কৃষ্ণকায় বিকিৰণ

(কৃষ্ণবস্তু বিকিৰণৰ পৰা পুনঃনিৰ্দেশিত)

পদাৰ্থত বিজ্ঞানত কৃষ্ণকায় বিকিৰণ (ইংৰাজী: Black-body radiation) মানে হৈছে পদাৰ্থৰ অভ্যন্তৰীণ তথা পাৰ্শ্বৱৰ্তী পৰিবেশত সংঘটিত এক বিদ্যুৎ-চুম্বকীয় বিকিৰণ,য'ত চৌপাশৰ লগত ইয়াৰ উষ্মাগতিক সাম্যতা বৰ্তি থাকে। কৃষ্ণকায় ৰ ইংৰাজী প্ৰতিশব্দ 'ব্লেক ব'ডি' পোনপ্ৰথমে ১৮৬০ চনত গুস্তাভ কাশৰ্ফে ব্যৱহাৰ কৰি এই পৰিঘটনাক ব্লেক ব'ডি ৰেডিয়েচন বুলিছিল। কোয়াণ্টাম বলবিজ্ঞানত এই পৰিঘটনাৰ এক বিশেষ গুৰুত্ব আছে। কৃষ্ণকায় ত কোনো প্ৰতিফলন নঘটে,ইয়াত কেৱল শক্তিৰ শোষণ হয়। ৭০০ কেলভিন বা তাতকৈ কম তাপমাত্ৰাৰ কৃষ্ণকায় ৰ দৃশ্যমান তৰংগদৈৰ্ঘ্যই অতি কমকৈ শক্তি বিকিৰণ কৰে,যাৰ কাৰণে ইয়াৰ ৰঙ ক'লা বা কৃষ্ণবৰ্ণৰ। তাপমাত্ৰাৰ বৃদ্ধি পালে হালধীয়া,কমলা,বগা,নীলা,নীলা-বগা আদিলৈ ৰঙৰ পৰিৱৰ্তন হয়। এটা অন্ধকাৰ কোঠাত,তাৰ উষ্ণতাত কৃষ্ণবস্তৱে অৱলোহিত বিকিৰণ কৰে,ইয়াক অৱশ্যে খালী চকুৰে দেখা নাযায়।

The color (chromaticity) of black-body radiation scales inversely with the temperature of the black body; the locus of such colors, shown here in CIE 1931 x,y space, is known as the Planckian locus.

কৃষ্ণ-বস্তু বিকিৰণ গ্ৰহ-নক্ষত্ৰৰ পৰা নিৰ্গমন হোৱা শক্তিৰ আসন্ন মান নিৰ্ধাৰণ কৰাত সহায়ক হয়।