গোলাঘাট নগৰৰ পৰা প্ৰায় ১৮ কি মি উত্তৰ পশ্চিমত “খুমটাই” অৱস্থিত। ইয়াৰ পূবে ঢেকিয়াল মৌজা , পশ্চিমত মহুৰা মৌজা , উত্তৰে ৰঙা মাটি মৌজা আৰু দক্ষিণ দিশত মৰঙী মৌজা। খুমটাইৰ মাজেৰেই পাৰ হৈ গৈছে ইতিহাস প্ৰসিদ্ধ ধোদৰ আলি। সাহিত্যিক ড° লীলা গগৈ দেৱৰ মতে খুম মানে পুখুৰী আৰু তাই মানে আহোম সকলক বুজোৱা হৈছে। অৰ্থাৎ খুমটাই মানে আহোমৰ পুখুৰী। আন এগৰাকী ইতিহাস বিদ পদ্মেশ্বৰ ফুকনৰ অসম বুৰঞ্জী ৰ মতে খুনটাই হৈছে মানুহৰ নামেৰে এক খেলৰ নাম। তাই ভাষাত খুন মানে থুপ খোৱা আৰু তাই মানে আহোম সকলক বুজোৱা হৈছে। এই অঞ্চলটোক জনসাধাৰণৰ মাজত পাতপৰা খুমটাই বুলিও জনা যায়। জনগাথনি: বিভিন্ন জাতি জনজাতিৰ মিলনভূমি এই খুমটাই। প্ৰধানত: আহোম ,বড়ো , কলিতা , চুতীয়া, নেপালী সম্প্ৰদায়ৰ আৰু ইছলাম ধৰ্মাৱলম্বী লোক আছে যদিও গৰিষ্ঠ সংখ্যক লোক আহোম সম্প্ৰদায়ৰ ৷ ইংৰাজ সকলে খুমটাই চাহ বাগিচা স্থাপন কৰাৰ লগে লগে ভাৰতৰ অন্যান্য ঠাই যেনে উৰিষ্যা , অন্ধ্ৰপ্ৰদেশ, বংগ আদি ৰাজ্যৰ পৰা ইয়ালৈ চাহ শ্ৰমিকৰ আগমন ঘটে। ১০৬ নং খুমটাই সমষ্টি। ৬৭ নং খুমটাই উপ জিলা। সদৰ -- খুমটাই।

        গাওঁ - খুমটাই,  ডাক - খুমটাই   , মৌজা -- খুমটাই , সমষ্টি - খুমটাই  ,  মূখ্য পথ - ধোদৰ আলি, জিলা - গোলাঘাট  ,  অসম ,  পিন নং - ৭৮৫৫৬১৯ ।
       যাতায়ত।  -। উত্তৰে উজনি অসমৰ পৰা নামনি অসমক সংযোগ কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বীৰ শ্বহীদ কেপ্তেইন জিন্টু গগৈ পথেদি মাত্ৰ ৭.৫০০ কি: মি: ,  দক্ষিণে - নুমলীগড়ৰ পৰা আৰম্ভ হোৱা নাগালেণ্ড, মনিপুৰলৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ( মৰঙি আলিয়েদি ) মাত্ৰ ৪.০০ কি: ম:  দূৰত্ব ,  পূৱে - গোলাঘাট জিলাৰ সদৰলৈ ধোদৰ আলিয়েদি মাত্ৰ ১৮.০০ কি: মি: , আৰু পশ্চিমে - গুৱাহাটী মূখী কমাঁৰ গাৱলৈ ( ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ  ) ধোদৰ আলিয়েদি মাত্ৰ ৯.০০ কি: মি: । 
           আন্তঃগাথঁনি - 
        ১/প্ৰথমে খুমটাই চাৰিআলিত বৃহৎ ভূমিৰ সৈতে খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয় অৱস্থিত।
       ২/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সমীপতে বৃহৎ ভূমিৰ সৈতে খুমটাই আৰক্ষী চকী অৱস্থিত।
       ৩/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সমীপতে খুমটাই পৰিদৰ্শন ভৱন অৱস্থিত।
      ৪/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সমীপতে ( ১.০০ কি মি: )  আদৰ্শ চিকিৎসালয় অৱস্থিত।
      ৫/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সমীপতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ নিগম ( APDCL) ৰ নিয়ন্ত্ৰণ কক্ষ অৱস্থিত।
        ৬/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সমীপতে বৃহৎ খোৱা পানীৰ যোগান আঁচনি অৱস্থিত।
