ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ

হাওঁফাওঁৰ কিছুমান বিশেষ ৰোগ

ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (Chronic obstructive pulmonary disease, সংক্ষিপ্ত ৰূপত COPD) বুলিলে হাওঁফাওঁৰ কিছুমান বিশেষ ৰোগক বুজোৱা হয় যিয়ে হাওঁফাওঁত বায়ু প্ৰবাহত বাধাৰ সৃষ্টি কৰে আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সৃষ্টি কৰে।[1] ইয়াৰ প্ৰাথমিক লক্ষণসমূহ হ’ল উশাহ লোৱাত কষ্ট আৰু কাহৰ সৈতে কফ ওলোৱা। সময়ৰ লগে লগে লক্ষণবোৰ অধিক গুৰুতৰ হৈ পৰে। খোজ কঢ়া বা চিৰি বগাই যোৱাটো কঠিন হৈ পৰে। আটাইতকৈ পৰিচিত ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ৰোগ হ'ল এম্ফিচিমা আৰু ক্ৰনিক ব্ৰংকাইটিছ, কিন্তু ইয়াৰ মাজত এতিয়া পাৰ্থক্য নাই। এই ৰোগ নিৰাময়ৰ বাবে হোমিঅ’পেথীৰ স্থায়ী চিকিৎসা আছে।

ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ
Lungs affected by COPD
হাওঁফাওঁৰ অংশত চেণ্ট্ৰিলোবুলাৰ এম্ফিচিমা দেখা যায়, লোবুলৰ কেন্দ্ৰত বায়ুমণ্ডল বৃদ্ধি হোৱা সাধাৰণতে ধূমপানৰ ফলত হয় আৰু ই COPDৰ এটা প্ৰধান বৈশিষ্ট্য
শ্ৰেণীবিভাজন আৰু বাহ্যিক উৎস
বিশেষ বৃত্তি (চিকিৎসাসেৱা) পালমোন’লজী
Patient UK ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ

ৰোগৰ লক্ষণ

সম্পাদনা কৰক
  • কাহ
  • উশাহ লোৱাত কষ্ট পোৱা
  • উশাহ লোৱাৰ শব্দ
  • কাহৰ লগত শ্লেষ্মা নিৰ্গত হোৱা
  • খোজ কঢ়াৰ সময়ত কষ্ট অনুভৱ

ৰোগৰ কাৰণ

সম্পাদনা কৰক

ধূমপান এই ৰোগৰ বাবেও দায়ী। ইয়াৰ বাহিৰেও বায়ু প্ৰদূষণ, ধূলি, ধোঁৱা আদিয়ে হাওঁফাওঁত প্ৰদাহ সৃষ্টি কৰে, যিটো COPD ৰ কাৰণ। এই ৰোগে হাওঁফাওঁৰ স্থায়ী ক্ষতি কৰে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 2024 GOLD Report, Chapter 1: Definition and overview.