খাৰ্চী পূজা ত্ৰিপুৰাৰ জনজাতিসকলৰ মাজত প্ৰচলিত এটা জনপ্ৰিয় উৎসৱ। এই পূজাত ত্ৰিপুৰাত থকা হিন্দু-বঙালীসকলৰ পৰম্পৰাৰ প্ৰভাৱ বিদ্যমান। পূজাত যি মূৰ্তি সজা হয়,তাত সম্পূৰ্ণকৈ মূৰ্তি নাসাজি কেৱল মূৰৰ অংশহে সজা হয়। মূৰ্তিত চৌবিশ জনা দেৱতাৰ মুখাৱয়ব সন্নিবিষ্ট হয়। সেইবোৰ হ'ল- হৰ, উমা, হৰি, মা,বালি, কুমাৰ গণেশ, ব্ৰাহ্মা, পৃথিৱী, গংগা, অৱদি, অগ্নি, কামেশ আৰু হিমাদ্ৰি। এই আটাইবোৰ দেৱ- দেৱীকে দুৰ্গা পূজাত মহামায়া দুৰ্গা আৰু তেওঁৰ পৰিয়ালবৰ্গক যি ভাৱে পূজা কৰা হয়, ঠিক সেইভাৱেই পূজা -অৰ্চনা কৰা হয়। এই পূজাৰ সময়ত ত্ৰিপুৰাত জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো মানুহৰ সমাগম হয়। প্ৰায় সাতশ বছৰীয়া পুৰণি এই পূজাৰ পৰম্পৰাই জনজাতি আৰু অজনজাতি সকলো ত্ৰিপুৰাবাসীকে একতাৰ দোলেৰে বান্ধি ৰাখিছে।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. কাৰছি (২৭মে,১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ,পাণবজাৰ,গুৱাহাটী -১.