কেই নিশিকোৰি
কেই নিশিকোৰি (ইংৰাজী: Kei Nishikori) এজন জাপানী পেছাদাৰী টেনিছ খেলুৱৈ। তেওঁৰ জন্ম ২৯ ডিচেম্বৰ ১৯৮৯ চনত। তেওঁ দ্বিতীয় পুৰুষ জাপানী খেলুৱৈ যি একক (জিৰো চাটোৰ পিছত) শীৰ্ষ ৫ তম স্থান লাভ কৰিছে, আৰু অপেন যুগত এনে কৰা তেওঁ একমাত্ৰ খেলুৱৈ। নিশিকোৰিয়ে প্ৰথমবাৰৰ বাবে ২০১৫ চনৰ মাৰ্চ মাহত বিশ্বৰ ৪নং স্থানত তেওঁৰ কেৰিয়াৰৰ উচ্চ একক ৰেংকিঙত উপনীত হৈছিল। তেওঁ বৰ্তমান এছ'চিয়েচন অফ টেনিছ প্ৰফেচনেলছ (এটিপি)ৰ দ্বাৰা বিশ্বৰ ৪৯ নম্বৰ স্থানত আছে।[4]
Nishikori at the 2018 French Open | ||||||||||
দেশ | জাপান | |||||||||
---|---|---|---|---|---|---|---|---|---|---|
বাসস্থান | Bradenton, Florida, United States | |||||||||
জন্ম | ২৯ ডিচেম্বৰ, ১৯৮৯ (৩৪ বছৰ) Matsue, Shimane, Japan | |||||||||
উচ্চতা | ১.৭৮ মিটাৰ (U=ft}})[1] | |||||||||
পেচা গ্ৰহণ | 2007 | |||||||||
হস্তশৈলী | Right-handed (two-handed backhand) | |||||||||
কেৰিয়াৰৰ মুঠ প্ৰাইজমাণি | US$ 24,409,189[2] | |||||||||
আনুষ্ঠানিক ৱেব ছাইট | keinishikori.com | |||||||||
একক | ||||||||||
কেৰিয়াৰৰ অভিলেখ | 420–207 | |||||||||
কেৰিয়াৰৰ খিতাপ | 12 | |||||||||
সৰ্ব্বোচ্চ ৰেংকিং | No. 4 (2 March 2015) | |||||||||
বৰ্তমানৰ ৰেংকিং | No. 57 (14 June 2021)[3] | |||||||||
গ্ৰেণ্ড শ্লাম একক পৰিসংখ্যা | ||||||||||
অষ্ট্ৰেলিয়ান অ'পেন | QF (2012, 2015, 2016, 2019) | |||||||||
ফ্ৰেন্স অ'পেন | QF (2015, 2017, 2019) | |||||||||
উইম্বলডন | QF (2018, 2019) | |||||||||
ইউ এছ অ’পেন | F (2014) | |||||||||
আন প্ৰতিযোগিতা | ||||||||||
এ টি পি ৱৰ্ল্ড টুৰ ফাইনেলচ্ | SF (2014, 2016) | |||||||||
অলিম্পিক | (2016) | |||||||||
দ্বৈত | ||||||||||
কেৰিয়াৰৰ অভিলেখ | 25–33 | |||||||||
কেৰিয়াৰৰ খিতাপ | 0 | |||||||||
সৰ্ব্বোচ্চ ৰেংকিং | No. 167 (19 March 2012) | |||||||||
বৰ্তমান ৰেংকিং | No. 815 (14 June 2021) | |||||||||
গ্ৰেণ্ড শ্লাম দ্বৈত পৰিসংখ্যা | ||||||||||
ফ্ৰেন্স অ'পেন | 2R (2011) | |||||||||
উইম্বলডন | 2R (2011) | |||||||||
মিক্সড্ ডাবলচ্ | ||||||||||
কেৰিয়াৰ অভিলেখ | 1–1 | |||||||||
গ্ৰেণ্ড শ্লাম মিক্সড্ ডাবলচ্ পৰিসংখ্যা | ||||||||||
অষ্ট্ৰেলিয়ান অ'পেন | 2R (2012) | |||||||||
পদক অভিলেখ
| ||||||||||
১০ মে' ২০২১ত শেষবাৰ আপডেট কৰা হৈছে। |
নিশিকোৰিয়ে ১২টা একক খিতাপ জিকিছে আৰু ২০১৪ চনৰ ইউএছ অপেনত ৰানাৰ-আপ হৈছিল,[5] যাৰ ফলত তেওঁ গ্ৰেণ্ড শ্লেম একক ফাইনেলত উপনীত হোৱা এছিয়াৰ দেশক প্ৰতিনিধিত্ব কৰা প্ৰথম পুৰুষ খেলুৱৈ হিচাপে পৰিচিত হৈছিল।[6] তেওঁ এ টি পি ৱৰ্ল্ড টুৰ ফাইনেলছৰ বাবে যোগ্যতা অৰ্জন কৰা এছিয়াৰ প্ৰথমজন ব্যক্তি হিচাপেও পৰিগণিত হয় আৰু ২০১৪ আৰু ২০১৬ চনত ছেমিফাইনেলত উপনীত হয়।[7] ইয়াৰ উপৰিও নিশিকোৰীয়ে ৰাফেল নাদালক পৰাস্ত কৰি ২০১৬ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰু জাপানক ৯৬ বছৰত প্ৰথমঅলিম্পিক টেনিছ পদক প্ৰদান কৰে।[8]
ব্যক্তিগত জীৱন
