কেঞাবন
কেঞাবন (বৈজ্ঞানিক নাম:Kyllinga brevifolia) চাইপাৰেচি (Cyperaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ ঘাঁহ জাতীয় উদ্ভিদ৷ কেঞাবনক ইংৰাজীত shortleaf spikesedge, green kyllinga, perennial greenhead sedge, kyllinga weed আদি নামেৰে জনা যায়৷[2]
Kyllinga brevifolia | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Kyllinga |
প্ৰজাতি: | K. brevifolia |
দ্বৈৰাশিক নামকৰণ | |
Kyllinga brevifolia Rottb. | |
সমাৰ্থক[1] | |
|
বিস্তৃতি
সম্পাদনা কৰককেঞাবন মূলত উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ থলুৱা উদ্ভিদ যদিও বৰ্তমান বিশ্বৰ সকলো ঠাইতে এই বন দেখা পোৱা যায়৷
বিৱৰণ
সম্পাদনা কৰককেঞাবনৰ পাতৰ আকৃতি তৰোৱাল একোখনৰ নিচিনা চেপেটা আৰু দীঘলীয়া হয়৷ পাতখিলাৰ মাজভাগত থকা অষ্পষ্ট ঠাৰিৰ বাহিৰে পাতবোৰত কোনো ধৰণৰ সিৰৰ বিকাশ হোৱা দেখা নাযায়৷ পাতবোৰৰ গুৰিভাগত থকা ঠাৰিয়ে বৌখাৰ দৰে মূল ঘাঁহডালত মেৰিয়াই ধৰে৷[3]
কেঞাবনৰ শিপাবোৰ চুলিৰ দৰে ঘন আৰু পাতল৷ এইবোৰে মাটিৰ তলত সৰু আলুৰ সৃষ্টি কৰে আৰু এই আলুৰ পৰা উৎপত্তি হোৱা পুখা একোডাল মাটিৰ উপৰিভাগলৈ উঠি আহি একো একোজোপা নতুন কেঞাবন সৃষ্টি কৰে৷[3]
তথ্যউৎস
সম্পাদনা কৰক- ↑ "The Plant List: A Working List of All Plant Species". Archived from the original on 29 September 2018. https://web.archive.org/web/20180929101825/http://www.theplantlist.org/tpl1.1/record/kew-251217। আহৰণ কৰা হৈছে: 10 February 2015.
- ↑ সাঁচ:FloraBase
- ↑ 3.0 3.1 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