খহুলি নাথ ঢিং অঞ্চলৰ এগৰাকী মহিলা আছিল। তেওঁৰ স্বামী আছিল পোনাৰাম। স্বামীৰ সৈতে ভাৰতীয় স্বাধীনতা সংগ্ৰামত তেওঁ যোগ দিছিল। ১৯৪২ চনৰ আন্দোলনত ঢেকীয়াজুলি পুলিচ থানাত জাতীয় পতাকা উৰুৱাবলৈ গৈ পুলিছৰ গুলীত তেওঁ শ্বহীদ হৈছিল[1]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৫