অসমৰ বড়োসকলৰ মাজত প্ৰচলিত খেৰাই পূজাত খেৰাই নৃত্য প্ৰদৰ্শন কৰা হয়। খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য। এই নৃত্য বাৰ প্ৰকাৰৰ:- বাৰ্ন গইদইং গ্ৰয় অৰ্থাৎ বেদী প্ৰদক্ষিণ কৰি কৰা নৃত্য,ছাত্ৰাৱাস মোছানয় অৰ্থাৎ গোড়া ধৰ্ম নৃত্য,খফ্ৰী চইব্ৰয় মানে জাপি লৈ কৰা নৃত্য,

খই জোতা পনয় মানে পোক পৰুৱা দূৰ কৰিবলৈ কৰা নৃত্য,গণ্ডোৱালা বন হয় অৰ্থাৎ পখিলা ধৰিবলৈ কৰা নৃত্য,ছাগোলন অৰ্থাৎ এই জগতলৈ জীৱন প্ৰৱাহৰ ধাৰা কিদৰে বৈ আহিল প্ৰদৰ্শন নৃত্য,মিজো জেলে নয় মানে ম'হৰ নৃত্য,নাও বনয় মানে নাৱৰ নৃত্য,গোৰাই দ্ৰাৱাই নৃত্য মানে ঘোঁৰাত উঠা নৃত্য,নফুৰ গেলেনয় মানে ভালুকৰ নৃত্য, দাওহাই লংনয় মানে কুকুৰা কাটি তাৰ ৰক্তপাত কৰা নৃত্য, আৰু পাপলা মোচানয় মানে বীৰৰ নৃত্য।