সম্পাদনা কৰকনিশিকোৰিৰ জন্ম জাপানৰ চিমানে প্ৰিফেকচাৰৰ মাৎসুইত হৈছিল। তেওঁৰ দেউতাক কিয়োশি এজন অভিযন্তা আৰু তেওঁৰ মাক এৰি এগৰাকী পিয়ানো শিক্ষক। তেওঁৰ এগৰাকী ডাঙৰ ভগ্নী আছে যাৰ নাম ৰেইনা, যি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু টকিঅ'ত কাম কৰে।[9] তেওঁ পাঁচ বছৰ বয়সত টেনিছ খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ প্ৰথমবাৰৰ বাবে 2001 চনত কিডছৰ বাবে অল জাপান টেনিছ চেম্পিয়নশ্বিপ জিকিছিল, আৰু আওমৰি-য়ামাদা হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। নিশিকোৰী ২০০৪ চনত ১৪ বছৰ বয়সত আইএমজি একাডেমীত যোগদান কৰিবলৈ ফ্লৰিডাৰ ব্ৰেডেণ্টনলৈ যায়।[10] তেওঁৰ মনোৰঞ্জনৰ ভিতৰত আছে ফুটবল, গল্ফ, পঢ়া আৰু সংগীত শুনা।[11] নিশিকোৰীক আগতে ব্ৰেড গিলবাৰ্টে প্ৰশিক্ষণ দিছিল। দান্তে বটিনি ২০১০ চনৰ ডিচেম্বৰৰ পৰা তেওঁৰ বৰ্তমানৰ প্ৰশিক্ষক। প্ৰাক্তন বিশ্বৰ নম্বৰ ২ মাইকেল চাংক ২০১৪ চনৰ জানুৱাৰীৰ পৰা তেওঁৰ প্ৰশিক্ষণ দলত যোগ দিয়া হৈছিল।
আগষ্ট ২০২০-ত, আঘাত আৰু কৰোনাভাইৰাছ মহামাৰীৰ বাবে ২০১৯ ইউএছ অপেনৰ পৰা খেলা নাছিল, নিশিকোৰীয়ে (দুবাৰ) কোভিড-১৯-ৰ বাবে ইতিবাচক পৰীক্ষা কৰিছিল।[12][13]
তথ্যউৎস
সম্পাদনা কৰক- ↑ "Kei Nishikori – Overview – ATP Tour – Tennis". atptour.com. http://www.atptour.com/en/players/enwiki/N552/overview.
- ↑ "ATP Prize Money Leaders". Pro Tennis Live. http://www.protennislive.com/posting/ramr/career_prize.pdf। আহৰণ কৰা হৈছে: 2 May 2019.
- ↑ "Rankings – Singles – ATP World Tour – Tennis". atpworldtour.com. http://www.atpworldtour.com/en/rankings/singles.
- ↑ "Rankings | Singles | ATP World Tour | Tennis" (en ভাষাত). ATP World Tour. http://www.atpworldtour.com/en/rankings/singles.
- ↑ "Japan erupts in celebration of Nishikori – CNN Video". CNN. 7 September 2014. http://www.cnn.com/video/data/2.0/video/us/2014/09/07/newday-ripley-japan-reacts-nishikori-win.cnn.html.
- ↑ An American male tennis player of Asian descent, Michael Chang reached the Grand Slam Final to win French Open at the youngest age of Grand Slam history, and Runner Up as the finalist in both US Open and Australian Open.
- ↑ "Nishikori into semis on ATP World Tour Finals debut". Sport Asia. 14 November 2014. http://sport-asia.com/tennis-nishikori-into-last-semis-on-atp-world-tour-finals-debut/.
- ↑ "NISHIKORI ENDS JAPAN'S 96-YEAR WAIT FOR AN OLYMPIC TENNIS MEDAL". International Tennis Federation. 15 August 2016. https://www.itftennis.com/en/news-and-media/articles/nishikori-bags-bronze-to-end-japans-96-year-medal-wait/.
- ↑ "Kei Nishikori". ATP World Tour. http://www.atpworldtour.com/Tennis/Players/Top-Players/Kei-Nishikori.aspx.
- ↑ Esfeller, Johnny (2014-09-04). "Kei Nishikori makes history at U.S. Open on his way to first career Grand Slam semifinal". IMG Academy. Archived from the original on 2016-05-07. https://web.archive.org/web/20160507221531/https://www.imgacademy.com/latest-headlines/2014-09-04/kei-nishikori-makes-history-us-open-his-way-first-career-grand-slam। আহৰণ কৰা হৈছে: 2016-03-06.
- ↑ ITF Profile. Itftennis.com. Retrieved 31 October 2015.
- ↑ https://www.tennis.com/pro-game/2020/08/kei-nishikori-delays-new-york-after-positive-covid-19-test-florida-us-open/90121/
- ↑ https://www.japantimes.co.jp/sports/2020/08/22/tennis/kei-nishikori-tests-positive-coronavirus-u-s-open-doubt/[সংযোগবিহীন উৎস]