       ৭/  খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সমীপতে থকা খুমটাই গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত ৰাজহুৱা সুবিধা কেন্দ্ৰ উপলব্ধ।
        ৮/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সমীপতে আছে সাপ্তাহিক বুধবৰীয়া বজাৰ , খুমটাই বাগান দৈনিক বজাৰ , সাপ্তাহিক পতিয়া দেওবৰীয়া বজাৰ  ।
         ৯/ শিক্ষা --(১)  খুমটাই আদৰ্শ প্ৰাথমিক বিদ্যালয় , (২) মধ্য খুমটাই প্ৰাথমিক বিদ্যালয়, (৩) লেটেকুচাপৰি  প্ৰাথমিক বিদ্যালয়  , (৪) বাল্য বিকাশ প্ৰাথমিক বিদ্যালয় , (৫) চুঙিহোলা প্ৰাথমিক বিদ্যালয় , (৬) বগৰনী প্ৰাথমিক বিদ্যালয় , (৭) ২ নং প্ৰাথমিক বিদ্যালয় , (৮) ৰমিদ পথাৰ প্ৰাথমিক বিদ্যালয়, (৯)  খুমটাই বাগান প্ৰাথমিক বিদ্যালয় , (১০) খুমটাই বাগান নতুন প্ৰাথমিক বিদ্যালয়, (১১) হৰিজন আদৰ্শ প্ৰাথমিক বিদ্যালয় , (১২) খুমটাই ম'হখুটি প্ৰাথমিক বিদ্যালয়।
        (১৩) বাল্য বিকাশ মধ্য ইংৰাজী বিদ্যালয় , (১৪) দেৱ কুমাৰ মধ্য ইংৰাজী বিদ্যালয় ।
        (১৫) জ্ঞানদীপ উচ্চ মাধ্যমিক বিদ্যালয়
        (১৬) খুমটাই উচ্চতৰ মাধ্যমিক বিদ্যালয়, 
        (১৭) জয়া গগৈ মহাবিদ্যালয় ,  (১৮) কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ  কেন্দ্ৰ।
      ১০/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ নিচেই কাষতে  (২.০০ কি: মি:) খুমটাই ৰেল ষ্টৈচন আৰু (৩.০০কি: মি:) নুমলীগড় ৰেল ষ্টেচন।
       ১১/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয় পৰা নুমলীগড় তেল শোধনাগাৰলৈ মাত্ৰ ৮.০০ কি: মি: ।
        ১২/ অসম ৰাজ্যিক পশু চিকিৎসালয় চংকলা মাত্ৰ ২.০০ কি:মি: ।
        ১৩/ কৃষি বিজ্ঞান কেন্দ্ৰ  (KVK )  ১.৫ কি:মি: দূৰত্ব ।
        ১৪/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সমীপতে পাঞ্জাৱ নেচনেল বেংক অৱস্থিত, লগতে ATM ৰ সুবিধা উপলব্ধ।
          ১৫/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয় সমীপতে খুমটাই সমবায় সমিতিৰ কাৰ্যালয় অৱস্থিত।
          ১৬/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয় অৱস্থিত খুমটাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে কেইবাশ বিঘা চৰকাৰী ভূমি আছে।
            ১৭/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সমীপতে খুমটাই ডাকঘৰ অৱস্থিত। পিন নং -৭৮৫৬১৯ ।
            ১৮/ খুমটাই ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সমীপতে খুমটাই বাগান খেল পথাৰ  অৱস্থিত। ইয়াত খেল পথাৰ হিচাপে ব্যৱহাৰ কৰাৰ ওপৰিও প্ৰয়োজন অনুসৰি চৰকাৰীভাৱে হেলিপেদৰো ব্যৱস্থা কৰা হয়।
           ১৯/ অঞ্চলটোৰ সুবিধাৰ বাবে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান আছে।