ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন
ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তন বা ক্ষমতা হস্তান্তৰ (ইংৰাজী: Peaceful transition of power) হ’ল গণতান্ত্ৰিক চৰকাৰৰ এক গুৰুত্বপূৰ্ণ নীতি; য’ত চৰকাৰৰ নেতৃত্বই শান্তিপূৰ্ণভাৱে চৰকাৰৰ নিয়ন্ত্ৰণ নৱনিৰ্বাচিত নেতৃত্বৰ হাতত অৰ্পণ কৰে। এই ক্ষমতা হস্তান্তৰ নিৰ্বাচনৰ পিছত বা ভিন্ন ধৰণৰ ৰাজনৈতিক শাসন ব্যৱস্থাৰ পৰিৱৰ্তনৰ সময়ত হ’ব পাৰে; উদাহৰণ স্বৰূপে ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত উত্থান ঘটা পোষ্ট কমিউনিষ্ট পিৰিয়দৰ কথা ক’ব পাৰি।[1]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Peaceful transitions of power have been rare in modern states, but once the habit has been acquired it sticks". EUROPP. 26 November 2014. https://blogs.lse.ac.uk/europpblog/2014/11/26/peaceful-transitions-of-power-have-been-rare-in-modern-states-but-once-the-habit-has-been-acquired-it-sticks/। আহৰণ কৰা হৈছে: 25 September 2020.