কৃষ্ণ বৰুৱা

একাধাৰে কবি, গীতিকাৰ, সুৰকাৰ, ঔপন্যাসিক, গল্পকাৰ, সমাজ সংগঠক

কৃষ্ণ বৰুৱা (ইংৰাজী: Krishna Boruah) শিৱসাগৰ জিলাৰ বকতা মৌজাৰ বৃহত্তৰ পাৰিজাত অঞ্চলটোৰ এজন সব্যসাচী ব্যক্তি, একাধাৰে কবি, গীতিকাৰ, সুৰকাৰ, ঔপন্যাসিক, গল্পকাৰ, সমাজ সংগঠক। ‘এজাক ধুমুহাৰ প্ৰয়োজন’, ‘মৰহা ফুলৰ পাপৰি’ৰ দৰে বিখ্যাত উপন্যাসৰ স্ৰষ্টা বৰুৱাই অৰ্ধশতাধিক গীত ৰচনা কৰাৰ লগতে সুৰো কৰিছে। ডেকাকালত বন্বুূ-বৰ্গৰ সৈতে অঞ্চলটোত সাহিত্য-সংস্কৃতিৰ বিকাশৰ বাবে বিভিন্নধৰণৰ কাম কৰা বৰুৱাই শিক্ষক হিচাপেও তেওঁ ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয়। শিৱসাগৰ জিলাৰ অন্যতম শ্ৰেষ্ঠ সংঘ পাৰিজাত পূৰ্বজ্যোতি সংঘৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰা বৰুৱাই একালত সমগ্ৰ অসমতে জনপ্ৰিয় হোৱা ‘গদাপাণি থিয়েটাৰ’ত সাংস্কৃতিকভাৱে জড়িত হৈছিল। এজন চহা সাহিত্যিক, গীতিকাৰ হিচাপে বৰুৱাৰ সাহিত্য তথা গীতত নিভাঁজ সুৰ এটা পোৱা যায়। বৰুৱা এজন সফল খেতিয়কো।

কৃষ্ণ বৰুৱা
জন্ম : ১ নৱেম্বৰ, ১৯৫৬
পেচা : শিক্ষক
অন্যান্য কাৰ্যাৱলী : কবি, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ,
ভাষা : অসমীয়া
ৰাষ্ট্ৰীয়তা : ভাৰতীয়া

১৯৫৬ চনৰ ১ নৱেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ বকতা মৌজাৰ বৰদেওধাই ৰাজহ গাঁৱৰ অন্তৰ্গত বকতা ন-গাঁৱত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম স্বৰ্গীয় মহেন্দ্ৰ নাথ বৰুৱা আৰু মাতৃৰ নাম স্বৰ্গীয়া ৰহদৈ বৰুৱা। পিতৃ কৰ্মসূত্ৰে গাঁওবুঢ়া আছিল।

তেওঁ ১৬৬ নং জাপিসজীয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। পাৰিজাত মধ্য ইংৰাজী বিদ্যালয়ত মাধ্যমিক শিক্ষা গ্ৰহণ কৰি পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ অন্তত গড়গাঁও মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰে।

কৰ্মজীৱন:

সম্পাদনা কৰক

১৯৭৭ চনত বকতা ন-নাথ গাঁৱত এখন মধ্য ইংৰাজী বিদ্যালয়ৰ অভাৱ অনুভৱ কৰি বকতা ন-নাথ গাঁও মধ্য ইংৰাজী বিদ্যালয় নামেৰে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰে। এই বিদ্যালয়তে কৰ্মজীৱন আৰম্ভ কৰি সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰে। আৰু সমান্তৰালভাৱে সাহিত্য-সংগীতৰ ক্ষেত্ৰত মনোনিবেশ কৰে। সেইসময়ত বিশিষ্ট সাংস্কৃতিক কৰ্মী শ্ৰীযুত পবিত্ৰ মহন ফুকনৰ নেতৃত্বত গঢ়ি উঠা ‘গদাপাণি থিয়েটাৰ’ত কণ্ঠশিল্পী হিচাবে তিনি-চাৰি বছৰ থাকি কণ্ঠদান কৰিলে।

সাহিত্য কৰ্ম:

সম্পাদনা কৰক

সৰুৰে পৰা সাহিত্য-সংগীতৰ প্ৰতি তেখেত আকৃষ্ট আছিল। অষ্টম, নৱম দশকত বকতাত ‘প্ৰগতিশীল অধ্যয়ন চক্ৰ’, ‘বকতা সাহিত্য আলোচনা চক্ৰ’ আৰু ‘বকতা সাহিত্য মঞ্চ’ নামেৰে কেইবাটাও সাহিত্য বিষয়ক অনুষ্ঠান গঢ়ি উঠিছিল॥ সেই সাহিত্য অনুষ্ঠানসমূহৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ অগ্ৰজসকলৰ পৰা অনুপ্ৰেৰণা পাই সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত কবিতা লিখিছিল। ১৯৮৬ ত তেখেতৰ প্ৰথম উপন্যাস ‘মৰহা ফুলৰ পাপৰি’  প্ৰকাশ পায়। ১৯৮৯ চনত ‘টাই সংস্কৃতি যুৱ চেতনা’ নামেৰে প্ৰবন্ধ পুথি প্ৰকাশ পায়। ২০০৬ চনত ‘এজাক ধুমুহাৰ প্ৰয়োজন’ (উপন্যাস) নামেৰে এখনি উপন্যাস প্ৰকাশ পায়। ইয়াৰ উপৰিও বিভিন্ন বাতৰি-কাকত, আলোচনীত বহুতো গল্প, প্ৰবন্ধ প্ৰকাশিত হৈছে।

