কোংকণী ভাষা
কোংকণী ভাষা (দেৱনাগৰী লিপিত: कोंकणी; ৰোমান লিপিত: Konknni; কন্নড় লিপিত: ಕೊಂಕಣಿ; মালয়ালম লিপিত: കൊങ്കണി; IAST: koṃkaṇī) এইটো ইন্দো-আৰ্য্য ভাষা যিটো ভাৰতৰ কোংকণ উপকূলত প্ৰচলিত। কোংকণী আৰু গোৱাঞ্চি কোংকণীত প্ৰায় ৭৬ লাখ মানুহে কথা কয়। কোংকণী ভাৰতৰ অঙ্গৰাজ্য গোৱাৰ চৰকাৰী ভাষা আৰু সমগ্ৰ ভাৰতৰ এটা চৰকাৰী ভাষা। কোংকণী ভাষাৰ কোনো নিৰ্দিষ্ট লিপি নাই। সেয়ে কোংকণী ভাষাৰ ক্ষেত্ৰত দেৱনাগৰী লিপিটোকে চৰকাৰী কামকাজত ব্যৱহাৰ কৰা হয়।
কোংকণী | |
---|---|
कोंकणी, Konknni, ಕೊಂಕಣಿ, കൊങ്കണി | |
উচ্চাৰণ | kõkɵɳi (আদৰ্শ), kõkɳi (জনপ্ৰিয়) |
থলুৱা অঞ্চল | ভাৰত |
অঞ্চল | কোংকণ |
স্থানীয় ভাষিক |
৭৬ লাখ |
ভাষা পৰিয়াল |
|
লিখন প্ৰণালী | দেৱনাগৰী লিপি (চৰকাৰী)[1], ৰোমান[2], কন্নড়[3], মালয়ালম আৰু আৰবী |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
![]() |
ভাষা সংকেত | |
ISO 639-1 | none |
ISO 639-2 | kok |
ISO 639-3 | gom |
শ্ৰেণীবিভাজন
সম্পাদনা কৰককোংকণী ইণ্ডো-আৰ্য্য ভাষা শাখাৰ অন্তৰ্গত। ই মাৰাঠী-কোংকণী ভাষা গোটৰ অংশ, যি দক্ষিণ ইণ্ডো-আৰ্য্য ভাষাবোৰৰ অন্তৰ্গত।[4] ই অপ্ৰযোজ্য (inflexive) আৰু অন্যান্য আধুনিক ইণ্ডো-আৰ্য্য ভাষাৰ তুলনাত সংস্কৃতৰ পৰা কম দূৰত্বত আছে। ভাষাবিজ্ঞানীসকলে কোংকণীক বিভিন্ন প্ৰাকৃত লোকভাষাৰ মিশ্ৰণেৰে গঠিত বুলি বৰ্ণনা কৰিছে। ইয়াৰ মূল কাৰণ হ’ব পাৰে কোংকণ উপকূলীয় অঞ্চলত বিভিন্ন যুগত হোৱা বিভিন্ন জনগোষ্ঠীৰ আগমন।[5]
লিপি
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Devanagari has been promulgated as the official script.
- ↑ Roman script is not mandated as official script by law. However an ordinance passed by the Government of Goa allows the use of Roman script for official communication.
- ↑ The use of Kannada script is not mandated by any law or ordinance. However, in the state of Karnataka, Konkani can be taught using the Kannada script instead of the Devanagari scirpt.
- ↑ Masica, Colin P. (1991). The Indo-Aryan languages. পৃষ্ঠা. 449.
- ↑ Menezes, Armando (1970). Essays on Konkani language and literature: Professor Armando Menezes felicitation volume. Konkani Sahitya Prakashan. পৃষ্ঠা. 118 pages (see page:2).