কৃষ্ণ পক্ষ
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
চান্দ্ৰমাহৰ ৩০দিনত ১৫ দিনকৈ মুঠ দুটা পক্ষ থাকে। পূৰ্ণিমাৰ পিছৰ দিনটোৰপৰা জোনৰ আকাৰ পৃথিৱীৰপৰা দেখাত ক্ৰমে সৰু হ'বলৈ ধৰে। এই আকাৰ কৰ্মান্বয়ে হ্ৰাস হৈ গৈ গৈ অৱশেষত ১৫ দিনৰ দিনা পৃথিৱীৰ পৰা সম্পূৰ্ণকৈ দিনত আৰু ৰাতিও সাধাৰণ দৃষ্টিৰে দেখা নোপোৱা হয়। এই পোন্ধৰ দিনৰ সময়চোৱাক কৃষ্ণ পক্ষ বুলি কোৱা হয়। প্ৰতিটো পক্ষৰ দিন সমূহক ক্ৰমে প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী, একাদশী, দ্বাদশী, ত্ৰয়োদশী, চতুৰ্দশী আৰু পোন্ধৰ দিনৰ দিনটোত পূৰ্ণিমা আৰু পৰৱৰ্তী পোন্ধৰ দিনৰ অন্তত অমাবস্যা হয়। যিটো পক্ষৰ অন্তত অমাবস্যা হয়, সেই পক্ষটোকে কৃষ্ণ পক্ষ বোলে। কৃষ্ণপক্ষত প্ৰথম চৈধ্যদিন আগৰাতি আন্ধাৰ হয় আৰু অমাবস্যাৰ দিনটোত গোটেই ৰাতি জোন দেখা পোৱা নাযায়।