খাৰচী পূজা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পূৰাণখ্যাত ত্ৰিপুৰা ৰাজ্যৰ উৎসৱ৷ এই পূজা প্ৰতি বছৰ আহাৰ মাহৰ শুক্লাষ্টমী তিথিৰ পৰা আগৰতলাত থকা “চতুৰ্দশ মন্দিৰ’’ত অনুষ্ঠিত হয়৷ এই পূজাৰ আঁৰত এক পৌৰাণিক কাহিনী আছে৷ সেইটো হ’ল, কাছাৰ ৰাজ্যৰ ৰজা আছিল ত্ৰিলোচন৷ ত্ৰিলোচনে মৃত্যুৰ আগমূহূৰ্তত ডাঙৰ ৰাজকুমাৰ দ্ৰিকপতিক উত্তৰাধিকাৰী ঘোষণা কৰে৷ কিন্তু ত্ৰিলোচনৰ মৃত্যুৰ পিছত তেওঁৰ দ্বিতীয় পুত্ৰ দক্ষিণে বলপূৰ্বক ৰাজপাটত আৰোহণ কৰে৷ ইয়াৰ পৰিণতিত দ্ৰিকপতিয়ে ভায়েক দক্ষিণৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ যুদ্ধত দ্ৰিকপতিৰ জয় হয়৷ কিন্তু যুদ্ধৰ শেষত দক্ষিণে চৌদ্ধজন সেনাৰ মূৰ কাটি লৈ যায়৷ তেতিয়াৰ পৰাই দ্ৰিকপতিৰ বংশধৰসকলে মূৰ কটা যোৱা সৈনিকসকলক সোঁৱৰণ কৰি “খাৰচী পূজা’’ পাতিবলৈ লয়৷ খাৰচী শব্দৰ অৰ্থ হ’ল, ’খাৰ’ মানে পলায়ন কৰা আৰু ’চী’ মানে জ্ঞাত হোৱা৷ খাৰচী শব্দৰ সম্পূৰ্ণ অৰ্থ হ’ল, যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰা৷

চতুৰ্দশ মন্দিৰ আৰু দেৱতাৰ পূজা সম্পাদনা কৰক

ত্ৰিপুৰাৰ ’চতুৰ্দশ মন্দিৰ’ নিৰ্মাণ কৰে ৰজা কৃষ্ণ মাণিক্যই৷ এই মন্দিৰৰ স্থাপত্যত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ দেখা যায়৷ মন্দিৰৰ ভিতৰত চৌদ্ধগৰাকী দেৱ-দেৱীৰ মূৰ্তি আছে৷ সেই চৌদ্ধ গৰাকী দেৱ-দেৱী হ’ল, হৰ, হৰি, উমা, লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশ, ব্ৰহ্মা, পৃথিৱী, সাগৰ, গংগা, অগ্নি, কামদেৱ আৰু হিমাদ্ৰী দেৱী৷ আহাৰ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত আৰম্ভ হোৱা খাৰচী পূজা সাতদিন ধৰি চলে আৰু প্ৰতিদিনে দুগৰাকীকৈ দেৱ বা দেৱীৰ পূজা কৰা হয়৷ পূজাৰ বাবে কেইটামান প্ৰতিমূৰ্তি বাঁহেৰে সজোৱা হয়৷ চান্থাই (প্ৰধান পুৰোহিত)য়ে পূজাত আগভাগ লয়৷ তেওঁক সহায় কৰে ধৰ্মীয় পদবীধাৰী আন চাৰিজন লোকে৷ সেইসকল হ’ল, নাৰাণ, বেৰিফাং, য়াকচুক আৰু গালিম৷ খাৰচী পূজাত সকলো ধৰ্মৰ আৰু সকলো জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰে আৰু এই উৎসৱত জনজাতীয় অজনজাতীয় সকলো লোকে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে৷[1]

চতুৰ্দশ দেৱ-দেৱীৰ বিশেষত্ব সম্পাদনা কৰক

চতুৰ্দশ দেৱ-দেৱীৰ প্ৰত্যেকৰে শিৰত অৰ্ধচন্দ্ৰ খচিত আছে আৰু শিৱৰ বাহিৰে বাকীসকল দেৱ-দেৱীৰ মুকুট সোণেৰে নিৰ্মিত৷ শিৱৰ মুকুট ৰূপেৰে নিৰ্মাণ কৰা হৈছে আৰু এই বিগ্ৰহটি আনকেইটি বিগ্ৰহতকৈ ডাঙৰ৷ ত্ৰিপুৰী জাতি চন্দ্ৰবংশীয় ক্ষত্ৰিয় কূলজাত কাৰণেই কূলীয় চিহ্ন হিচাপে আৰাধ্য দেৱ-দেৱীৰ শিৰত অৰ্ধচন্দ্ৰ খচিত কৰা আছে৷ খাৰচী পূজাত বিশেষ গোপনীয়তা অৱলম্বন কৰাৰ ৰীতি প্ৰচলিত৷ পূজাৰ কেইদিনৰ এদিন গভীৰ ৰাতি ’হজগিৰি’ নৃত্য অনুষ্ঠিত হয়৷ সেইদিনা ৰাজপুৰোহিতৰ বাদে আন সাধাৰণ লোকে ঘৰৰ বাহিৰত ঘূৰাপকা কৰা নিষিদ্ধ৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. উত্তৰ পূৰ্বাঞ্চলৰ জনজাতি, মৃগেন শৰ্মা