত পৌৰাণিক কাহিনীৰ তিনিটা চৰিত্ৰ কুম্পো, সময় আৰু নিয়াছে৷ এইসকলক কেন্দ্ৰ কৰি বছৰত একাধিকবাৰ অনুষ্ঠিত হোৱা লোকউৎসৱ Journees Culturellesৰ সময়ত গাঁওবাসী একত্ৰিত হয়৷ সময়ৰ দ্বাৰা গাঁওবাসীক একত্ৰিত হ’বলৈ আহ্বান জনোৱা হয়৷
এই নৃত্যৰ প্ৰদৰ্শন কৰোঁতাজনে অৰ্থাৎ কুম্পোই তাল গছৰ শুকান পাতেৰে তৈয়াৰী পোছাক পিন্ধি, মূৰত লাঠি লৈ থাকে, যিডাল পাতেৰে তৈয়াৰী পোছাকৰ পৰা বাহিৰলৈ ওলাই থাকে। পাতেৰে সজা পোছাকটি তেওঁৰ মূৰৰ পৰা ভৰিৰ আঙুলি পৰ্যন্ত ঢাক খাই থাকে৷ পাতেৰে তৈয়াৰী পোছাকটো প্ৰতীকী অৰ্থত পিন্ধা হয়৷ ইয়াৰ অৰ্থ অমংগলজনক সম্ভাৱনীয়তাৰ পৰা গাঁওখন বৰ্তি থকা৷[1] নৃত্যৰ আৰম্ভণিতে এগৰাকী যুৱতীয়ে লাঠিডালত এখন ৰঙীন পতাকা বান্ধি দিয়ে। লাঠিডাল আৰু মূৰত পতাকাখন লৈ কুম্পোই ঘণ্টাৰ পিছত ঘণ্টা ধৰি ঘূৰি ঘূৰি নাচি থাকে। নৃত্যৰ সময়ত তেওঁ তেওঁলোকৰ মাজত প্ৰচলিত গোপন ভাষাৰ দ্বাৰা কথা কয় আৰু দৰ্শকৰ সৈতে দোভাষীৰ জৰিয়তে ভাব বিনিময় কৰে।[2]
কুম্পোই সমাজৰ মানুহক গাঁৱৰ ভাল মানুহ হিচাপে সমাজৰ হৈ কাম কৰিবলৈ উৎসাহিত কৰে। তেওঁ সকলোকে সামূহিক জীৱনত অংশগ্ৰহণ কৰিবলৈ আহ্বান কৰে আৰু সকলো মানুহে একেলগে মিলি ভোজ খোৱাটো কামনা কৰে। এই মহোৎসৱ আফ্ৰিকাৰ সমাজ জীৱনৰ বাবে এক উদ্দীপনা। ভোজত অংশগ্ৰহণ নকৰাটো অসামাজিক আচৰণ হিচাপে গণ্য কৰা হয়। উৎসৱৰ সময়ত কোনো অকলশৰীয়াকৈ থকাৰ অধিকাৰ কাৰো নাই। উৎসৱৰ সময়ত গোটেই সমাজখনে উপ-চাহাৰা আফ্ৰিকা অঞ্চলৰ ছন্দময় সংগীত পৰিৱেশন কৰি আৰু নাচি ভাল পায়।
পৰম্পৰা অনুসৰি কুম্পো এগৰাকী ব্যক্তি নহয়; বৰঞ্চ ভূত বা আত্মা। তেওঁৰ পবিত্ৰ বাগিচা(bois sacré)ৰ সৈতে এক শক্তিশালী সম্পৰ্ক আছে। কুম্পোৰ প্ৰকৃত পৰিচয় জানিবলৈ দৰ্শকৰ দ্বাৰা চেষ্টা কৰা নহয়। প্ৰায়ে তেওঁক স্পৰ্শ কৰা সম্ভৱ নহয় আৰু তালপাতৰ পোছাকৰ ভিতৰলৈ কোনোবাই জুমি চোৱাটো ’মৰ্যাদা হানিকৰ’ কাম বুলি গণ্য কৰা হয়। সেয়ে তেওঁ নিজৰ লাঠিডালেৰে হনা-খোঁচাৰ দৰে কৰি অনুপ্ৰৱেশকাৰীৰ পৰা নিজকে ৰক্ষা কৰে৷
উৎসৱৰ শেষত সকলোৱে ভোজ খোৱাৰ পিছত তেওঁ সম্প্ৰদায়টোৰ পৰা বিদায় লয় আৰু পৱিত্ৰ বাগিচা(bois sacré) উঠাই পেলোৱা হয়৷[3]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ https://www.accessgambia.com/information/kumpo-mask.html#:~:text=The%20Kumpo%20mask%20is%20made,dancer%20from%20head%20to%20toe.
- ↑ Reginald Cline-Cole، Clare Madge. Contesting Forestry in West Africa.
- ↑ Gina Gertrud Smith, Stanislaw Grodz. Religion, Ethnicity and Transnational Migration between West Africa and Europe. পৃষ্ঠা. 115.