কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Keoladeo National Park) ৰাজস্থানৰ সিন্ধু -গঙ্গা নদীৰ বৰ্ষাকালীন অৰণ্য জৈৱভৌগোলিক প্ৰদেশৰ মাজত অৱস্থিত।[2] এই উদ্যানৰ মাটিকালি ২,৭৮৩ হেক্টৰ। ১৯৮২ চনত এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হয়। ১৯০০ চনত ই মহাৰাজাসকলৰ হাঁহ চিকাৰৰ সংৰক্ষিত অঞ্চল আছিল। ১৯৫৬ চনত ই পক্ষী উদ্যানত পৰিণত হয়। ১৯৭২ চন পৰ্যন্ত মহাৰাজাসকলে ইয়াত চিকাৰ কৰাৰ অনুমতি আছিল। ১৯৮১ চনত ইয়াক ৰামসাৰ জলাহভূমি হিচাপে ঘোষণা কৰা হয়। ১৯৮৫ চনত ই প্ৰাকৃতিক সম্পত্তি হিচাপে (x) বিভাগত বিশ্ব ঐতিহ্যবাহী স্থানৰ মৰ্যাদা লাভ কৰে।[3] জলাশয়ৰ তীৰৱৰ্তী অঞ্চলটিক দহটা অংশত ভাগ কৰা হৈছে। জলস্তৰ সঠিক ৰখাৰ বাবে পানী যোগানৰ নিয়ন্ত্ৰিত ব্যৱস্থাও গৃহীত হৈছে। আফগানিস্তান, তুৰ্কমেনিস্তান, চীন আৰু চাইবেৰিয়াৰ পৰা প্ৰায় ৩৬৪টি প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী ইয়ালৈ শীতকালত অহা দেখা যায়৷ সমগ্ৰ উদ্যানখন ১৭খন গাঁও আৰু ভৰতপুৰ নগৰৰদ্বাৰা বেষ্টিত।

কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যান
IUCN category II (national park)
কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যান, ভৰতপুৰ, ৰাজস্থান, ভাৰত
কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যান, ভৰতপুৰ, ৰাজস্থান, ভাৰত
অৱস্থান ভৰতপুৰ, ৰাজস্থান, ভাৰত
নিকটতম চহৰ আগ্ৰা, উত্তৰ প্ৰদেশ
স্থানাংক 27°10′00″N 77°31′00″E / 27.166667°N 77.516667°E / 27.166667; 77.516667স্থানাংক: 27°10′00″N 77°31′00″E / 27.166667°N 77.516667°E / 27.166667; 77.516667
ক্ষেত্ৰফল 2,873 hectare, 29 km2
প্ৰতিস্থা ১০ মাৰ্চ ১৯৮২ (1982-03-10)
পৰ্যটক 100,000 (in 2008)[1]
গভাৰ্নিং বডী Rajasthan Tourism Development Corporation
প্ৰকাৰ: প্ৰাকৃতিক
মাপকাঠী: X
অভিহিত: ১৯৮৫(৯ ম বৰ্ষ)
উদ্ধৃতি #: ৩৪০
State Party: ভাৰত
Region: এছিয়া-পেছিফিক

তথ্য সংগ্ৰহসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক