খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ

ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ সম্পাদনা কৰক

খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডটো ভাৰতবৰ্ষৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। কৃষি আৰু নিৰ্মাণ খণ্ডত ই মুঠ ঘৰুৱা উৎপাদনৰ(Gross Domestic Product) প্ৰায় ৯---১০ শতাংশ দখল কৰিছে। বৰ্তমান প্ৰতি বছৰে ১০ শতাংশতকৈ অধিক বৃদ্ধি পাব ধৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (Indian Council of Agricultural Research)ৰ ডিপুটি ডিৰেক্টৰ জেনেৰেল মিঃ স্বপন দত্তৰ মতে ২০১২ চনত ই আছিল ১২১০০ কোটি টকা আৰু আশা কৰা হৈছে ২০১৫ চনত ১৯৪০০কোটি টকা হবগৈ। ভাৰতীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মুখ্যতঃ ৰপ্তানিগত। ২০১২-২০১৩ চনত ভাৰতৰ ৰপ্তানিকৃত প্ৰক্ৰিয়াকৰণ খাদ্য আছিল ৩৮১৫০.৮৬ কোটি টকা। ভাৰতৰ ভৌগোলিক অৱস্থানে ইয়াক ইউৰোপ, মধ্য পূব জাপান, ছিংগাপুৰ,থাইলেণ্ড,মালয়েছিয়া আৰু কোৰিয়াৰ লগত যোগাযোগৰ বাবে একক সুবিধা প্ৰদান কৰিছে।

খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয় সম্পাদনা কৰক

ভাৰত চৰকাৰে ১৯৮৮ চনত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয় ( Ministry of Food Processing Industries) স্থাপন কৰে। মন্ত্ৰালয়ে দেশৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ লগত জড়িত নীতি নিৰ্দ্দেশনাসমূহ চোৱাচিতা কৰে। ই শস্য চপোৱাৰ পৰবৰ্ত্তী কালৰ লোকচান হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। তদুপৰি যথাযোগ্য সংৰক্ষণ আৰু পৰিবহণ, প্ৰক্ৰিয়াকৰণ, খাদ্য সামগ্ৰী সাঁচৰণ কালৰ ম্যাদ বৃদ্ধি কৰে,উচিত মূল্যত সতেজ আৰু প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰী উপভোক্তাক সহজতে পাব পৰা কৰে আৰু কৃষক সকলক ভাল উপাৰ্জনত সহায় কৰে। মন্ত্ৰালয়ে শীত শৃংখলৰ ( Cold chain) আধুনিক বুনিয়াদ স্থাপন ,খাদ্য উদ্যান আৰু ৰাজহুৱা কচাইখানা স্থাপনৰ সুবিধা প্ৰদান কৰিছে। ভাৰতবৰ্ষক কৃষি আৰু খাদ্য প্ৰক্ৰিয়াকৰণত বলিষ্ঠ দেশ হিচাপে গঢ়ি তুলিবলৈ মন্ত্ৰালয়ে কৃষক, উদ্যোগী, উপভোক্তা আৰু অন্য দায়িত্বশীল সকলৰ পৰা পৰামৰ্শ বিচাৰে।

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ গুৰুত্ব সম্পাদনা কৰক

খাদ্য প্ৰক্ৰিয়াকৰণে কৃষি আৰু উদ্যানগত উৎপাদনত যিকোনো ধৰণৰ মূল্য সংযোজনতে জড়িত হয় আৰু ক্ৰম অনুযায়ী সজোৱা, শ্ৰেণী বিভাজন কৰা ,পেকেটিং আদিক সাঙুৰি লয় –যিয়ে উৎপাদিত খাদ্যৰ সমষ্টিগত ম্যাদ বৃদ্ধি কৰে। খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগে কৃষি আৰু উদ্যোগৰ অধিক সংযোগ স্থাপন কৰে আৰু সহযোগিতা বৃদ্ধি কৰে। এই উদ্যোগৰ যোগে কৃষিজাত উৎপাদনৰ ব্যৱসায়িকৰণ হয়,কৃষিজাত দ্ৰব্যৰ ওপৰত মূল্য সংযোজিত কৰাত উৎসাহিত হয়, নিয়োগ বৃদ্ধি হয় আৰু ৰপ্তানি বাঢ়ে। ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণে বিস্তৃতভাৱে উৎপাদিত ফলমূল আৰু শাকপাচলি,মাংস আৰু কুকুৰা, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্ৰব্য, মদ্যজাত চৰ্বত, মীন , মিঠাই,চকলেট আৰু নাৰিকলৰ পৰা প্ৰস্তুত দ্ৰব্য, মাহজাতীয় উৎপাদিত দ্ৰব্য , খনিজ জল আৰু প্ৰটিনযুক্ত খাদ্যৰ দৰে আন কিছুমান দ্ৰব্য সাঙুৰি লৈছে।

নডেল এজেঞ্চি সম্পাদনা কৰক

ভাৰতীয় খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ সামগ্ৰিকভাৱে সূৰ্য্য উদয় উদ্যোগ(Sunrise Industry)হিচাপে চিনাক্ত হৈছে। ইয়াৰ কৃষি অৰ্থনৈতিক উত্থান ঘটাব পৰা সম্ভাৱনীয়তা আছে। সেয়ে ভাৰত চৰকাৰে ৰপ্তানি উন্নয়নৰ বাবে দুটা নডেল এজেঞ্চি গঠন কৰে। Agricultural & Processed Food Products Export Development Authority(APEDA) ৰ ওপৰত সকলোধৰণৰ প্ৰক্ৰিয়াকৰণ খাদ্য ৰপ্তানিৰ বিষয়বোৰ চোৱাচিতাৰ দায়িত্ব ন্যস্ত কৰা হৈছে। অন্যহাতে Marine Product Export Development Authority(MPEDA) সকলো ধৰণৰ মীন আৰু মীন উৎপাদনৰ চোৱাচিতাৰ ক্ষেত্ৰত দায়বদ্ধ। 

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ সম্পাদনা কৰক

অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰক্ৰিয়াকৃত খাদ্যৰ চাহিদালৈ লক্ষ্য ৰাখিলে দেখা যায় যে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ সম্ভাৱনীয়তা যথেষ্ট আছে। খাদ্য প্ৰক্ৰিয়াকৰণ এক প্ৰমুখ উদ্যোগ হিচাপে আহি পৰিছে আৰু ইয়াৰ দ্বাৰা ৰাজ্যৰ যুৱক যুৱতীসকলক সংস্থাপন দিয়াৰ সম্ভাৱনা অধিক। অসমৰ মাটি সাৰুৱা , ফলমূল আৰু শাকপাচলি উৎপাদনৰ বাবে উপযুক্ত। অসমত উৎপাদিত ফলমূল আৰু শাকপাচলি ৰেলেৰে বা পথ পৰিবহণ যোগে অসমৰ বাহিৰলৈ পঠিওৱা হৈছিল। এতিয়া এইবোৰ অসমতে প্ৰক্ৰিয়াকৰণৰ কাম আৰম্ভ হৈছে। এনে এক উদ্যোগ হৈছে দৰং জিলাৰ দলগাঁৱৰ Sanghavi Foods Private Ltd আৰু এই খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যগটোৱে কৃষক সকলক সকাহ দিব। অঞ্চলটো শাকপাচলি উৎপাদনত চহকী; কিন্তু কৃষক সকলে তেওঁলোকৰ প্ৰাপ্য লাভ কৰিব নোৱাৰিছিল। যেতিয়া অধিক উৎপাদন হয় তেতিয়া তেওঁলোকে কম দামত তেওঁলোকৰ উৎপাদিত দ্ৰব্য বিক্ৰী কৰিব লাগিছিল বা পেলাই দিছিল। এতিয়া উদ্যোগটোৱে ওপৰঞ্চি উৎপাদন কামত লগাইছে আৰু উৎপাদক সকলে উচিত মূল্য পাইছে।

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰণালয়ে একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়চোৱাত দেশত সেঁউজ পথাৰ বৃহৎ খাদ্য উদ্যান (Green Field Mega Food Park ) স্থাপনৰ উদ্দেশ্যে এক আঁচনি আৰম্ভ কৰে। ইয়াৰ উদ্দেশ্য হল ফাৰ্মৰ পৰা বজাৰলৈ মূল্য সংযোজিত কৰাৰ লগতে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে বুনিয়াদ গঠন কৰা। খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰণালয়ে চূড়ান্ত অনুমোদন প্ৰদান কৰি North East Mega Food Park Ltd ক পাঁচ কোটি টকা প্ৰকল্পত ব্যয়ৰ বাবে প্ৰদান কৰে। টিহুৰ নাথকুচিত এই প্ৰকল্পৰ এটা কেন্দ্ৰীয় খাদ্য প্ৰক্ৰিয়াকৰণ গোট থাকিব। ই পঞ্চাশ একৰ ভূমি আগুৰি লব আৰু ছটা প্ৰাথমিক খাদ্য প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ থাকিব। ইয়াক সমগ্ৰ অঞ্চলতে ব্যাপ্ত হৈ থকা উনৈশটা সংগ্ৰহ কেন্দ্ৰৰ প্ৰসাৰণে পোষকতা কৰিব। ইয়াৰোপৰি ভাৰত চৰকাৰে কামৰূপ জিলাৰ গুৱাহাটীৰ ওচৰৰ ছয়গাঁৱত খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ উদ্যান নিৰ্মাণৰ বাবে মঞ্জুৰী দিছে।

ভাৰত চৰকাৰে প্ৰৱৰ্ত্তন কৰা ১৯৯৭ চনৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে উদ্যোগিক নীতিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ খাদ্য শস্য আৰু উদ্যান শস্যৰ প্ৰচুৰতা আৰু সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি স্পষ্টভাৱে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ উন্নয়নৰ কথা উল্লেখ কৰিছে। The North Eastern Development Finance Corporation ( NEDFi) Ltd য়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে ফলমূল আৰু শাকপাচলি প্ৰক্ৰিয়াকৰণ উদ্যোগক সম্ভাৱনাপূৰ্ণ প্ৰকল্প ৰূপে চিনাক্ত কৰিছে। অলপতে NEDFi য়ে North East Equity Fund নামেৰে এক নতুন বিনিয়োগ আচঁনি হাতত লৈ প্ৰথম পৰ্য্যায়ৰ উদ্যোগীক সহায় কৰিছে আৰু তেওঁলোকে এই আঁচনিত খাদ্য প্ৰক্ৰিয়াকৰণ অন্তৰ্ভুক্ত কৰিছে। ইতিমধ্যে NEDFi য়ে গুৱাহাটীৰ ওচৰৰ ৰবিত North East Pure Drinks নামৰ প্ৰতিষ্ঠানক নৰম পানীয়ৰ বটলিঙৰ বাবে ১৫০ লাখ টকাৰ বিত্ত যোগান ধৰিছে।

অসম , মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাত National Horticulture Board ৰ পৃষঠপোষকতাত সীমিতসংখ্যক খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ গঢ়ি উঠিছে। কেন্দ্ৰীয় চৰকাৰে সাম্প্ৰতিক পদক্ষেপ স্বৰূপে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগ শস্যৰ কাম কাজৰ উন্নয়নৰ বাবে National Horticulture Mission হাতত লৈছে। ইয়াৰ দ্বাৰা কৃষকসকলৰ প্ৰতি বছৰে ফলমূল আৰু শাকপাচলি নষ্ট হৈ লোকচান হোৱা কাৰ্য্যক বাধা দিবৰ বাবে বুনিয়াদ তৈয়াৰ কৰি পেকেট কৰা, উদ্যান শস্যৰ উৎপাদিত দ্ৰব্য সংৰক্ষণ আৰু পৰিবহণৰ বাবে পদক্ষেপ লৈছে। প্ৰক্ৰিয়াকৰণ ফলমূল আৰু খাদ্যৰ উৎপাদনে নিয়োগৰ বৃহৎ সুযোগ দিছে আৰু কৃষি উৎপাদন বৃদ্ধি কৰি কৃষি ক্ষেত্ৰত ৰপ্তানিৰ সুযোগ দিছে। চৰকাৰেও এই উদ্যোগলৈ বিদেশী বিনিয়োগক আকৰ্ষণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু দেশৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগলৈ বিদেশী প্ৰযুক্তি স্থানান্তৰকৰণৰ ক্ষেত্ৰত খৰটকীয়া অনুমোদন দিছে।

উদ্যান শস্যৰ বজাৰ আৰু প্ৰক্ৰিয়াকৰণৰ সুবিধা বৃদ্ধিৰ বাবে উত্তৰ পূব পৰিষদ ( North East Council) ৰ আশ্ৰয়ত North Eastern Regional Agricultural Marketing Corporation ( NERAMAC) গঠন কৰা হয়। NERAMAC য়ে ত্ৰিপুৰাৰ কুমাৰঘাটত ৩৪৮ কোটি টকা ব্যয়ত ফলমূলৰ প্ৰক্ৰিয়াকৰণৰ এক প্ৰকল্প হাতত লয়। প্ৰকল্পটোৱে প্ৰায় ৮০০ মেট্ৰিক টন আনাৰস ,কমলা প্ৰক্ৰিয়াকৰণ কৰিব পাৰে। ইতিমধ্যে তাৰ কাম আৰম্ভ কৰিছে। NERAMAC য়ে তেনে ধৰণৰ প্ৰকল্প স্থাপনৰ বাবে অন্য ব্যৱসায়যোগ্য দ্ৰব্যৰ ভিত্তিতো তেনে ধৰণৰ প্ৰকল্প স্থাপনৰ বাবে প্ৰচেষ্টা চলাই আছে।

কেনেকৈ এটা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ স্থাপন কৰিব পাৰি? সম্পাদনা কৰক

৭৫% উদ্যোগ অসংগঠিত খণ্ডৰ আৰু ক্ষুদ্ৰ মাত্ৰাৰ হোৱা বাবে খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ বহুতো উদ্যোগীৰ বাবে পৰিপূৰ্ণ উপকৰণ হব পাৰিছে। এই ব্যৱসায়ত কৃতকাৰ্য্য হবলৈ কঠিন নহয়। শস্য চপোৱাৰ সময়ত কম মূল্যত সেইবোৰ নিজৰ দক্ষতাৰে গোটাই লৈ প্ৰক্ৰিয়াকৰণ , জমাকৰণ আৰু চাহিদাৰ পুৰ্ণ পৰ্য্যায়ত যোগান ধৰিব পাৰিলে এই ব্যৱসায়ত বৰ্ত্তি থাকিব পাৰি। মূল্য সংযোজন , পেকেটকৰণ আৰু ব্ৰেণ্ড আদি গঢ়ি তোলাৰ নিশ্চয়তাই অধিক লাভৰ দক্ষতা বৃদ্ধি কৰে। খাদ্য প্ৰক্ৰিয়াকৰণ ব্যৱসায় আৰম্ভ কৰিবলৈ লব লগা দহটা পদক্ষেপৰ কথা উল্লেখ কৰা হৈছে। (১) উৎপাদিত দ্ৰব্যৰ বিষয়ে ধাৰণা, (২)বজাৰ অধ্যয়ন আৰু ব্যৱসায় পৰিকল্পনা, (৩) ব্যৱসায় সংগঠন, (৪) ব্যৱসায়ৰ বীমাকৰণ আৰু নীতি নিদ্ধাৰণ, (৫) খাদ্য সুৰক্ষা, (৬) উৎপাদনৰ পদ্ধতি, (৭) উৎপাদিত দ্ৰব্য উন্নিতকৰণ,(৮) পেকেটকৰণ আৰু লেবেল লগোৱা কাৰ্য্য, (৯) মাৰ্কেটিং আৰু (১০) বিতৰণ। বিশদভাবে জানিবলৈ হলে ইণ্টাৰনেটৰ ৱেবচাইটবোৰত চালেই হল। তলত কিছুমান দিশৰ ওপৰত আলোকপাত কৰা হল।

বিনিয়োগৰ আৱশ্যকতা সম্পাদনা কৰক

খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ ঘৰুৱা ব্যৱসায়ৰ পৰা আৰম্ভ হৈ বৃহৎ পৰ্য্যায়লৈকে যাব পাৰে। ব্যৱসায় বিনিয়োগ কেইহেজাৰমান টকাৰ পৰা আৰম্ভ কৰিব পাৰি আৰু কোটি টকালৈকে যাব পাৰে। এক আদৰ্শ স্বৰূপ প্ৰতিষ্ঠান ১০০০০ ৰ পৰা ৩০০০০ একক উৎপাদনৰ সৈতে , আবচাব আৰু মেচিনৰ বাবে ১০ লাখ আৰু ৪০ লাখ টকাৰ প্ৰয়োজন হব। দুগ্ধ বা সেই সম্পৰ্কীয় উৎপাদনৰ ক্ষেত্ৰত প্ৰায় ২০ লাখ আৰু ৩০ লাখৰ মাজতে বিনিয়োগ হব। খাদ্য আৰু শাকপাচলি প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে ১০ লাখ, মাংস আৰু মূৰ্গীৰ বাবে ১০ লাখ টকা প্ৰয়োজন হব। বজাৰৰ মূল্যৰ তাৰাতম্য আনুযায়ী এই হিচাপৰো কিছু তাৰাতম্য ঘটিব পাৰে।

বুনিয়াদ নিৰ্মাণ সম্পাদনা কৰক

এটা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ ১০০০ বৰ্গফুটৰ ভূমিৰ ভিতৰতে আৰম্ভ কৰিব পাৰি। ভাল যাতায়তৰ সুবিধা আৰু সঞ্চয় কৰিব পৰা ক্ষমতা অতি প্ৰয়োজনীয়। যন্ত্ৰপাতি আৰু মেচিন ব্যৱহাৰ কৰা সত্ত্বেও ১০-২০ জন কৰ্মচাৰী নিয়োগ কৰিব লাগিব।

বিত্ত যোগান সম্পাদনা কৰক

NABARD আৰু অন্যান্য চৰকাৰী বে-চৰকাৰী বিত্তীয় প্ৰতিষ্ঠানে এনে উদ্যোগ স্থাপনৰ বাবে ঋণ প্ৰদান কৰে। প্ৰয়োজন সাপেক্ষে নিজা ববীয়াকৈও কিছু প্ৰান্তিক ধন ব্যৱসায়ত বিনিয়োগ কৰিব লগা হব পাৰে।

ব্যৱসায় বীমাকৰণ সম্পাদনা কৰক

যন্ত্ৰপাতি, মেচিন,আবচাব ইত্যাদি প্ৰায় সকলোবোৰ প্ৰাকৃতিক দুৰ্য্যোগ আৰু চোৰ ডকাইতিৰ বাবে বীমা কৰিব পাৰি।

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

সৰহভাগ খাদ্য প্ৰক্ৰিয়াকৰণ দ্ৰব্য, উদ্যোগ( উন্নয়ন আৰু নীতি) আইন ১৯৫১ ৰ মতে অনুজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে। ক্ষুদ্ৰ উদ্যোগৰ বাবে ৰখা দ্ৰব্য আৰু মদ্য জাতীয় চৰ্বতৰ ক্ষেত্ৰত কথাটো সুকীয়া।

মৌলিক প্ৰয়োজন সমূহ সম্পাদনা কৰক

১) বিক্ৰী কৰ তালিকাভুক্তকৰণ—ভেট নং ২)ব্যৱসায়ৰ বাবে আয় কৰৰ স্থায়ী একাউণ্ট নং (PAN Card No) ৩)বাণিজ্যিক অনুজ্ঞাপত্ৰ ৪) স্বাস্থ্য বিভাগৰ পৰা খাদ্য অনুজ্ঞা পত্ৰ ৫) প্ৰশিক্ষণ প্ৰাপ্ত হলে তাৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি

প্ৰতিযোগিতা সম্পাদনা কৰক

খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডটো তেনেই খণ্ড বিখণ্ড উদ্যোগৰ সমষ্টি॥ এই উদ্যোগৰ বহুতো উদ্যোগী কাৰ্য্য ক্ষেত্ৰত আৰু উৎপাদনত ক্ষুদ্ৰ আৰু বহুল ভাৱে অসংগঠিত খণ্ডত লিপ্ত হৈ আছে। এই খণ্ডটোৱে উৎপাদনৰ ক্ষেত্ৰত ৭০% আৰু মূল্যৰ ক্ষেত্ৰত ৫০% দখল কৰিছে। যদিওবা সংগঠিত খণ্ডটো দেখাত তুলনামূলক ভাৱে সৰু , ই অতি খৰ গতিত আগুৱাই গৈছে। নতুন উদ্যোগীৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত জটিলতা আহিবও পাৰে। তথাপি মন কৰিব লাগিব যে মুখৰ কথা আৰু প্ৰথম কিছু সুখী তথা সন্তুষ্ট গ্ৰাহক/ খুচুৰা ব্যৱসায়ীয়েই হব ডাঙৰ বিজ্ঞাপনদাতা। তেওঁলোকৰ সম্পূৰ্ণ কথা মনোযোগ দি শুনাৰ ওপৰতেই কৃতকাৰ্য্যতাৰ হাৰ নিৰ্ভৰ কৰিব। যেতিয়া নেকি বাতৰি কাকত, ৰেডিঅ আৰু টেলিভিশ্যনত উৎপাদিত দ্ৰব্যৰ গুণাগুণৰ সম্বন্ধে সজাগতা সৃষ্টি কৰা হব তেতিয়া লগতে ইণ্টাৰনেটত এটা ৱেইবচাইট আৰু চচিয়েল নেটৱৰ্কিং চাইটত এটা পেজ খুলি লোৱাটো একান্তই প্ৰয়োজনীয় কথা হব।

তথ্য সূত্ৰ সম্পাদনা কৰক

1) The Economy of Assam Including Economy of North East India, by P K Dhar 2)Development of The North East Region Problem and prospects ,by Anand Kumar Yogi 3)www mofpi nic in 4)www ibef org 5) www indianbusiness nic in 6) News Papers