খাজুৰাহো (ইংৰাজী: Khajuraho), ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ ছত্ৰপুৰ জিলাৰ এখন নগৰ পঞ্চায়ত শাসিত চহৰ। এই ঠাইখন খাজুৰাহো স্মাৰকসমূহৰ বাবে বিখ্যাত। খাজুৰাহো স্মাৰকসমূহ ৰাজপুত বংশোদ্ভুত চান্দেলা ৰাজবংশৰ অধীনত ৯৫০ আৰু ১০৫০ খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ত নিৰ্মিত। এই সময়টি আছিল উক্ত ৰাজবংশৰ শাসনৰ স্বৰ্ণযুগ। বৰ্তমান এই স্মাৰকসমূহৰ যিসমূহ অক্ষত অৱস্থাত আছে সেইসমূহ হিন্দু ধৰ্ম আৰু জৈন ধৰ্মৰ স্থাপত্য। এইসমূহৰ স্থাপত্যশৈলীত নানান স্থাপত্যশৈলীৰ বিস্ময়কৰ মিশ্ৰণ দেখা যায়। এই স্থাপত্যৰ শ্ৰেষ্ঠ নিদৰ্শন কন্দৰিয়া মন্দিৰ। ৬ বৰ্গকিলোমিটাৰ আয়তনবিশিষ্ট মন্দিৰ প্ৰাংগনত নিৰ্মিত ৮৫টি মন্দিৰৰ মাজত মাত্ৰ ২২টি মন্দিৰহে বৰ্তমান বিদ্যমান। এই মন্দিৰসমূহ দশম শতাব্দীত চান্দেলা ৰাজত্বকালত নিৰ্মিত হয়। মধ্যপ্ৰদেশত অবস্থিত এই অঞ্চলটি ১৯৮২ চনৰ ১৫ অক্টোবৰত ইউনেস্কো বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয় - দ্বাদশ শতাব্দীৰ মুছলমান আক্ৰমণৰ পূৰ্বে চান্দেলা সংস্কৃতিৰ অনন্য আৰু মৌলিক শিল্পকৌশলৰ নিদৰ্শন আৰু প্ৰমাণ, এটি সাংস্কৃতিক সম্পত্তি হিচাপে।[1][2]

ইউনেস্ক' বিশ্ব ঐতিহ্যবাহী স্থান
খাজুৰাহোৰ স্মাৰকসমূহ
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম
Vishvanath temple khajuraho.jpg
খাজুৰাহোৰ মহাদেৱ মন্দিৰ

দেশ  ভাৰত
ধৰণ সাংস্কৃতিক
মাপকাঠি i, iii
উদ্ধৃতি ২৪০
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল এছিয়া-পেছিফিক
অভিলিখনৰ ইতিহাস
অভিলিখন ১৯৮৬ (১০ম অধিবেশন)


তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. "Kajuraho Group of Monuments". UNESCO. http://whc.unesco.org/en/list/240। আহৰণ কৰা হৈছে: 2010-10-02. 
  2. "Kajuraho Group of Monuments" (pdf). Unesco. http://whc.unesco.org/archive/advisory_body_evaluation/240.pdf। আহৰণ কৰা হৈছে: 2010-10-02. 

বাহ্যিক সংযোগসম্পাদনা কৰক