খহুলী দেৱী (ইংৰাজী: Khahuli devi) বিয়াল্লিছৰ গণ আন্দোলনত শ্বহীদ হোৱা এগৰাকী স্বাধীনতা সংগ্ৰামী৷ নগাঁও জিলাৰ ডুমডুমীয়াৰ স্বাধীনতা আন্দোলনৰ কৰ্মী খহুলী দেৱীৰ পিতৃৰ নাম পোনাৰাম নাথ আৰু স্বামীৰ নামো পোনাৰাম নাথ৷ পোনাৰাম নাথৰ ঘৰ দৰং জিলাৰ নাহৰবাৰী মৌজাৰ কাটনিগাঁও৷[1][2] ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ স্বহীদ হোৱা খহুলী নাথ আছিল সন্তান সম্ভৱা৷[3] ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলিত বৰগাঁও, নাহৰবাৰী, মিছামাৰী, ঢেকিয়াজুলি আৰু বৰছলা ;- এই পাঁচখন মৌজাৰ প্ৰায় ৫ হাজাৰ সাধাৰণ ৰাইজ সমদল কৰি থানা অভিমুখে আগবাঢ়ি গৈছিল৷ নেতৃত্বত আছিল কমলাকান্ত দাস৷ সেইদিনা থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা লোকসকলৰ একেলগে ১১জন লোক পুলিচৰ গুলীত নিহত হৈছিল৷ তাৰ ভিতৰত খহুলী দেৱীও আছিল৷[4]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. কলিতা, ৰমেশচন্দ্ৰ (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৭৮. 
  2. ডেকা, কনকচন্দ্ৰ (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃষ্ঠা. ৪১০. 
  3. "দেশৰ স্বাধীনতাৰ হকে প্ৰাণ ত্যাগ কৰা অসমৰ কেইগৰাকীমান মহিলা". https://blog.mygov.in/%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%B0-%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A6%A7%E0%A7%80%E0%A6%A8%E0%A6%A4%E0%A6%BE%E0%A7%B0-%E0%A6%B9%E0%A6%95%E0%A7%87-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE/। আহৰণ কৰা হৈছে: 19 August 2023. 
  4. কলিতা, ড° ৰমেশ চন্দ্ৰ (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১০৩.