খনমা নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা বিছ কিলোমিটাৰ পশ্চিমে অৱস্থিত এখন আংগামী নগা গাওঁ।

খনমা
Khwuno-ra
—  গাওঁ  —
দেশ  ভাৰত
ৰাজ্য নাগালেণ্ড
জিলা ক’হিমা
উচ্চতা ১,৬২১ মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ১,৯৪৩ জন
ভাষা
 - চৰকাৰী ইংৰাজী
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
PIN 797002
যানবাহনৰ নম্বৰ NL-01
লিংগ অনুপাত ১০২৪/
ৱেবছাইট nagaland.nic.in

গাওঁখনক স্থানীয় এবিধ উদ্ভিদ (Glouthera fragrantisima) ৰ আংগামী নাম অনুসৰি ’Khwuno-ra’ বুলিও জনা যায়। খনমাৰ মুঠ জনসংখ্যা ১৯৪৩ জন আৰু ৪২৪টা পৰিয়াল[1]। খনমাক ভাৰতৰ প্ৰথমখন সেউজ গাওঁ বুলি গণ্য কৰা হয়।

ভৌগোলিক অৱস্থিতি সম্পাদনা কৰক

খনমাৰ মূলত: পাহাৰীয়া। ইয়াৰ পাহাৰবোৰ সেউজ অৰণ্যৰে আৱৰি আছে। নাগালেণ্ডৰ ৰাজ্যিক চৰাই, ব্লাইথ’ছ ট্ৰগ’পান (Blyth's tragopan) খনমাৰ অৰণ্যত দেখা পোৱা যায়।[2]

জনসংখ্যা সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি খনমাত বসবাস কৰা মুঠ পৰিয়ালৰ সংখ্যা ৪২৪টা আৰু জনসংখ্যা ১৯৪৩ জন। ইয়াৰে ৯১৯ জন পুৰুষ আৰু ১০২৪ গৰাকী মহিলা।

গাওঁখন তিনিটা খেলত বিভক্ত- মেৰহুমা (Merhüma, M-Khel), চেম’মা (Semoma, S-Khel) আৰু থেভ’মা (Thevoma,T-Khel).

খনমাৰ সাক্ষৰতাৰ হাৰ নাগালেণ্ডৰ ৰাজ্যিক হাৰতকৈ অধিক। ২০১১ চনৰ লোকপিয়ল অনুসৰি খনমাৰ নাগালেণ্ডৰ ৭৯.৫৫% ৰ বিপৰীতে ৮৩.৪১% লোক সাক্ষৰ। ইয়াৰ ভিতৰত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৯৩.৭২% আৰু মহিলাৰ ৭৪.১৯%[3]

ভাৰত চৰকাৰৰ পঞ্চায়তী ৰাজ আইনৰ অধীনত খনমা গাওঁখন গাওঁবুঢ়াই পৰিচালনা কৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক

লগতে চাওক সম্পাদনা কৰক