সংগীত জীৱন:

সম্পাদনা কৰক

সৰু অৱস্থাত এই বৃহত্তৰ বকতা পাৰিজাত অঞ্চলটোত একো সুবিধা নাছিল যদিও মানুহবোৰৰ মনবোৰ সংস্কৃতিবান আছিল। প্ৰয়াত জীতেন বৰুৱা আৰু নিৰ্মল বৰুৱাদেৱ আদিৰ লগত কাম কৰিবলৈ বৰুৱাই সুযোগ লাভ কৰিছিল। বহুতো উঠি অহা ছাত্ৰ-ছাত্ৰীক এই দিশত আগবঢ়াই নিবলৈ সুযোগ পাইছিল। বকতা পাৰিজাত অঞ্চলটোত ৰস-জীপ থকা মানুহৰ ঘৰত বিয়া হ’লে মৰাণৰ পৰা মাইক আনি কেতিয়াবা বজাইছিল। মাইকত গোৱা পুৰণি গীতবোৰ শুনি শুনি গাবলৈ শিকিছিল আৰু প্ৰেৰণা পাইছিল। তেখেতে সময়ৰ উপযোগীকৈ বহুতো গীত লিখিছিল আৰু সুৰ দি গাইছিল। আনহাতে তেওঁ কেইবাজনো গীতিকাৰৰ গীত সুৰ দি গাইছিল। বিশেষকৈ বন্ধু শ্ৰীযুত উদিত বৰুৱাদেৱৰ গীত বেছিকৈ সুৰ দি গাইছিল।

সামাজিক জীৱন:

সম্পাদনা কৰক

বিংশ শতিকাৰ অষ্টম, নৱম দশকৰ বকতাত ভালেকেইজন বৰেণ্য সমাজকৰ্মী সাহিত্যিকৰ লগ হৈ ‘প্ৰগতিশীল অধ্যয়ন চক্ৰ’, ‘বকতা সাহিত্য আলোচনা চক্ৰ’ আৰু ‘বকতা সাহিত্য মঞ্চ’ অনুষ্ঠান গঢ়ি উঠিছিল। বৰুৱাও আছিল ইয়াৰ অন্যতম। এই সাহিত্য মঞ্চ জৰিয়তে বকতা অঞ্চলৰ উপৰিও বহুতো যুৱক-যুৱতীক সাহিত্য-সংগীতৰ প্ৰতি আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। কুৰি শতিকাৰ শেষ দশকত অসমত তথাকথিত উগ্ৰপন্থী সমস্যাৰ অজুহাতত ক’লা আইন আৰু সামৰিক উপদ্ৰৱ নামি অহাত সাহিত্যৰ হকে সংগবদ্ধভাৱে কাম কৰা প্ৰৱণতা কমি গৈ উপৰোক্ত অনুষ্ঠানবোৰ দুৰ্বল হৈ প্ৰায় নিষ্ক্ৰিয় হৈ পৰিল। তেতিয়াৰে পৰা নৱপ্ৰজন্মৰ মাজত অধ্যয়নৰ পৰিৱেশ কমি আহিল। তেওঁ বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সৈতেও জড়িত আছিল। তদুপৰি অসমৰ অন্যতম এটি জনপ্ৰিয় সংঘ পাৰিজাত পূৰ্বজ্যোতি সংঘৰ সভাপতি আছিল। এখন সুস্থ সমাজত জীয়াই থাকিবলৈ সমন্বয় আৰু শান্তি প্ৰয়োজন। সকলো জাতি আৰু জনগোষ্ঠীৰ ঐক্য প্ৰয়োজন। আজি সমাজত নৱ প্ৰজন্মৰ মাজত কৰ্ম সংস্কৃতিৰ প্ৰতি আগ্ৰহ কমি আহিছে। সহজে ধন ঘটা পৰিৱেশ গঢ় লৈ উঠিছে। কৰ্ম সংস্কৃতি আৰু সেউজ বিপ্লৱৰ যোগেদি নতুন কামে আগবাঢ়ি এখন সুস্থ সমাজ গঢ় দিবৰ কাৰণে তেওঁ আহ্বান জনায়। আৰু আমি এনেবোৰ দিশতেই গুৰুত্ব প্ৰদান কৰি সামাজিক জীৱনৰ সৈতে জড়িত হৈ পৰিছিল।